লালুকসোলা বৰফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লালোকসোলা বৰফুকনৰ পৰা পুনঃনিৰ্দেশিত)
লালুকসোলা বৰফুকন
জন্ম আহোম ৰাজ্য
মৃত্যু ১৬৮০ চন
মেটেকা
বংশদ্ভূত টাই-আহোমৰ লান ফিমা ফৈদৰ লুক খা খুন পৰিয়াল
পেচা নিমাতী ফুকন, নাওবৈচা ফুকন (শৰাইঘাটৰ ৰণৰ সময়ত), বৰফুকন
পদবী বৰফুকন (ফুকনলু'ঙ)
পূৰ্বসূৰী লাচিত বৰফুকন
উত্তৰসূৰী ভাৰধৰা বৰফুকন
পিতৃ-মাতৃ পিতৃঃ মোমাই তামুলী বৰবৰুৱা
সন্তান পুত্ৰঃ ফুপিত পানীফুকন, থুলুকা, অঙ্গৰা, জগৰা
আত্মীয়-স্বজন ভায়েকঃ লাচিত বৰফুকন, ভাৰধৰা বৰফুকন, লাও ডেকা, মৰঙ্গী বৰবৰুৱা, দতুকাড়ী

ভগ্নীঃ পাখৰী গাভৰু

ভাগিনীঃ ৰমণী গাভৰু

লালুকসোলা বৰফুকন (পদবীত থকা সময়ঃ ১৬৭২–৮০ চন) আহোম সাম্ৰাজ্যৰ এজন বৰফুকন আছিল। তেওঁ নিজে ৰজা হোৱাৰ আকাংক্ষাত শৰাইঘাটৰ যুদ্ধত অসমে জয় কৰা গুৱাহাটী পৰিত্যাগ কৰিছিল। ১৬৭২ চনত কনিষ্ঠ ভ্ৰাতৃ লাচিত বৰফুকনৰ দেহাৱসানৰ পিছত স্বৰ্গদেৱ চুন্যৎফা ওৰফে উদয়াদিত্য সিংহই লালুকসোলাক বৰফুকন হিচাপে নিযুক্তি দিছিল।[1] ১৬৮০ চনত ফুকন আৰু বৰুৱাসকলৰ দ্বাৰা তেওঁক হত্যা কৰা হয়।[2]

মোগলৰ সৈতে সন্ধি[সম্পাদনা কৰক]

১৬৭৭ চনৰ ছেপ্টেম্বৰ মাহত মোগল সম্ৰাট ঔৰংজেৱৰ পুত্ৰ আজম শ্বাহে গুৱাহাটীকে ধৰি নামনি অসম মোগলৰ হাতত এৰি দিবলৈ কৈ লালুকসোলা বৰফুকনলৈ কটকী পঠায় আৰু অস্বীকাৰ কৰিলে ভয়াৱহ পৰিণতি হ'ব বুলি সকীয়াই দিয়ে।[3] ইফালে আতন বুঢ়াগোহাঁইৰ বিপক্ষে নিজৰ শক্তি বঢ়াবৰ বাবে লালুকসোলাই মোগলৰ সহায় বিচাৰিবলৈ থিৰাং কৰে।[4] তেওঁ চুতাম্লাৰ ৰাজত্বকালত মোগলৰ লগ হোৱাৰ বাবে পলাই গৈ মোগল ৰাজ্যত থিতাপি লৈ থকা বাদুলী ডেকাফুকন(দদায়েক বাদুলী ফুকনৰ পুতেক)লৈ কটকী পঠিয়ায়। চিঠিত তেওঁ লিখে যে যদিহে বৰফুকনক অসমৰ ৰজা পতা যায় তেন্তে তেওঁ গুৱাহাটীৰ গড় মোগলক এৰি দিবলৈ ইচ্ছুক। আজম শ্বাহ এই প্ৰস্তাৱত মান্তি হয় আৰু গুৱাহাটী মোগলক গতাই দিলে অতিৰিক্ত চাৰি লাখ টকা দিবলৈকো ৰাজী হয়।[5] সেইমতে চনৰ ২৬ ফেব্ৰুৱাৰীত মনচুৰ খান আৰু বাদুলী ডেকাফুকনে গুৱাহাটীৰ দুৰ্গ চমজি লয়।[6][7]

ক্ষমতা লাভ[সম্পাদনা কৰক]

পৰৱৰ্ত্তী সময়ত লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্‌ফাক ৰজা পাতে আৰু আহোম ৰাজবংশৰ কোঁ‌ৱৰসকলৰ অংগক্ষত কৰোৱাই তেওঁ‌লোকক ৰজা হোৱাৰ অনুপযুক্ত কৰি তোলে। অচিৰেই তেওঁ‌ ৰাজমন্ত্ৰী ফুকন হিচাপে নতুন বিষয়বাব লাভ কৰি সৰ্বোচ্চ ক্ষমতা লাভ কৰে।[8][9]

মৃত্যু[সম্পাদনা কৰক]

১৬৮০ চনৰ (১৬০২ শক) ২৪ নৱেম্বৰত বুঢ়াগোহাঁ‌ই আৰু অন্যান্য বিষয়াৰ সহযোগত ভোটাই ডেকা, মাধৱ তামূলী আৰু আঘোণা কছাৰীয়ে ৰাতি শুই থাকোঁ‌তেই লালুকসোলা বৰফুকনক হত্যা কৰে। তেওঁ‌ৰ তিনিজন পুত্ৰৰো প্ৰাণনাশ কৰাৰ লগতে ভায়েক মৰঙ্গী বৰবৰুৱাক হাতীশালত বন্দী কৰি থোৱা হয়।[10][11]

টোকা[সম্পাদনা কৰক]

  1. (Gogoi 1968, পৃষ্ঠা 479)
  2. (Gogoi 1968, পৃষ্ঠা 494f)
  3. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 142
  4. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 145
  5. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 10
  6. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 157
  7. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 11
  8. S. K. Bhuyan, Atan Buragohain and His Times, Lawyers book stall, 1957, page 186-187
  9. Hiteswar Barbaruah, Ahomar-Din or A History of Assam under the Ahoms, 1981, page 218
  10. S. K. Bhuyan, Atan Buragohain and His Times, Lawyers book stall, 1957, page 199-201
  11. Hiteswar Barbaruah, Ahomar-Din or A History of Assam under the Ahoms, 1981, page 217

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Gogoi, Padmeshwar (1968), The Tai and the Tai kingdoms, Gauhati University, Guwahati 
  • Bhuyan S. K. ATAN BURAGOHAN AND HIS TIMES, first edition 1957 Lawyers Book Stall, Guwahati
  • Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati
  • Hiteswar Barbaruah, Ahomar-Din or A History of Assam under the Ahoms, 1981