ঘিলাধাৰী ঘাটৰ সন্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঘিলাঝাৰি ঘাটৰ সন্ধি মোগল সম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হোৱা সন্ধি। ১৬৬৩ চনৰ ২৩ জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলায়ে শিৱসাগৰৰ তিপামৰ ওচৰৰ ঘিলাঝাৰি ঘাট নামে ঠাইত এই সন্ধিত স্বাক্ষৰ কৰিছিল। এই সন্ধিৰ ফলত বুজন পৰিমাণত যুদ্ধৰ ক্ষতিপূৰণ দি মোগলৰ হাতৰ পৰা আহোমে ৰাজধানী গড়গাঁও ঘূৰাই পায়।

পটভূমি[সম্পাদনা কৰক]

বংগৰ চুবেদাৰ মীৰ জুমলাক মোগল সম্ৰাট ঔৰংজেৱে অসম আক্ৰমণৰ বাবে পঠিয়াইছিল। ১৬৬১ চনত আহোম ৰাজ্য আক্ৰমণ কৰে আৰু আহোম সৈন্যক কেইবাটাও সংঘৰ্ষত পৰাস্ত কৰে। ১৬৬২ চনৰ মোগলৰ একাদশতম আক্ৰমণত মোগলে আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। জয়ধ্বজ সিংহ ৰণৰ পৰা পলাই যাব লগা হৈছিল বাবে তেখেতক ভগনীয়া ৰজা বোলা হয়। কিন্তু আতন বুঢ়াগোহাঁইদগ্গা যুদ্ধ বা গৰিলা যুদ্ধ আৰু নেৰানেপেৰা বৰষুণৰ ফলত মোগল সৈন্যৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাৰ বাবে মিৰজুমলাই অসমখন মোগলৰ অধীনলৈ নিব নোৱাৰিলে। এই কথা আহোম ৰজা জয়ধ্বজ সিংহই জনা নাছিল আৰু তেওঁ মিৰজুমলাৰ লগত শান্তিৰ বাবে সন্ধিৰ প্ৰস্তাৱ দিয়ে।[1] ১৬৬৩ চনত আহোম আৰু মোগলৰ মাজত তিপামৰ ঘিলাধাৰী নামে ঠাইত ঠাইত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৱে অসমৰ সকলো ত্যাগ কৰি সুদূৰ দিল্লীলৈ যাব লগা হৈছিল।

চৰ্তসমূহ[সম্পাদনা কৰক]

ঘিলাধাৰী ঘাটৰ সন্ধিৰ চৰ্তসমূহ হ'ল:

  1. স্বৰ্গদেউ জয়ধ্বজ সিংহ একমাত্ৰ জী ৰমণী গাভৰুক মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ সৈতে বিয়া দিব লাগিব।[2]
  2. ২০ হাজাৰ তোলা সোণ, ইয়াৰ ছয়গুণ ৰূপ আৰু ৪০টা হাতী আহোমে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মোগলক দিব লাগিব।
  3. ৩০০ হাজাৰ তোলা ৰূপ আৰু ৯০টা হাতী আহোমে ক্ষতিপূৰণ হিচাপে অনাগত ১২ মাহৰ ভিতৰত যোগান ধৰিব লাগিব।
  4. এইখিনি যোগান নধৰালৈকে ছয় গৰাকী ডাঙৰীয়াৰ পুত্ৰ মোগলৰ অধীনত থাকিব।
  5. প্ৰতি বছৰে ২০টা হাতী আহোমে মোগলক যোগান ধৰিব।
  6. ব্ৰহ্মপুত্ৰৰ নদীৰ উত্তৰ পাৰৰ ভৰলী নদী আৰু দক্ষিণ পাৰৰ কলং নদী আহোম আৰু মোগলৰ সীমা হব।
  7. মোগলে যুদ্ধবন্দী সকলক আৰু বাদুলী ফুকনৰ পৰিয়ালক মুক্ত কৰিব।[3]

ফলাফল[সম্পাদনা কৰক]

এই সন্ধি মতে আহোমে ৰাজধানী গড়গাঁও মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰে আৰু স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জী ৰমণী গাভৰুক দিল্লীলৈ পঠোৱা হয়। এই মতে ১৬৬৩ চনৰ ১৫ জানুৱাৰীত ৰমণী গাভৰু মোগল সম্ৰাট ঔৰংজেৱৰ সভাত উপস্থিত হয়।[4] তেওঁক ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ পাছত ৰহমত বানু বেগম নাম দিয়া হয়।[5] পাঁচ বছৰৰ ১৬৬৮ চনৰ ১৩ মে'ত তেওঁক দিল্লীত আনুষ্ঠানিকভাৱে ঔৰংজেৱৰ পুত্ৰ মহম্মদ আজম শ্বাহলৈ (আজমতাৰা) ১,৮০,০০০ টকাৰ যৌতুকৰ সৈতে বিয়া দিয়া হয়।[6][7][8]

১৬৭১ চনত নতুন আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাই সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধগুৱাহাটী উদ্ধাৰ কৰে। [9]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  • Gait, Edward A. A History of Assam. Calcutta, 1906.
  1. (Sarkar 1992:187)
  2. The princess was six-year-old Romoni (Nangsen) Gabhoru, daughter of Jayadhwaj Singha and Pakhori Gabhoru. She was married as Rahmat Banu Begum to Muhammad Azam Shah, the son of Aurangzeb in 1668. She famously resisted Laluksola Borphukan's plan to hand over Guwahati to her husband. She died suddenly while at Dhaka and buried at Lalbagh.
  3. Baduli Phukan, who was the Neog Phukan and commander-in-chief of the Ahom forces had defected to the Mughal side in September, 1662 along with many followers. He was Momai Tamuli Borbarua's (and Pakhori Gabhoru's) brother. He was made Subedar of the region between Gargaon and Namrup. He went to Dhaka with Mir Jhumla and played a role when Laluksola Borphukan deserted Guwahati in 1679.
  4. Sarkar, Jadunath (1947). Maasir-i-Alamgiri: A History of Emperor Aurangzib-Alamgir (reign 1658-1707 AD) of Saqi Mustad Khan. Royal Asiatic Society of Bengal, Calcutta. 
  5. Islamic Culture - Volumes 21-22. Islamic Culture Board. 1971. পৃষ্ঠা. 112. 
  6. Bhuyan, Suryya Kumar (1957). Atan Buragohain and His Times: A History of Assam, from the Invasion of Nawab Mir Jumla in 1662-63, to the Termination of Assam-Mogul Conflicts in 1682. Lawyer's Book stall. পৃষ্ঠা. 31. 
  7. Pathak, Dayananda (2002). Pickings from the Cottonian. Cotton College Centenary Celebration Committee, Cotton College. পৃষ্ঠা. 102. 
  8. Shashi, S. S. (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh. Anmol Publications. পৃষ্ঠা. 2078. ISBN 978-8-170-41859-7. 
  9. Pathak 2008, পৃষ্ঠা. 12.