সমললৈ যাওক

নৱগ্ৰহ মন্দিৰ, গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নৱগ্ৰহ মন্দিৰৰ পৰা পুনঃনিৰ্দেশিত)
নৱগ্ৰহ মন্দিৰ, গুৱাহাটী

নৱগ্ৰহ মন্দিৰ

নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ।

এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো ন-কৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। ১৮৯৭ চনত বৰ ভূঁইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয়।

নৱগ্ৰহ মন্দিৰৰ মূল দেৱতাসকল

মন্দিৰৰ কাৰ্যপন্থা

[সম্পাদনা কৰক]

মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনিয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়। এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয়[1]।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]