সমললৈ যাওক

চুণেণফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(প্ৰমত্তসিংহৰ পৰা পুনঃনিৰ্দেশিত)
চুণেণফা
চাওফা
১৭৪৪–১৭৫১
সম্পূৰ্ণ নাম
চাওফা চ্যু-ণেণ-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম হিন্দু ধৰ্ম

চাওফা চ্যু-ণেণ-ফা, চুণেণফা, বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ শিৱ সিংহৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।[1] স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল। ১৭৪৫ চনত এওঁ পুনৰায় জমিৰ জৰীপ কৰায় আৰু মানুহৰ পিয়ল কৰায়। ৰজাৰ কাৰেংঘৰ এওঁ পকী কৰে।[1] ১৭৪৬ চনত প্ৰমত্ত সিংহই ৰংপুৰৰংঘৰ নিৰ্মাণ কৰে। এই ৰংঘৰৰ সন্মুখৰ বহল পথাৰত বিহু-নাচ, ম’হ-যুঁজ, হাতী-যুঁজ আদি নানা ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হৈছিল। ৰজা আৰু ডা-ডাঙৰীয়া সকলে ৰংঘৰৰ ওপৰৰ পৰা সেই ধেমালি উপভোগ কৰিছিল।[1]

আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯
ৰংঘৰ
প্ৰমত্তসিংহৰ দিনৰ ৰূপৰ মুদ্ৰা

প্ৰমত্ত সিংহই ৰাজত্ব কালত বিভিন্ন দৌল আৰু অট্টালিকা নিৰ্মাণ কৰিছিল। গুৱাহাটীশুক্লেশ্বৰ দেৱালয় আৰু উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় এইজন ৰজাই নিৰ্মাণ কৰিছিল।[1] ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত হাজোত এটা গণেশ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহৰ মৃত্যু হয়।[1]

লগতে চাওক

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৮৬.
  • Baruah, S L (1993), Last Days of Ahom Monarchy: A History from 1769 to 1826, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi.