সমললৈ যাওক

চুৰাম্‌ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ্যু-ৰম-ফাৰ পৰা পুনঃনিৰ্দেশিত)
চুৰাম্‌ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡
চাওফা

অসমৰ ৰজা
১৬৪১ – ১৬৪৪ খ্ৰীষ্টাব্দ
প্ৰতাপ সিংহ
চুত্যিন্‌ফা
সম্পূৰ্ণ নাম
চাওফা চ্যু-ৰম-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
পিতৃ প্ৰতাপ সিংহ
ধৰ্ম আহোম ধৰ্ম

চাওফা চুৰাম্‌ফা বা চ্যু-ৰম-ফা আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡,ইংৰাজী: Suramphaa) আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল।[1] এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰাই তেওঁৰ তিৰোতাজনী লৈ আহিছিল। এই তিৰোতাজনীয়ে লগত ভতিজা ল’ৰা এটাও আনিছিল। ৰজাৰ পুত্ৰ নথকাত তাকে পুত্ৰৱতে মৰম-চেনেহ কৰি ৰজা পাতিবলৈ মন মেলিছিল। পিছে ল’ৰাটোৰ ৰজা হোৱাৰ আগতেই মৃত্যু হৈছিল। চুতীয়া তিৰোতাজনীৰ কথামতে ল’ৰাটোৰ মৈদামত পুতিবলৈ ভগাৰজাই ডাঙৰীয়া সকলৰ ল’ৰা একোটি খুজিছিল। ইয়াতে ডাঙৰীয়াসকল বিতুষ্ট হৈ চুৰমফাক ৰজা ভাঙি চুত্যিন্‌ফাক ৰজা পাতিছিল। চুৰমফা ক দূৰৈৰ পাহাৰলৈ নি তাতে থাকিবলৈ দিয়া হৈছিল; আৰু কিছুদিন পিছত তেওঁক তাতে বধ কৰোৱা হৈছিল।[1] ভগাৰজাৰ দিনৰ প্ৰধান কাম হৈছে শলগুৰি আলি নিৰ্মাণ।

আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৬৪, ৬৫ পৃষ্ঠা.