সমললৈ যাওক

ভীমসেন যোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভীমসেন যোশী
ಭೀಮಸೇನ ಜೋಷಿ
পৃষ্ঠভূমি
জন্ম ৪ ফেব্ৰুৱাৰী, ১৯২২
ৰণ, কৰ্ণাটক, ভাৰত
মৃত্যুৰ তাৰিখ ২৪ জানুৱাৰী, ২০১১ (৮৮ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ ধৰণ ভাৰতীয় শাস্ত্ৰীয় সংগীত
পেচা হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, ভজন (কন্নড়, মাৰাঠী আৰু হিন্দী)
সক্ৰিয়তাৰ বছৰ ১৯৪১-২০০০

ভীমসেন যোশী (en:Bhimsen Joshi); [1] জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১) এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰি তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।

ভাৰতৰ সংগীত জগতত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭২ চনত পদ্মশ্ৰী, ১৯৭৫ চনত সংগীত নাটক অকাডেমি আৰু ১৯৮৫ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ১৯৯৮ তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে।[2] ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।[3] তেওঁ হিন্দী, কন্নড়, মাৰাঠীৰ দৰে একাধিক ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভীমসেন যোশীৰ জন্ম হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ ধৰৱাদ জিলাৰ ৰনত এটি কানাড়া দেশস্থ মাধৱ ব্ৰাহ্মণ পৰিয়ালত। [4][5] পিতৃ গুৰুৰাজৰাও যোশী আৰু মাতৃ গোদাবৰীবাই। তেওঁৰ পিতৃ গুৰুৰাজ যোশী স্কুলৰ শিক্ষক আছিল। ১৬ গৰাকী ভাই-ভনীৰ ভিতৰত ভীমসেন আছিল জ্যেষ্ঠ। তেওঁ কম বয়সতে মাকক হেৰুৱাইছিল।[6]

শিশু অৱস্থাত যোশীয়ে সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। লগতে হাৰমনিয়াম আৰু তানপুৰাৰ দৰে বাদ্যযন্ত্ৰৰ প্ৰতিও আকৰ্ষিত হৈছিল [7] আৰু প্ৰায়ে সংগীত দলৰ সৈতে শোভাযাত্ৰা অনুসৰণ কৰিছিল। কিন্তু এই অভ্যাসে তেওঁক প্ৰায়ে ভাগৰুৱা কৰি তুলিছিল আৰু তেওঁ ক’ৰবাত ভাগৰুৱা হৈ শুই পৰিছিল। যাৰ ফলত তেওঁৰ সন্ধান উলিয়াবলৈ কৰা প্ৰচেষ্টা বিফল হোৱাৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰলৈ যাবলৈ বাধ্য হৈছিল। বিৰক্ত হৈ পিতৃ গুৰুৰাজাচাৰ্য্য যোশীয়ে যোশীৰ চাৰ্টত "শিক্ষকৰ পুত্ৰ যোশী" বুলি লিখি দিছিল। এইটোৱে কাম কৰিলে আৰু পাছত যিসকলে ল'ৰাটোক শুই থকা দেখিলে তেওঁলোকে তেওঁক নিৰাপদে ঘৰলৈ ঘূৰাই পঠিয়াবলৈ ধৰিলে।[8]

সংগীতৰ প্ৰশিক্ষণ

[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম সংগীত শিক্ষক আছিল ধোবি সম্প্ৰদায়ৰ কুৰ্তাকোটিৰ চান্নাপ্পা, যিয়ে প্ৰবীণ গায়ক ইনাত খানৰ সৈতে প্ৰশিক্ষণ লৈছিল। ৰাগ ভৈৰৱ আৰু ভীমপালাছী শিকাৰ পিছত আন শিক্ষকৰ উন্নত প্ৰশিক্ষণৰ লগতে তেওঁ গঢ়ি তোলা একমাত্ৰ অনন্য জোৰদাৰ ৰেণ্ডাৰ শৈলীৰ কাৰণ হ’ল চান্নাপ্পাৰপৰা লাভ কৰা মৌলিক প্ৰশিক্ষণ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Films Division Interview". https://www.youtube.com/watch?feature=player_detailpage&v=cip5Q6fadNI#t=481. 
  2. "SNA: List of Sangeet Natak Academi Ratna Puraskarwinners (Akademi Fellows)". Official website. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304023617/http://sangeetnatak.gov.in/sna/fellowslist.htm. 
  3. "Bharat Ratna for Vocalist Pandit Bhimsen Joshi". Rediff. Archived from the original on 14 February 2009. http://www.rediff.com/news/2008/nov/04ratna.htm। আহৰণ কৰা হৈছে: 21 February 2009. 
  4. "Bharat Ratna Bhimsen Joshi". Outlook India. https://www.outlookindia.com/website/story/bharat-ratna-bhimsen-joshi/238862. "Bhimsen Gururaj Joshi was born in a Kannadiga Brahmin family on February 4, 1922 in Gadag, an idyllic village in Dharwad district of Karnataka." 
  5. Kasturi Paigude Rane (2021). Pandit Bhimsen Joshi. Publications Division Ministry of Information & Broadcasting. পৃষ্ঠা. 13. ISBN 9789354092619. https://books.google.com/books?id=RJBEEAAAQBAJ&pg=PT13। আহৰণ কৰা হৈছে: 11 January 2022. "Eldest of 16 siblings, Bhimsen Joshi is born to a family that belonged to a Kannada Deshastha Madhva Brahmin lineage. His family cherished and preserved traditional values for many generations and learning and fellowships were an integral part of their life." 
  6. Nadkarni, Mohan (1994). Bhimsen Joshi : A Biography. Indus Publishing. ISBN 8172231261. http://www.goodreads.com/book/show/3307165-bhimsen-joshi। আহৰণ কৰা হৈছে: 28 February 2014. 
  7. "Biography – Bhimsen Joshi". Hindi Lyrics. http://www.hindilyrics.net/profiles/bhimsen-joshi.html। আহৰণ কৰা হৈছে: 28 February 2014. 
  8. Pattanashetti, Girish (25 January 2011). "Ron was his home and his heart". The Hindu (Chennai, India). http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/gadag-was-his-home-and-his-heart/article1122767.ece. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]