পৰমবীৰ চক্ৰ
পৰমবীৰ চক্ৰ | ||
![]() ![]() | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | সামৰিক
বঁটা | |
বৰ্ণনা | বৃত্তাকাৰ পদকৰ মাজত ৰাষ্ট্ৰীয় প্ৰতীক অশোক চক্ৰ আৰু তাৰ চাৰিওফালে বজ্ৰ খোদিত থাকে। লগতে ইংৰাজী আৰু হিন্দী ভাষাত পৰমবীৰ চক্ৰ বুলি লিখা থাকে। | |
প্ৰতিষ্ঠা | ৩ নৱেম্বৰ, ১৯৪৭ | |
অন্তিমবাৰ প্ৰদান | ৬ জুলাই, ১৯৯৯ | |
মুঠ প্ৰদানৰ সংখ্যা | ২১ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
প্ৰথম প্ৰাপক | সোমনাথ শৰ্মা, ১৯৪৭ | |
অন্তিম প্ৰাপক | * মনোজ কুমাৰ পাণ্ডে
| |
বঁটাৰ মৰ্যদা | ||
ভাৰত ৰত্ন ← পৰমবীৰ চক্ৰ → অশোক চক্ৰ |
পৰমবীৰ চক্ৰ ভাৰত সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰত শত্ৰুৰ সন্মুখীন হৈ অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয় আৰু ২১ জন পদক প্ৰাপকৰ ভিতৰত ১৪জনকে মৰণোত্তৰ ভাবে এই পদক প্ৰদান কৰা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডেল অফ অনাৰ আৰু যুক্তৰাষ্ট্ৰৰ ভিক্টৰিয়া ক্ৰছৰ সমতুল্য পৰমবীৰ চক্ৰ[1] ১৯৫০ চনৰ ২৬ জানুৱাৰী মাহৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰম্ভ কৰিছিল। কিন্তু পদকৰ কাৰ্যকাল ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়। স্বাধীন ভাৰতত ই ব্ৰিটিছ ঔপনিবেশিক সামৰিক সন্মান ভিক্টৰিয়া ক্ৰছৰ পৰিবৰ্তে আৰম্ভ হয়। ভাৰতৰ সামৰিক বাহিনীৰ যি কোনো শাখাৰ সদস্যক এই পুৰস্কাৰ দিয়া হয়। এই পদকৰ স্থান ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ পিছতেই অৱস্থিত।
এই পদকপ্ৰাপ্ত ব্যক্তি সকলে তেওঁলোকৰ নামৰ পিছত ইংৰাজী P.V.C. (Param Vir Chakra-ৰ সংক্ষেপ ৰূপ) উপাধি হিচাপে ব্যৱহাৰ কৰিব পাৰে। লেফটেনেন্ট পদতকৈ নিম্ন পদমৰ্যাদাৰ পদকপ্ৰাপকৰ বাবে নগদ অৰ্থয়ো প্ৰদান কৰা হয়। পদকপ্ৰাপকৰ মৃত্যু হলে তেওঁৰ বিধৱা পত্নীৰ মৃত্যু বা পুনৰ বিবাহ পৰ্যন্ত পেঞ্চন দিয়া হয়। ২০১৪ চনৰ আগষ্ট মাহত এই পেঞ্চনৰ পৰিিমাণ ₹ ১০,০০০ আছিল।[2] ইয়াৰ বাহিৰেও কেইবাখনো ৰাজ্য চৰকাৰে নিজাববীয়াকৈ পেঞ্চনৰ ব্যৱস্থা কৰে।
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "Param Vir Chakra (PVC)". India: National Portal of India. http://knowindia.gov.in/myindia/myindia_frame.php?id=13। আহৰণ কৰা হৈছে: 2014-08-13.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;PVC
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই