সোমনাথ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেজৰ
সোমনাথ শৰ্মা
পৰমবীৰ চক্ৰ

২০০৩ চনৰ ভাৰতৰ ডাক টিকটত মেজৰ শৰ্মা
জন্ম ৩১ জানুৱাৰী, ১৯২৩
দাধ, কংৰা জিলা, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ৰাজ (বৰ্তমানৰ হিমাচল প্ৰদেশ, ভাৰত)
মৃত্যু ৩ নৱেম্বৰ, ১৯৪৭ (২৪ বছৰ)
২৪) বদগাম, জম্মু আৰু কাশ্মীৰ, ভাৰত অধিৰাজ্য
আনুগত্য  ভাৰত
 ভাৰত
চাকৰি/শাখা  British Indian Army
 ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১৯৪২—১৯৪৭
পদমৰ্যদা মেজৰ
চাৰ্ভিছ নাম্বাৰ IC-521[1]
ইউনিট ৪ নং বেটেলিয়ন, কুমাওন ৰেজিমেণ্ট
যুদ্ধ-বিগ্ৰহ দ্বিতীয় বিশ্বযুদ্ধ

১৯৪৭ৰ ভাৰত-পাকিস্তানী যুদ্ধ

পুৰস্কাৰ
সম্পৰ্কীয় জেনেৰেল বিশ্বনাথ শৰ্মা (ভাতৃ)

সোমনাথ শৰ্মা এগৰাকী ভাৰতীয় সেনাৰ বিষয়া আছিল। তেওঁকেই প্ৰথম ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল।[2] ১৯৪২ চনত শৰ্মাক ১৯ নং হায়দৰাবাদ ৰেজিমেণ্টৰ অষ্টম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল।[3] দ্বিতীয় বিশ্বযুদ্ধত আৰাকান অভিযানত তেওঁ বাৰ্মাত সেৱা আগবঢ়াইছিল, যাৰবাবে তেওঁৰ নাম ডেচপেচত উল্লেখ কৰা হৈছিল। ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত তেওঁ কৰ্তব্য পালন কৰি থকা সময়তে; ১৯৪৭ চনৰ ৩ নৱেম্বৰত শ্ৰীনগৰ বিমান বন্দৰৰ ওচৰত পাকিস্তানী অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ সময়তে তেওঁ নিহত হয়। বদগাম যুদ্ধৰ সময়ত তেওঁৰ বীৰত্ব আৰু ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে “পৰমবীৰ চক্ৰ’’ৰে সন্মানিত কৰা হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

সোমনাথ শৰ্মাৰ ডোগ্ৰাৰ এক ব্ৰাহ্মণ পৰিয়ালত জন্ম হয়।[4] ১৯২৩ চনৰ ৩১ জানুৱাৰীত পঞ্জাৱৰ কাংৰাৰ দাধত জন্মগ্ৰহণ কৰা শৰ্মাৰ পিতৃৰ নাম আছিল অমৰনাথ শৰ্মা। অমৰনাথ শৰ্মা এগৰাকী মিলিটাৰী বিষয়া আছিল।[5] সোমনাথ শৰ্মাৰ কেইবাজনো ভাই-ভনীয়ে সেনাবাহিনীত সেৱা আগবঢ়াইছিল।[1] ভাতৃ লেফটেনেণ্ট জেনেৰেল সুৰিন্দ্ৰনাথ শৰ্মা অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, তেওঁৰ কনিষ্ঠ ভাতৃ বিশ্বনাথ শৰ্মা, পৰৱৰ্তী কালত ১৯৮৮-৯০ৰ সময়ছোৱাত ভাৰতীয় সেনা বাহিনীত ১৪নং সেনাধ্যক্ষ হ’ব পাৰিছিল। তেওঁৰ ভনীয়েক কমলা তিৱাৰী সেনাবাহিনীৰ মেডিকেল অফিচাৰ,[1] আৰু দ্বিতীয়গৰাকী ভনী মনোৰমা শৰ্মা এগৰাকী শিক্ষাবিদ আৰু সমাজকৰ্মী আছিল। সোমনাথ শৰ্মাই ডেৰাডুনৰ “প্ৰিন্স অৱ ৱেলছ্ ৰয়েল মিলিটেৰী কলেজ"ত নামভৰ্তি কৰাৰ পূৰ্বে নাইনিতালৰ শ্বেৰউড কলেজত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। পিছলৈ তেওঁ চেণ্ডহাৰ্ষ্টৰ ৰয়েল মিলিটেৰী কলেজত অধ্যয়ন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] শৈশৱত সোমনাথ শৰ্মা ককাদেউতাকে শুনোৱা ভাগৱতৰ কৃষ্ণ আৰু অৰ্জুনৰ চৰিত্ৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[5]

সামৰিক জীৱন[সম্পাদনা কৰক]

১৯৪২ চনৰ ২২ ফেব্ৰুাৱৰীত “ৰয়েল মিলিটাৰী কলেজ’’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সোমনাথ শৰ্মাক বৃটিছ ভাৰতীয় সেনাবহিনীৰ নৱম বেটেলিয়ন ১৯ নং ৩৪ হায়দৰাবাদ ৰেজিমেণ্টত নিযুক্তি দিয়া হয়(পিছলৈ ভাৰতীয় সেনাৰ ৪ৰ্থ বেটেলিয়ন, কুমাওন ৰেজিমেণ্টলৈ পৰিণত হয়)।[1][6] দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আৰাকান অভিযানৰ সময়ত বাৰ্মাত জাপানীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দেখিছিল। সেই সময়ত তেওঁ কৰ্ণেল কে, এছ, থিম্মাইয়াৰ নিৰ্দেশত কাম কৰিছিল, যিজন পিছলৈ ১৯৫৭ চনত সেনাৰ জেনেৰেল আৰু ১৯৬১ চনত সেনাবাহিনীৰ মুখ্য বিষয়া হৈছিল। আৰাকান যুদ্ধত তেওঁৰ অংশগ্ৰহণৰ কথা শৰ্মাৰ আদেশপত্ৰত উল্লেখ কৰিছিল আৰু তেওঁৰ বঁটাৰ কথা ১৯৪৬ চনৰ চৰকাৰী আদেশ পত্ৰত উল্লেখ কৰা হৈছিল।[5][7] সামৰিক জীৱনত সোমনাথ শৰ্মা তেওঁৰ ককাক কে,ডি, বাসুদেৱৰ বীৰত্বপূৰ্ণ কৰ্মৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। বাসুদেৱে ৮ম বেটেলিয়নত কাম কৰিছিল আৰু মালয় অভিযানত অংশগ্ৰহণ কৰি সেইসময়ত তেওঁৰ কামাণ্ডত থকা শ শ সৈন্যক জাপানী আক্ৰমণৰ পৰা ৰক্ষণাবেক্ষণ দিবলৈ গৈ মৃত্যুবৰণ কৰিছিল।[5]

বাদগামৰ যুদ্ধ[সম্পাদনা কৰক]

১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানে কাশ্মীৰ উপত্যকাত কৰা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ২৭ অক্টোবৰত ভাৰতীয় সেনাবাহিনীৰ এটা দলক বিমানেৰে শ্ৰীনগৰত অৱতৰণ কৰোৱা হয়। ৩১ অক্টোবৰত কুমাওন ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়নৰ D কোম্পানীক সোমনাথ শৰ্মাই নেতৃত্ব দিয়ে। সেইসময়ত তেওঁৰ বাঁওহাতখন হকীখেলত পোৱা আঘাতৰ বাবে প্লাষ্টাৰ কৰা আছিল যদিও যুদ্ধত তেওঁ নিজৰ বাহিনীৰ সৈতে থাকিবলৈ জোৰ কৰাৰ বাবে তেওঁক যাবলৈ অনুমতি প্ৰদান কৰে।[1]

৩ নৱেম্বৰত বাদগাম অঞ্চলত তিনিটা কোম্পানীৰ এটা দল তহলদাৰী কৰ্তব্যত নিয়োজিত কৰা হয়। তেওঁলোকৰ কাম আছিল, উত্তৰ দিশৰ পৰা শ্ৰীনগৰ চহৰ অভিমুখে গতি কৰা অনুপ্ৰৱেশকাৰীক পৰীক্ষা কৰা। শত্ৰুৰ কোনো গতিবিধি চকুত নপৰাত তিনিটাৰ ভিতৰত দুটা সেনা দল ৰাতি ২ বজাত শ্ৰীনগৰলৈ উভতি আহিছিল যদিও শৰ্মাৰ D কোম্পানীক ৰাতি ৩ বজালৈ থকাৰ হুকুম দিয়া হৈছিল। ৰাতি ২ বাজি ৩৫ মিনিটত বাদগামৰ এটা স্থানীয় লোকৰ ঘৰৰ পৰা শৰ্মাৰ কোম্পানীক উদ্দেশ্য কৰি গুলীবৰ্ষণ কৰা হয়। সাধাৰণ আৰু নিৰীহ লোকৰ ক্ষয়ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি সোমনাথ শৰ্মাই গুলীৰে প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়া নাছিল। হঠাৎ গুলমাৰ্গৰ দিশৰ পৰা ৭০০ জনজাতীয় লোকৰ এটা অনুপ্ৰৱেশকাৰী দল বাদগামৰ কাষ চাপে আৰু শৰ্মাৰ D কোম্পানীক তিনিফালৰ পৰা ঘেৰি ধৰি মৰ্টাৰেৰে গুলীচালনা কৰে। শ্ৰীনগৰ চহৰ আৰু বিমান বন্দৰ সুৰক্ষিত কৰাৰ বাবে শৰ্মাই সেই ঠাইত অবিচল হৈ থকাৰ বিষয়ত গুৰুত্ব দি শত্ৰুৰ আক্ৰমণৰ সাহসেৰে প্ৰত্যুৎত্তৰ দিবলৈ স্থিৰ কৰে। শত্ৰুসংখ্যাৰ অনুপাতে শৰ্মাৰ সেনাদলত যদিও সাতজনৰ বিপৰীতে এজনহে আছিল; শৰ্মাই সেনাক উদ্যমেৰে যুঁজিবলৈ উৎসাহিত কৰিছিল। তাকে কৰিবলৈ এটা চকীৰ পৰা আন এটা চকীলৈ দৌৰি যাবলগীয়া হোৱাত তেওঁ গুলীবৰ্ষণৰ সম্মুখত পৰে।[1]

গুলীচালনাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈ শৰ্মাৰ কোম্পানীৰ শক্তি কমি আহিবলৈ ধৰাত, তেওঁ সেনাৰ মাজত গোলা-বাৰুদ বিতৰণ আৰু লঘু মেচিনগান চলোৱাৰ কাম নিজৰ হাতত ল’লে। অনুপ্ৰৱেশকাৰীৰ সৈতে মেচিনগানেৰে যুঁজত ব্যস্ত থকা সময়তে ওচৰৰে গোলা-বাৰুদৰ স্তুপ এটাত এটা মৰ্টাৰ শ্বেল বিস্ফোৰণ ঘটে আৰু আঘাতপ্ৰাপ্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ আগে আগে তেওঁ নিজৰ ব্ৰিগেডৰ মুখ্য কাৰ্যালয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল, য’ত লিখা আছিল;

শত্ৰু আমাৰ পৰা মাত্ৰ ৫০ গজ দূৰত। আমাৰ সংখ্যা নিচেই কম। আমি বিধ্বংসী জুইৰ তলত আছোঁ। মই আমাৰ শেষৰজন মানুহ আৰু শেষ গুলীটোলৈকে এক ইঞ্চিও আঁতৰি নাযাওঁ।[1][5]

কুমাওন ৰেজিমেণ্টৰ ১ম বেটেলিয়ন শৰ্মাবাহিনীৰ সাহায্যৰ বাবে বাদগাম গৈ পায় মানে শৰ্মা বাহিনী বিধ্বস্তপ্ৰায় হৈ পৰিছিল। জনজাতীয় অনুপ্ৰৱেশকাৰীৰ আক্ৰমণত প্ৰায় ২০০জন হতাহতৰ সম্মুখীন হৈছিল আৰু তেওঁলোকে আগবাঢ়ি যোৱাৰ সাহস হেৰুৱাই পেলাইছিল। ই ভাৰতীয় সেনাবাহিনীক শ্ৰীনগৰলৈ বিমানেৰে যোৱাত বাধা দিছিল আৰু তেওঁলোকে নিজেই বিমান বন্দৰলৈ সোমাই যোৱা পথ ৰুদ্ধ কৰিছিল। যুদ্ধৰ সময়ত শৰ্মাৰ লগতে এজন কনিষ্ঠ কমিচনড্ অফিচাৰ আৰু “ডি’’ কোম্পানীৰ আন ২০জন সেনা নিহত হয়। তিনিদিন পিছত উদ্ধাৰ হয় শৰ্মাৰ মৃতদেহ। তেওঁৰ মৃতদেহটো চিনিব নোৱাৰাকৈ বিকৃত হৈছিল যদিও তেওঁৰ পিষ্টলৰ চামৰাৰ ’হোল্ডাৰ’ আৰু পকেটত থকা ভাগৱতৰ কেইটামান পৃষ্ঠাৰ সহায়ত তেওঁক চিনাক্ত কৰা হৈছিল।[5]

পৰমবীৰ চক্ৰ সন্মান প্ৰাপ্তি[সম্পাদনা কৰক]

১৯৪৭ চনৰ ৩ নৱেম্বৰত শ্ৰীনগৰ বিমান বন্দৰ ৰক্ষাৰ বাবে তেওঁ কৰা সাহসী কাৰ্খৰ বাবে ১৯৫০ চনৰ ২১ জুনত সোমনাথ শৰ্মাক পৰমবীৰ চক্ৰ বঁটা প্ৰদান কৰা হয়৷ বঁটা সৃষ্টিৰ পিছতে পোন প্ৰথমে এই সন্মান সোমনাথ শৰ্মাক দিয়া হয়৷[8] কাকতালীয়ভাৱে এই চক্ৰৰ ডিজাইনাৰ আছিল, তেওঁৰ ভায়েকৰ শাহুৱেক সাৱিত্ৰী খানোলকাৰ৷[9][10]

বঁটা প্ৰদানৰ চৰকাৰী বিবৃতিটোত লিখা আছে;

১৯৪৭ চনৰ ৩ নৱম্বৰত সোমনাথ শৰ্মাৰ ডি কোম্পানীক কাশ্মীৰ উপত্যকাৰ বাদগামত যুদ্ধৰ টহল দিবলৈ নিৰ্দেশ দিয়া হয়৷ ২ নৱেম্বৰৰ পুঁৱতি নিশাতে লক্ষ্যস্থানত উপস্থিত হৈ ১১ বজাত বাদগামৰ দক্ষিণে দলটোৱে অৱস্থান কৰে৷ প্ৰায় ৫০০জন বুলি অনুমান কৰা এটা অনুপ্ৰৱেশকাৰীৰ দলে তেওঁলোকক তিনিফালৰ পৰা আগুৰি ধৰে আৰু আক্ৰমণ কৰাত কোম্পানীটোৰ যথেষ্ট ক্ষয়ক্ষতি হ’বলৈ ধৰে৷ কিন্তু পৰিস্থিতিৰ গুৰুত্ব বুজি সোমনাথ শৰ্মাই হামহোমৰ মাজেৰে বিমান বন্দৰ আৰু শ্ৰীনগৰ দুয়োস্থানৰ সাম্ভাব্য ভাবুকি ৰোধ কৰিবলৈ সেনাৰ দলক অটলভাবে যুঁজিবলৈ আহ্বান জনায়৷ সেনাক উৎসাহিত কৰিবলৈ তেওঁ চৰম সাহসেৰে মুকলি ঠাইৰ মাজেৰে নিজৰ চকীসমূহলৈ অহাযোৱা কৰি সঠিক লক্ষ্যলৈ গুলীচালনা কৰি থাকিবলৈ তেওঁ নিৰ্দেশ দি থাকিল৷ স্নায়ু নিয়ন্ত্ৰণ কৰি আগবাঢ়ি অহা জুইক লক্ষ্য কৰি যুঁজিবলৈ তেওঁ নিৰ্দেশ দি থাকিল৷ তেওঁ বাৰে বাৰে শত্ৰুৰ চকুৰ আগেৰেই গুলীৰ সম্মুখীন হৈও আমাৰ বিমানক লক্ষ্যস্থানলৈ নিবলৈ কাপোৰৰ ফিটা বিচাৰিছিল৷ সেনাৰ উদম স্তিমিত হোৱা আৰু অস্ত্ৰ-শস্ত্ৰ অভাৱ বোধ কৰি তেওঁ বাঁওহাতখনত প্লাষ্টাৰ থকা অৱস্থাতো এই বিষয়াজনে নিজে সেনাসকলক মেচিনগান প্ৰদান কৰিবলৈ ধৰিছিল৷ গোলাবাৰুদৰ মাজতে এটা মৰ্টাৰ শ্বেল পৰি বিস্ফোৰণ ঘটে আৰু তেওঁৰ মৃত্যু ঘটে৷ মেজৰ শৰ্মাৰ কোম্পানী শেষলৈকে নিজৰ স্থিতিত অটল আছিল আৰু প্ৰায় সম্পূৰ্ণভাবে ঘেৰি ধৰাৰ পিছতহে ক্ষান্ত হৈছিল৷ তেওঁৰ এই প্ৰেৰণাদায়ক সাহসিকতাৰ বাবে শত্ৰুপক্ষ প্ৰায় ৬ঘণ্টা আৱদ্ধ হৈ পৰিছিল যাৰবাবে, আমাৰ নতুন সেনাদলে হামহামত উপস্থিত হৈ থিতাপি ল’বলৈ সময় পাইছিল৷ তেওঁৰ সাহসিকতা আৰু উদ্যমৰ বাবে সাতজনৰ বিপৰীতে এজন হোৱা স্বত্বেও আমাৰ সেনাই ছয়ঘণ্টা ধৰি শত্ৰক ৰুধিবলৈ সক্ষম হৈছিল৷ ভাৰতীয় সেনা ইতিহাসত তেওঁ সাহস আৰু উদ্যমৰ দৃষ্টান্ত ৰাখি গ’ল৷ মৃত্যুৰ মাত্ৰ কেইটামান ক্ষণৰ আগতে সেনাব্ৰিগেডৰ মুখ্য কাৰ্যালয়লৈ তেওঁ দিয়া উক্তি আছিল, “শত্ৰু আমাৰ পৰা মাত্ৰ ৫০ গজ দূৰত৷ আমাৰ সংখ্যা নিচেই কম৷ আমি বিধ্বংসী জুইৰ তলত আছোঁ৷ মই আমাৰ শেষজন মানুহ আৰু শেষ গুলীটোলৈকে যুঁজিম আৰু এক ইঞ্চিও আঁতৰি নাযাওঁ’’৷[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Chakravorty 1995, পৃষ্ঠা. 75–76.
  2. "SOMNATH SHARMA | Gallantry Awards". Gallantry Awards, Government of India. http://gallantryawards.gov.in/Awardee/somnath-sharma। আহৰণ কৰা হৈছে: 15 December 2017. 
  3. "Major Somnath Sharma: A hero for generations of soldiers – ADU News". aviation-defence-universe.com. https://www.aviation-defence-universe.com/a-hero-for-generations-of-soldiers/। আহৰণ কৰা হৈছে: 2020-06-23. 
  4. Desk, India TV News (2013-02-15). "India's first Param Vir Chakra winner Major Som Nath Sharma, the hero of 1947 war" (en ভাষাত). indiatvnews.com. https://www.indiatvnews.com/news/india/india-s-first-param-vir-chakra-winner-major-som-nath-sharma-20267.html। আহৰণ কৰা হৈছে: 2022-01-12. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "The soldier who won India's first Param Vir Chakra". Rediff. http://www.rediff.com/news/2006/nov/03spec.htm। আহৰণ কৰা হৈছে: 24 September 2016. 
  6. Khanduri 2006, পৃষ্ঠা. 148.
  7. "Supplement to the London Gazette". thegazette.co.uk. https://www.thegazette.co.uk/London/issue/37425/supplement/388। আহৰণ কৰা হৈছে: 9 September 2022. 
  8. "11 Facts You Need To Know About The Param Vir Chakra". http://www.indiatimes.com/culture/who-we-are/11-facts-you-need-to-know-about-the-param-vir-chakra-231518.html। আহৰণ কৰা হৈছে: 24 September 2016. 
  9. "7 Facts Average Indian Doesn't Know About Param Vir Chakra". Topyaps. 27 December 2013. Archived from the original on 20 September 2016. https://web.archive.org/web/20160920125041/http://topyaps.com/7-facts-average-indian-doesnt-know-about-param-vir-chakra। আহৰণ কৰা হৈছে: 24 September 2016. 
  10. NCERT 2016, পৃষ্ঠা. 12.
  11. "Maj Somnath Sharma, PVC". The War Decorated India & Trust. http://twdi.in/node/1075। আহৰণ কৰা হৈছে: 24 September 2016.