পিৰু সিং
কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং শ্বেখাৱত (ইংৰাজী: Piru Singh Shekhawat) পি.ভি.চি (২০ মে ১৯১৮ – ১৮ জুলাই ১৯৪৮) এজন ভাৰতীয় সেনাৰ অ-কমিছনড বিষয়া আছিল, যাক ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
সিঙে ১৯৩৬ চনৰ ২০ মে তাৰিখে ব্ৰিটিছ ভাৰতীয় সেনাত যোগদান কৰে, আৰু প্ৰথমে পঞ্জাৱ ৰেজিমেণ্টত নিযুক্ত হয়। ১৯৪০ চনৰ পৰা ১৯৪৫ চনৰ ভিতৰত তেওঁ ব্ৰিটিছ কমনৱেলথ বাহিনীৰ অংশ হিচাপে জাপানত নিয়োজিত হোৱাৰ আগতে উত্তৰ-পশ্চিম সীমান্তত আৰু প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। স্বাধীনতাৰ পিছত, তেওঁ ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰে, ভাৰতীয় সেনাৰ ষষ্ঠ ৰাজপুতানা ৰাইফলছৰ সৈতে সেৱা আগবঢ়ায়।
যুদ্ধৰ সময়ত, সিং জম্মু আৰু কাশ্মীৰৰ তিথৱালত এটা পাকিস্তানী পোষ্ট দখল কৰিবলৈ নিযুক্ত কৰা এটা কোম্পানীৰ অংশ আছিল। সিঙে সফলতাৰে পাকিস্তানী পোষ্ট দখল কৰে। কিন্তু, সেই সময়লৈকে গোটেই কোম্পানীটোয় প্ৰায়সংখ্যক সৈনিক মৃত নতুবা আঘাতপ্ৰাপ্ত হৈ পৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পিৰু সিঙৰ জন্ম হৈছিল ১৯১৮ চনৰ ২০ মে তাৰিখে, ৰাজপুতানা (অধুনা ৰাজস্থান)ৰ ৰামপুৰা বেৰী গাঁৱত। তেওঁ লাল সিঙৰ পুত্ৰ আছিল।[1] তেওঁৰ পৰিয়ালত সাতটা সন্তান আছিল- তিনিজন ভাই আৰু চাৰিগৰাকী ভগ্নী, সিঙ কনিষ্ঠ পুত্ৰ আছিল। এজন সৰু লৰা হিচাপে, সিঙে সদায় স্কুলক ঘৃণা কৰিছিল, কিয়নো তেওঁ সীমিত পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ অক্ষম আছিল। এদিন তেওঁৰ এজন সহপাঠীৰ সৈতে কাজিয়া কৰাৰ বাবে শ্ৰেণী-শিক্ষকে গালি দিয়াৰ পিছত সিঙে পলাই গৈছিল, আৰু কেতিয়াও বিদ্যালয়লৈ ঘূৰি যোৱা নাছিল। তাৰ পিছত, সিঙে তেওঁৰ মাক-দেউতাকক তেওঁলোকৰ খেতিপথাৰত সহায় কৰা অব্যাহত ৰাখিছিল।
যদিও সিঙে শৈশৱৰ পৰাই সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল, তেওঁক দুবাৰ প্ৰত্যাখ্যান কৰা হৈছিল। কিয়নো সেনা বাহিনীত যোগদান কৰিবলৈ তেওঁ অতি সৰু আছিল। অৱশেষত ১৮ বছৰ বয়সত তেওঁ সেনাবাহিনীত যোগদান কৰে।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Reddy 2007, পৃষ্ঠা. 30.
- ↑ Cardozo 2003, পৃষ্ঠা. 41.
|