সমললৈ যাওক

যোগেন্দ্ৰ সিং যাদৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুবেদাৰ মেজৰ আৰু কেপ্টেইন
যোগেন্দ্ৰ সিং যাদৱ
পৰম বীৰ চক্ৰ

পৰম বীৰ চক্ৰ পিন্ধি চুবেদাৰ যাদৱ (বাওঁফালে)
জন্ম ১০ মে', ১৯৮০ (৪৬ বছৰ)[1]
বুলন্দচহৰ জিলা, উত্তৰ প্ৰদেশ, ভাৰত
আনুগত্য  ভাৰত
চাকৰি/শাখা  ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১৯৯৬-২০২১
পদমৰ্যদা চুবেদাৰ মেজৰ
কেপ্টেইন
ইউনিট এইট্টিনথ গ্ৰেনেডিয়াৰচ্
যুদ্ধ-বিগ্ৰহ কাৰ্গিল যুদ্ধ
  • অপাৰেচন বিজয় (১৯৯৯)
  • টাইগাৰ হিলৰ যুদ্ধ
  • ট’ল’লিঙৰ যুদ্ধ
পুৰস্কাৰ পৰম বীৰ চক্ৰ
য়শ ভাৰতী
মাতৃশিক্ষানুষ্ঠান গভৰ্ণমেণ্ট হাইস্কুল, ঔৰংগবাদ আহিৰ, বুলন্দচহৰ

চুবেদাৰ মেজৰ[2] আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পি.ভি.চি (ইংৰাজী: Yogendra Singh Yadav) ভাৰতীয় সেনাৰ এগৰাকী অৱসৰী মান্যতাপ্ৰাপ্ত বিষয়া, যাক কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু কৰ্তব্যবোধৰ বাবে সৰ্বোচ্চ ভাৰতীয় সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল। পৰম বীৰ চক্ৰ সন্মান লাভ কৰা তেৱেঁই আটাইতকৈ কম বয়সীয়া সামৰিক বিষয়া, যি ঊনৈশ বছৰ বয়সতে এই সন্মান লাভ কৰিছিল।[3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮০ চনৰ ১০ মে তাৰিখে[3], উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ ঔৰঙ্গাবাদ আহিৰৰ এটা যাদৱ পৰিয়ালত চুবেদাৰ মেজৰ যোগেন্দ্ৰ সিং যাদৱৰ জন্ম হৈছিল।[5] তেওঁৰ পিতৃ কৰণ সিং যাদৱে কুমাওঁ ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল আৰু ১৯৬৫ তথা ১৯৭১ চনৰ ইণ্ডো-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰিছিল।[3] যাদৱে ১৬ বছৰ আৰু পাঁচ মাহ বয়সতে ভাৰতীয় সেনাত যোগদান কৰিছিল।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

কাৰ্গিল যুদ্ধ

[সম্পাদনা কৰক]
২০২১ চনত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চিৰোহীৰপৰা বঁটা গ্ৰহণৰ সময়ত যাদৱ

১৯৯৯ চনৰ ৪ জুলাই তাৰিখে পুৱাৰ ভাগত ঘাটক ফৰ্চৰ এটি কমাণ্ডো প্লেটুনক টাইগাৰ হিলত তিনিটা কৌশলগত ভাৱে স্থাপন কৰা বাংকাৰ দখল কৰাৰ দায়িত্ব দিয়া হৈছিল। যাদৱ ১৮ জন গ্ৰেনেডিয়াৰেৰে গঠিত এই দলটোৰ এজন আছিল। বাংকাৰবোৰ বৰফেৰে আবৃত এটা ১০০০ ফুট ওখ উলম্ব শিলৰ শীৰ্ষত আছিল। যাদৱে স্বেচ্ছাই এই আক্ৰমণৰ নেতৃত্ব লয় আৰু বগাই গৈ আক্ৰমণৰ সুবিধা হোৱাকৈ শিলৰ মুখত ৰছী স্থাপন কৰে। আধা ৰাস্তা উঠি যাওঁতেই শত্ৰুৱে মেচিন গান আৰু ৰকেট লাঞ্চাৰেৰে আক্ৰমণ কৰে আৰু ই অন্য দুজন জোৱানৰ সৈতে প্লেটুন কমাণ্ডাৰৰ প্ৰাণ লয়। এই আক্ৰমণত যাদৱৰ কঁকাল আৰু বাহুত কেইবাটাও গুলী লাগে, কিন্তু তথাপি তেওঁ পিছ হুহকি নাহি ৬০ ফুট উচ্চতা আৰোহণ কৰে। গুৰুত্বপূৰ্ণ ভাৱে আহত হোৱা সত্ত্বেও তেওঁ প্ৰথম বাংকাৰটোৰ ফালে আগুৱাই গৈ গ্ৰেনেড দলিয়াই ৪ জন শত্ৰুৰ প্ৰাণ লয়। ফলত শত্ৰু শিৱিৰৰ গুলীচালনা বন্ধ হয় আৰু ভাৰতীয় সৈন্যসকল আগবাঢ়ি যাবলৈ সফল হয়।[7] পৰৱৰ্তী সময়ত ভাৰতীয় সৈন্যৰ এই দলটোৱে টাইগাৰ হিল দখল কৰে। ১২ টা গুলীৰে ধৰাশায়ী হৈও যাদৱে এই আক্ৰমণত মুখ্য ভূমিকা লৈছিল। [8]

এই বীৰত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মৰণোত্তৰ ভাৱে যাদৱলৈ পৰম বীৰ চক্ৰ আগবঢ়োৱা হয় যদিও পিছত গম পোৱা গল যে তেওঁ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ সৈতে একে নামৰ আন এজনহে এই যুদ্ধত পতিত হৈছে।[9]

পিছৰ জীৱন

[সম্পাদনা কৰক]

২০২১ চনৰ স্বাধীনতা দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যাদৱক কেপ্টেইনৰ সন্মানীয় পদবী প্ৰদান কৰে আৰু সামৰিক সচিব আৰু গ্ৰেনেডিয়াৰ কৰ্ণেল লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চিৰোহীয়ে ৰেংক বেজ পিন্ধায়। এই পদবীতে থাকি ২০২১ চনৰ ৩১ ডিচেম্বৰত তেওঁ সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে।[10]

চলচ্চিত্ৰ আৰু গণমাধ্যমত যাদৱ

[সম্পাদনা কৰক]
পৰম বীৰ চক্ৰ সন্মানেৰে সন্মানিত তিনিগৰাকী সেনা বিষয়া ক্ৰমে যোগেন্দ্ৰ সিং যাদৱ, বানা সিং আৰু সঞ্জয় কুমাৰ

২০০৪ চনত, টাইগাৰ হিলৰ যুদ্ধৰ ওপৰত আধাৰিত হিন্দী ভাষাৰ চলচ্চিত্ৰ ‘লক্ষ্য’ আছিল যাদৱৰ প্লেটুনৰ বীৰত্বপূৰ্ণ কাৰ্যসমূহৰ চিনেমেটিক ভিউ। ইয়াত জনপ্ৰিয় বলিউডী অভিনেতা হৃত্বিক ৰৌচনে যুদ্ধৰ নায়ক কৰণ শ্বেৰগিলৰ চৰিত্ৰত অভিনয় কৰিছিল। ই টাইগাৰ হিলত কৌশলগতভাৱে স্থাপন কৰা বাংকাৰবোৰ দখল কৰিবলৈ তেওঁলোকৰ কষ্টকৰ যাত্ৰাৰ বিতং বিৱৰণ প্ৰদান কৰে।[11]

একেটা ৰেজিমেণ্টে ট’ল’লিঙত কৰা ঘাটক আক্ৰমণক হিন্দী চলচ্চিত্ৰ ‘এল অ চি কাৰ্গিল’ত অন্যতম বিশিষ্ট যুদ্ধ দৃশ্য হিচাপে অভিযোজন কৰা হৈছে। ইয়াত অভিনেতা মনোজ বাজপেয়ীয়ে যাদৱৰ চৰিত্ৰত অভিনয় কৰিছে।

অন্যান্য সন্মান

[সম্পাদনা কৰক]

তেওঁ ২০২০ চনত বিশেষ নিমন্ত্ৰণ গ্ৰহণ কৰি, সহকৰ্মী পৰম বীৰ চক্ৰ প্ৰাপক চুবেদাৰ সঞ্জয় কুমাৰৰ সৈতে অমিতাভ বচ্চন পৰিচালিত ‘কৌন বনেগা কৰৌড়পতি’ অনুষ্ঠানটোত যোগদান কৰে আৰু এই অনুষ্ঠানত লাভ কৰা সমূহ ধনৰাশি (২.৫ নিযুত) সেনা কল্যাণ পুঁজিলৈ দান কৰে। ২০১৫ চনত, দেশৰ প্ৰতি আগবঢ়োৱা তেওঁৰ সেৱাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ৰাজ্যৰ সৰ্বোচ্চ বঁটা য়শ ভাৰতী প্ৰদান কৰে।.[12]

নতুন দিল্লীৰ ‘নেচনেল ৱাৰ মেমৰিয়েল’ (ৰাষ্টীয় যুদ্ধ স্মাৰক)ত থকা গ্ৰেনেডিয়াৰ যাদৱৰ প্ৰতিমূৰ্ত্তি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Grenadier Yogendra Singh Yadav, PVC". twdi.in. http://twdi.in/node/506 আহৰণ কৰা হৈছে: 29 August 2014.
  2. "Yogendra Singh Yadav is shown to be a Subedar Major". YouTube. 2017. https://www.youtube.com/watch?v=aPLXjzP60L4.
  3. 1 2 3 Major General Ian Cardozo (2003). Param Vir: Our Heroes in Battle. Roli Books Private Limited. পৃষ্ঠা. The Last Ghatak. ISBN 9789351940296. https://books.google.com/books?id=D9ymBAAAQBAJ&pg=PT138.
  4. "YOGENDER SINGH YADAV | Gallantry Awards". gallantryawards.gov.in. http://gallantryawards.gov.in/Awardee/yogender-singh-yadav আহৰণ কৰা হৈছে: 15 December 2017.
  5. S. D. S. Yadava (1 January 2006). Followers of Krishna: Yadavas of India (Google eBook). Lancer Publishers. পৃষ্ঠা. 47. ISBN 9788170622161. https://books.google.com/books?id=p69GMA226bgC&pg=PA45.
  6. Cardozo, Major General Ian (2003). Param Vir: Our Heroes in Battle. Roli Books Private Limited. পৃষ্ঠা. The Last Ghatak. ISBN 9789351940296. https://books.google.com/books?id=D9ymBAAAQBAJ.
  7. "Profile on Yadav on the Indian Army website". http://indianarmy.nic.in/PVC/photo_7.htm আহৰণ কৰা হৈছে: 18 August 2006.
  8. Rachana Bhatt (2006). The Brave: Param Vir Chakra Stories. Penguin Books. পৃষ্ঠা. YSY. ISBN 9789351188056. https://books.google.com/books?id=rgEWBAAAQBAJ&pg=PT210.
  9. "Army orders inquiry into PVC blunder". Rediff.com. 17 August 1999. http://www.rediff.com/news/1999/aug/17pvc.htm আহৰণ কৰা হৈছে: 30 November 2013.
  10. Mishra, Utkarsh. "Param Vir Chakra awardee Kargil hero Yogendra Singh Yadav retires" (en ভাষাত). Rediff. https://www.rediff.com/news/report/param-vir-chakra-awardee-kargil-hero-yogendra-singh-yadav-retires/20220101.htm আহৰণ কৰা হৈছে: 2022-01-04.
  11. "10 Army Heroes and Their Extra Ordinary Tales of Bravery". TBI Team. The Better India (thebetterindia.com). 15 January 2016. http://www.thebetterindia.com/40239/indian-army-heroes/.
  12. "यश भारती सम्मान से 56 हस्तियां अलंकृत 12063610" (hi ভাষাত). jagran.com. http://www.jagran.com/uttar-pradesh/lucknow-city-12063610.html.