সমললৈ যাওক

কৰম সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুবেদাৰ আৰু সন্মানসূচক অধিনায়ক
কৰম সিং
PVC, MM
কৰম সিং
ভাৰতৰ ডাক টিকটত কৰম সিঙৰ ফটো
জন্ম ১৫ ছেপ্টেম্বৰ, ১৯১৫
ছেহনা, বৰ্ণালা, পঞ্জাব, ভাৰত
মৃত্যু ২০ জানুৱাৰী, ১৯৯৩ (৭৭ বছৰ)
ছেহনা, বৰ্ণালা, পঞ্জাব, ভাৰত
আনুগত্য ব্ৰিটিছ ভাৰত
ভাৰত
চাকৰি/শাখা ব্ৰিটিছ ভাৰতীয় সেনা
ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১৯৪১–১৯৬৯
পদমৰ্যদা চুবেদাৰ
সন্মানসূচক অধিনায়ক
চাৰ্ভিছ নাম্বাৰ 22356 (তালিকাভূক্ত)[1]
JC-6415 (junior commissioned officer)[2]
ইউনিট ১ম বেটেলিয়ান (শিখ )
যুদ্ধ-বিগ্ৰহ দ্বিতীয় বিশ্বযুদ্ধ
ভাৰত-পাকিস্তানৰ যুদ্ধ - ১৯৪৭
পুৰস্কাৰ পৰম বীৰ চক্ৰ
সামৰিক বঁটা

কৰম সিং (ইংৰাজী: Karam Singh; ১৫ ছেপ্টেম্বৰ ১৯১৫ – ২০ জানুৱাৰী ১৯৯৩) ভাৰতীয় সেনাৰ এজন সৈনিক তথা সুবেদাৰ আৰু সন্মানীয় অধিনায়ক আছিল। তেওঁক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। কৰম সিঙে ১৯৪১ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ বাৰ্মা অভিযানত অংশগ্ৰহণ কৰিছিল আৰু ১৯৪৪ চনত এডমিন বক্সৰ যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে সামৰিক পদক লাভ কৰিছিল। তেঁও ১৯৪৭ চনত হোৱা ভাৰত-পাকিস্তান যুদ্ধতো সাহসিকতাৰে যুঁজিছিল আৰু তিথৱালৰ দক্ষিণে থকা ৰিচমাৰ গালিৰ এক সেনা ছাউনী (forward post) ৰক্ষা কৰা কাৰ্যত প্ৰদৰ্শন কৰা ভূমিকাৰ বাবে পৰম বীৰ চক্ৰ বঁটা লাভ কৰিছিল। ১৯৪৭ চনত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্বাচিত হোৱা পাঁচজন সৈনিকৰ ভিতৰত তেওঁ অন্যতম আছিল।পিছলৈ তেওঁক চুবেদাৰ পদবীলৈ পদোন্নতি দিয়া হৈছিল, আৰু ১৯৬৯ চনৰ ছেপ্টেম্বৰ মাহত অৱসৰৰ পূৰ্বে তেওঁক সন্মানীয় অধিনায়কৰ পদবী প্ৰদান কৰা হৈছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাবৰ বৰ্ণালা জিলাৰ ছেহনা গাঁৱৰ এটা জাট পৰিয়ালত ১৯১৫ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে কৰম সিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ উত্তম সিং আছিল এজন খেতিয়ক। প্ৰথমতে কৰম সিঙৰো কৃষক হ’বলৈ ইচ্ছা কৰিছিল যদিও পৰৱৰ্তী সময়ত প্ৰথম বিশ্বযুদ্ধত ভাগ লোৱা গাঁৱৰ প্ৰবীণ সৈনিকসকলৰ কাহিনী শুনি অনুপ্ৰাণিত হৈ তেওঁ সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লয়।[3] গাঁৱত প্ৰাথমিক বিদ্যালয়তে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ১৯৪১ চনত তেওঁ সেনাবাহিনীত যোগদান কৰে।[4]

সামৰিক জীৱন

[সম্পাদনা কৰক]

১৯৪১ চনৰ ১৫ ছেপ্টেম্বৰত কৰম সিঙে শিখ ৰেজিমেণ্টৰ ১ম বেটেলিয়নত ভৰ্তি হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ বাৰ্মা অভিযানৰ সময়ত এডমিন বক্সৰ যুদ্ধত তেওঁৰ আচৰণ আৰু সাহসৰ বাবে তেওঁক সামৰিক পদক প্ৰদান কৰা হয়।[5] যুদ্ধৰ এজন সজ্জিত চিপাহী হিচাপে তেওঁ নিজৰ বেটেলিয়নৰ সতীৰ্থ সৈনিকসকলৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।[3] ১৯৪৭ চনত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিৰ্বাচিত কৰা পাঁচজন সেনা জোৱানৰ ভিতৰত তেওঁ অন্যতম আছিল।[6]

১৯৪৭ চনৰ যুদ্ধ

[সম্পাদনা কৰক]

১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ আৰম্ভ হয়।[7] সংঘাতৰ প্ৰাৰম্ভিক পৰ্যায়ত পাকিস্তানৰ পাষ্টুন জনজাতীয় উগ্ৰবাদীসকলে ৰাজ্যৰ সীমা অতিক্ৰম কৰি তিথৱালকে ধৰি কেইবাখনো গাঁও দখল কৰে।[8] কুপোৱাৰা খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত থকা সেই গাঁওখন ভাৰতৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামৰিক কেন্দ্ৰ আছিল।[9]

১৯৪৮ চনৰ ২৩ মে’ত ভাৰতীয় সেনাই পাকিস্তান সৈন্যৰ হাতৰ পৰা তিথৱাল উদ্ধাৰ কৰে যদিও পাকিস্তানে ক্ষীপ্ৰতাৰে সেই অঞ্চল পুনৰ দখল কৰিবলৈ উভতি আক্ৰমণ চলায়। সেই আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰি ভাৰতীয় সৈন্য তিথৱাললৈ আঁতৰি আহে। নিজৰ হেৰুৱা স্থান পুনৰ উদ্ধাৰ কৰিবলৈ ভাৰতীয় সেনাই সঠিক সময়ৰ অপেক্ষাত সাজু হৈ ৰয়।[10]

মাহৰ পিছত মাহ ধৰি তিথৱালত যুদ্ধ চলি থাকে। যুদ্ধৰ লগে লগে পাকিস্তানীসকল হতাশ হৈ পৰে আৰু ভাৰতীয়সকলক নিজৰ স্থানৰ পৰা খেদি পঠোৱাৰ বাবে ১৩ অক্টোবৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল তিথৱালৰ দক্ষিণে অৱস্থিত ৰিচমাৰ গালি আৰু তিথৱালৰ পূবত অৱস্থিত নাষ্টাচুৰ পাছ দখল কৰা।[10] ১৩ অক্টোবৰৰ নিশা ৰিচমাৰ গলিত হোৱা তীব্ৰ যুদ্ধৰ সময়ত লেন্স নায়ক সিং 1 SIKH ফৰৱাৰ্ড পোষ্টৰ কমাণ্ডাৰ আছিল।[11]

সংখ্যাৰ ফালৰ পৰা যদিও পাকিস্তানী দহজন সৈন্যৰ বিপৰীতে শিখসকলৰ মাত্ৰ এজন সৈন্য আছিল তথাপি তেওঁলোকে পাকিস্তানী আক্ৰমণক একাধিকবাৰ প্ৰতিহত কৰিছিল। ভাৰতীয় সৈন্যৰ গোলাবাৰুদ ক্ৰমে শেষ হৈ আহিছিল। পাকিস্তানৰ গুলীচালনাৰ প্ৰতিৰোধ অসম্ভৱ বুলি জানিও সিঙে তেওঁৰ নিজৰ লোকসকলক মূল কোম্পানীত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল। নিজে আঘাতপ্ৰাপ্ত হৈও আন এজন সৈনিকৰ সহায়ত তেওঁ দুজন আহত লোকক লগত লৈ আহিছিল। পাকিস্তানৰ প্ৰচণ্ড গুলীবৰ্ষণৰ মাজত সিঙে এটা স্থানৰ পৰা আন এটা স্থানলৈ গৈ নিজৰ লোকসকলৰ মনোবল বৃদ্ধি কৰিছিল আৰু মাজে মাজে গ্ৰেনেড নিক্ষেপ কৰিছিল। দুয়োখন হাতত দুবাৰকৈ আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো তেওঁ পলায়ন কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু যুদ্ধৰ প্ৰথম শাৰীতেই অৱস্থান কৰিছিল।[11]

আক্ৰমণৰ পঞ্চমটো ঢৌৰ সময়ত দুজন পাকিস্তানী সৈন্য সিঙৰ স্থানৰ কাষ চাপিছিল; সিঙে নিজৰ খাদৰ পৰা জপিয়াই ওলাই আহি বেয়নেটেৰে তেওঁলোকক হত্যা কৰি পাকিস্তানীসকলক বহু পৰিমাণে হতাশ কৰি পেলাইছিল। তাৰ পিছত সিং আৰু তেওঁৰ সৈন্যসকলে শত্ৰুৰ আৰু তিনিটা আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে আৰু অৱশেষত পাকিস্তানী সৈন্যই সেই স্থান দখল কৰিব নোৱাৰি পিছুৱাই যায়।[11]

পৰম বীৰ চক্ৰ

[সম্পাদনা কৰক]

১৯৫০ চনৰ ২১ জুন তাৰিখে কৰম সিঙক ‘পৰম বীৰ চক্ৰ’ প্ৰদান কৰি সন্মান যঁচা হয়। হাবিলদাৰ কৰম সিঙক ১৯৫৭ চনৰ ১০ জানুৱাৰীত কনিষ্ঠ আয়ুক্ত বিষয়ালৈ পদোন্নতি দিয়া হয়।[2] ১৯৬৪ চনৰ ১ মাৰ্চত তেওঁক ছুবেদাৰ আৰু পিছত ছুবেদাৰ-মেজৰ হিচাপে পদোন্নতি দিয়া হয়।[12] ১৯৬৯ চনৰ ২৬ জানুৱাৰীত তেঁওক কেপ্টেইনৰ পদত সন্মানীয় আয়ুক্তৰ পদ প্ৰদান কৰা হয়।[13] ১৯৬৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[4]

১৯৯৩ চনৰ ২০ জানুৱাৰী তাৰিখে নিজৰ গাঁৱত কৰম সিঙৰ দেহাৱসান ঘটে।[6]

অন্যান্য সন্মান

[সম্পাদনা কৰক]

১৯৮০ চনত ভাৰত চৰকাৰৰ জাহাজ মন্ত্ৰালয়ৰ তত্বাৱধানত ভাৰতীয় জাহাজ নিগমে (SCI) পৰম বীৰ চক্ৰ প্ৰাপ্যকসকলৰ সন্মানত নিজৰ পোন্ধৰখন খাৰুৱা তেল টেংকাৰৰ নামকৰণ কৰিছিল। ১৯৮৪ চনৰ ৩০ জুলাইত টেংকাৰ এম টি লেন্স নায়ক কৰম সিং, পিভিচি ভাৰতীয় জাহাজ নিগমলৈ (SCI) প্ৰেৰণ কৰা হয় আৰু ২৫ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছত পৰ্যায়ক্ৰমে বন্ধ কৰা হয়। তেওঁৰ সন্মানত চৰকাৰে সাংগ্ৰুৰ জিলা প্ৰশাসনিক কমপ্লেক্সত এক স্মৃতিসৌধ নিৰ্মাণ কৰা হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Cardozo 2003, পৃষ্ঠা. 45.
  2. 2.0 2.1 "Part I-Section 4: Ministry of Defence (Army Branch)". The Gazette of India. 19 October 1957. পৃষ্ঠা 263. https://egazette.nic.in/WriteReadData/1957/O-2123-1957-0042-96294.pdf. 
  3. 3.0 3.1 Cardozo 2003, পৃষ্ঠা. 44–45.
  4. 4.0 4.1 4.2 "Death anniversary of Hony Capt Karam Singh today". The Tribune India. http://www.tribuneindia.com/2011/20110120/punjab.htm#3। আহৰণ কৰা হৈছে: 17 April 2017. 
  5. The London Gazette. 16 May 1944. Supplement: 36518. p. 2271
  6. 6.0 6.1 "Family of second Param Vir Chakra recipient to auction medal". The Hindu. http://www.thehindu.com/news/national/other-states/family-of-second-param-vir-chakra-recipient-to-auction-medal/article5545518.ece। আহৰণ কৰা হৈছে: 17 April 2017. 
  7. Shapiro, Jacob N.; Fair, C. Christine. "Understanding Support for Islamist Militancy in Pakistan". Princeton UniversityPrinceton Education. পৃষ্ঠা: 79. http://www.princeton.edu/~jns/publications/Understanding%20Support%20for%20Islamist%20Militancy.pdf। আহৰণ কৰা হৈছে: 11 October 2017. 
  8. Mikaberidze 2011, পৃষ্ঠা. 393–395.
  9. Srivastava, Mihir (31 July 2014). "In the Line of Fire". Open Media Network Pvt. Ltd.Open Magazine. http://www.openthemagazine.com/article/india/in-the-line-of-fire। আহৰণ কৰা হৈছে: 11 October 2017. 
  10. 10.0 10.1 Chakravorty 1995, পৃষ্ঠা. 60.
  11. 11.0 11.1 11.2 Chakravorty 1995, পৃষ্ঠা. 61.
  12. "Part I-Section 4: Ministry of Defence (Army Branch)". The Gazette of India. 31 October 1964. পৃষ্ঠা 444. https://egazette.nic.in/WriteReadData/1964/O-1799-1964-0044-82047.pdf. 
  13. "Part I-Section 4: Ministry of Defence - Extraordinary Gazette of India". The Gazette of India. 26 January 1969. পৃষ্ঠা 2.