জি শঙ্কৰ কুৰুপ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গোবিন্দ শংকৰ কুৰুপ | |
---|---|
জন্ম | ৩ জুন, ১৯০১ নাইয়াথড |
মৃত্যু | ২ ফেব্ৰুৱাৰী, ১৯৭৮ (৭৬ বছৰ) ত্ৰিবেন্দ্ৰম,কেৰালা,ভাৰত |
পেচা | |
উল্লেখনীয় কৰ্মৰাজি | অডাক্কুজাল (কবিতা) (১৯৫০) |
উল্লেখযোগ্য বঁটা | |
দাম্পত্যসংগী | সুভদ্ৰা আম্মা |
পিতৃ-মাতৃ |
|
গোবিন্দ শংকৰ কুৰুপ (ইংৰাজী: G. Sankara Kurup, ৩ জুন ১৯০১-২ ফেব্ৰুৱাৰী ১৯৭৮) জ্ঞানপীঠ বঁটা বিজেতা প্ৰথমগৰাকী ভাৰতীয় সাহিত্যিক। এই সন্মান পোৱা জি শংকৰ কুৰুপ মলায়লম ভাষাৰো প্ৰথমগৰাকী সাহিত্যিক। 'ওডাক্কুঝল' শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৬৫ চনত এই বঁটা লাভ কৰে। মালায়লম সাহিত্যত তেওঁক 'মহাকবি জি' অভিধাৰে বিভূষিত কৰা হৈছে। জি শংকৰ কুৰুপৰ জন্ম ১৯০১ চনৰ ৩ জুন তাৰিখে বৰ্তমানৰ কেৰালা ৰাজ্যৰ নাইয়াথডত হয়। তেখেতৰ পিতৃৰ নাম নিল্লিক্কাপিলি শংকৰ ৱাৰিয়েৰ আৰু মাতৃৰ নাম ভডাক্কানী লক্ষ্মীকুট্টি। ১৯৬৮ চনত তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে। ১৯৬৩ চনত 'বিশ্বদৰ্শনম' শীৰ্ষক কাব্য সংকলনৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৬৭ চনত পদ্মভূষণ বঁটাৰে বিভূষিত হয়। ২০০৩ চনত ভাৰতীয় ডাক বিভাগে জি. শংকৰ কুৰুপৰ স্মৃতিত ডাক টিকট প্ৰৱৰ্তন কৰে।
গ্ৰন্থ
[সম্পাদনা কৰক]তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল —
- 'পূজাপুষ্পম'
- 'ওডাক্কুঝল'
- 'বিশ্বদৰ্শনম'
- 'সন্ধাৰাগম'
- 'গদ্যপহৰম'
- 'ৰাক্কুইলুকল' ইত্যাদি।
মৃত্যু
[সম্পাদনা কৰক]৯৭৮ চনৰ ০২ ফেব্ৰুৱাৰী তাৰিখে এইগৰাকী মহান সাধকৰ ৭৮ বছৰ ৮ মাহ বয়সত মৃত্যু হয়।