সমললৈ যাওক

অসম বিধানসভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসমৰ বিধানসভাৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা
Assam Legislative Assembly
১৫তম বিধানসভা
ধৰন
ধৰন এককক্ষীয়
নেতা
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, ভাৰতীয় জনতা পাৰ্টি
২০২৬
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি
২০২৬
গঠন
সদস্য ১২৬ জন
ৰাজনৈতিক দলসমূহ চৰকাৰ (১০২)

এন ডি এ (১০২)

বিৰোধী (২৪)

ইউ পি এ (২১)

অন্যান্য (৩)

নিৰ্বাচন
নিৰ্বাচন পদ্ধতি First-past-the-post
বিগত নিৰ্বাচন ২০২৬
সভাৰ স্থান
অসম বিধানসভা ভৱন, দিশপুৰ,
গুৱাহাটী, অসম, ভাৰত - ৭৮১০০৬.
ৱেবছাইট
http://assamassembly.nic.in

অসম বিধানসভা (ইংৰাজী: Assam Legislative Assembly) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা। অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি। অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত। এই সদস্য সকলক পোনপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয়। অসম বিধানসভাৰ সম্পূৰ্ণ কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি।

১৯৩৫ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদত ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ (Government of India Act 1935)গৃহীত হয়। এই অধিনিয়মৰ উপবন্ধ অনুসৰি ১৯৩৭ চনত অসম প্ৰদেশৰ বাবে দ্বিকক্ষীয় বিধানমণ্ডল প্ৰনয়ন কৰা হয়। বিধানমণ্ডলৰ নিম্ন কক্ষ, অসম বিধানসভাৰ প্ৰথম বৈঠক বহে ছিলঙৰ সভা কক্ষত ১৯৩৭ চনৰ এপ্ৰিল মাহৰ ৭ তাৰিখে। ছিলং সেই সময়ৰ সংযোজিত অসমৰ ৰাজধানী আছিল। বিধানসভাৰ সদস্য সংখ্যা আছিল ১০৮। এই আটাইকেইজন সদস্যই আছিল নিৰ্বাচিত। উচ্চ সদন বিধান পৰিষদৰ (Legislative Council) সদস্য সংখ্যা আছিল ২১ বা ২২ জন।

ভাৰত বিভাজনৰ পাছত অসমৰ চিলেট জিলা পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) অন্তৰ্ভুক্ত হ'ল। স্বাভাৱিকতে বিধানসভাৰ আসনৰ সংখ্যা ৭১খনলৈ নামিল। অৱশ্যে স্বাধীনতাৰ পাছত আসনৰ সংখ্যা পুনৰ ১০৮খন হ'ল। ১৯৪৭ চনত বিধান পৰিষদৰ (উচ্চ সদন) অৱলুপ্তি ঘটাই অসমৰ বিধান মণ্ডল এককক্ষীয় কৰা হয়। স্বাধীনতা-উত্তৰ কালচোৱাত অসমৰ বিভাজন ঘটি বহুকেইখন নতুন ৰাজ্যৰ সৃষ্টি হয়। ১৯৬৩ চনত নাগালেণ্ড গঠিত হয়। ১৯৭১ চনত ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইনযোগে মেঘালয়ক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। মিজোৰাম আৰু অৰুণাচল প্ৰদেশো অসমৰপৰা আঁতৰি যায়। মেঘালয় গঠনৰ পাছত ছিলং অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ যুটীয়া ৰাজধানী হয়। ১৯৭২ চনত অসম চৰকাৰে দিশপুৰলৈ ৰাজধানী স্থানান্তৰৰ সিদ্ধান্ত লয়। ১৯৭৩ চনৰ ১৬ মাৰ্চত দিশপুৰৰ অস্থায়ী ৰাজধানীত অসম চৰকাৰৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। ১৯৫২ চনত স্বাধীনতা-উত্তৰ ভাৰতত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। সেয়েহে ১৯৫২ চনত গঠিত হোৱা বিধানসভাখনক স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভা বুলি কোৱা হয়। সেই লেখেৰে ২০১১ চনলৈকে অসমত ১৩খন বিধানসভা গঠন কৰা হ'ল। [1][2]

ৰাজ্যৰ বিভাজন আৰু সমষ্টিৰ পুনৰ্গঠনৰ বাবে অসম বিধানসভাৰ আসনৰ সংখ্যা সময়ে-সময়ে পৰিবৰ্তন হৈ আহিছে। অসম বিধানসভাৰ আসনৰ সংখ্যা এনে ধৰণৰ

প্ৰথম বিধানসভা (১৯৫২-৫৭) ১০৮খন
দ্বিতীয় বিধানসভা (১৯৫৭-৬২) ১০৫খন
তৃতীয় বিধানসভা (১৯৬৭-৭২) ১১৪খন
পঞ্চম বিধানসভাৰ (১৯৭২-৭৮) পৰা বৰ্তমানলৈ ১২৬খন।[3]

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা

[সম্পাদনা কৰক]

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল[4]:

অসম প্ৰদেশ

[সম্পাদনা কৰক]
# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
বাবু বসন্ত কুমাৰ দাস ৭ এপ্ৰিল ১৯৩৭ ১১ মাৰ্চ, ১৯৪৬
দেৱেশ্বৰ শৰ্মা ১২ মাৰ্চ, ১৯৪৬ ১০ অক্টোবৰ, ১৯৪৭
লক্ষেশ্বৰ বৰুৱা ৫ নৱেম্বৰ, ১৯৪৭ ৩ মাৰ্চ, ১৯৫২
অসম বিধানসভা ভৱন

অসম ৰাজ্য

[সম্পাদনা কৰক]
# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
কুলধৰ চলিহা ৫ মাৰ্চ ১৯৫২ ৭ জুন, ১৯৫৭
দেৱকান্ত বৰুৱা ৮ জুন, ১৯৫৭ ১৫ ছেপ্তেম্বৰ, ১৯৫৯
মহেন্দ্ৰ মোহন চৌধুৰী ৯ ডিচেম্বৰ, ১৯৫৯ ১৯ মাৰ্চ, ১৯৬৭
হৰেশ্বৰ গোস্বামী ২০ মাৰ্চ, ১৯৬৭ ১০ মে, ১৯৬৮
মহীকান্ত দাস ২৭ আগষ্ট, ১৯৬৮ ২১ মাৰ্চ, ১৯৭২
ৰমেশ চন্দ্ৰ বৰুৱা ২২ মাৰ্চ, ১৯৭২ ২০ মাৰ্চ, ১৯৭৮
যোগেন্দ্ৰ নাথ হাজৰিকা ২১ মাৰ্চ, ১৯৭৮ ৪ ছেপ্তেম্বৰ, ১৯৭৯
শেইখ চান্দ মহম্মদ ৭ নৱেম্বৰ, ১৯৭৯ ৭ জানুৱাৰী, ১৯৮৬
পুলকেশ বৰুৱা ৯ জানুৱাৰী, ১৯৮৬ ২৭ জুলাই, ১৯৯১
১০ জীৱকান্ত গগৈ ২৯ জুলাই, ১৯৯১ ৯ ডিচেম্বৰ, ১৯৯২
১১ দেবেশ চন্দ্ৰ চক্ৰৱৰ্তী ২১ ডিচেম্বৰ, ১৯৯২ ১১ জুন, ১৯৯৬
১২ গণেশ কুটুম ১২ জুন, ১৯৯৬ ২৪ মে, ২০০১ অসম গণ পৰিষদ
১৩ পৃথিৱী মাঝি ৩০ মে, ২০০১ ১৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ টংক বাহদুৰ ৰায় ২৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ প্ৰণৱ কুমাৰ গগৈ[5] ৬ জুন, ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ ৰনজিত কুমাৰ দাস ১ জুন, ২০১৬ ভাৰতীয় জনতা পাৰ্টি
১৭ হিতেন্দ্ৰ নাথ গোস্বামী ৩০ জানুৱাৰী, ২০১৭ ভাৰতীয় জনতা পাৰ্টি
১৮বিশ্বজিৎ দৈমাৰী২১ মে',২০২১ভাৰতীয় জনতা পাৰ্টি
১৯ ৰনজিত কুমাৰ দাস ২০ মে' ২০২৬ বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টি

বিধানসভাৰ উপাধ্যক্ষসকল

[সম্পাদনা কৰক]

বিধানসভাৰ উপাধ্যক্ষসকলৰ তালিকা তলত দিয়া হৈছে।[6]

#নামকাৰ্য্যভাৰ গ্ৰহণঅৱসৰ
মৌলবী মহম্মদ আমৰুদ্দিন ৭ এপ্ৰিল ১৯৩৭ চন১৯৪৬
বনিলি খংমেন১৪ মাৰ্চ ১৯৪৬ চন
আৰ এন বৰুৱা ৬ মাৰ্চ ১৯৫২ চন১৯৫৭ চনৰ ১ এপ্ৰিল
আৰ এন বৰুৱা ১৯৫৭ চনৰ ১০ জুন২৮ ফেব্ৰুৱাৰী ১৯৬২ চন
ডি হাজৰিকা ৩১ মাৰ্চ ১৯৬২২৮ ফেব্ৰুৱাৰী ১৯৬৭
এম. কে. দাস ৩১ মাৰ্চ ১৯৬২ চন26 August 1968
এ. ৰহমান ২০ ছেপ্টেম্বৰ ১৯৬৮৯ নৱেম্বৰ ১৯৭০ চন
জে. শইকীয়া ১৩ নৱেম্বৰ ১৯৭০৯ জুন ১৯৭১ চন
আৰ.এন. সেন ২৪ মে ১৯৭১১৪ মাৰ্চ ১৯৭২ চন
১০গোলোক ৰাজবংশী ৬ এপ্ৰিল ১৯৭২৩ মাৰ্চ ১৯৭৮ চন
১১শ্বেখ চান্দ মহম্মদ ৩০ মাৰ্চ ১৯৭৮৬ নৱেম্বৰ ১৯৭৯
১২জি আহমেদ ১৩ নৱেম্বৰ ১৯৭৯১৯ মাৰ্চ ১৯৮২ চন
১৩এন.চি. কাথ হাজৰিকা২৫ মাৰ্চ ১৯৮৩১৮ আগষ্ট ১৯৮৫ চন
১৪ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই১ এপ্ৰিল ১৯৮৬১০ এপ্ৰিল ১৯৯০ চন
১৫বলোভদ্ৰ তামুলী২২ অক্টোবৰ ১৯৯০৮ জানুৱাৰী ১৯৯১
১৬দেৱেশ চক্ৰৱৰ্তী১৯৯১ চনৰ ১ আগষ্ট২০ ডিচেম্বৰ ১৯৯২ চন
১৭পৃথিবী মাঝি২৩ মাৰ্চ ১৯৯৩১১ মে’ ১৯৯৬
১৮নুৰুল হুছেইন ১৯৯৬ চনৰ ১৩ জুন১৯৯৮ চনৰ ১৮ আগষ্ট
১৯ ৰেণুপমা ৰাজখোৱা ১৪ মে’ ১৯৯১ চন ১৭ মে’ ২০০১
২০ টংকা বাহাদুৰ ৰায় ৩ এপ্ৰিল ২০০২ ১৪ মে’ ২০০৬ চন
২১ প্ৰণতি ফুকন ৩১ মে’ ২০০৬ ১৬ মে’ ২০১১
২২ ভীমানন্দ তাঁতী ৬ জুন ২০১১ ১৯ মে’ ২০১৬
২৩ দিলীপ কুমাৰ পাল ৩ জুন ২০১৬ ৮ মে’ ২০১৮
২৪ কৃপানাথ মাল্লা ২৬ ছেপ্টেম্বৰ ২০১৮ ৪ জুন ২০১৯
২৫ আমিনুল হক লস্কৰ ৩১ জুলাই ২০১৯ ২ মে' ২০২১
২৬ নোমল মমিন ২১ মে’ ২০২১

বৰ্তমানৰ বিধায়কসকলৰ তালিকা

[সম্পাদনা কৰক]
উৎস:[7][8]
জিলা নং সমষ্টি নাম দল মিত্ৰজোঁট মন্তব্য
কোকৰাঝাৰ 1 গোসাইগাঁও সভাৰাম বসুমতাৰী Bodoland People's Front National Democratic Alliance
2 দোতমা (জনজাতি) ৰবিৰাম নাৰ্জাৰী
3 কোকৰাঝাৰ (জনজাতি) শিউলী মহিলাৰী
4 বাওখুংৰি ৰূপম চন্দ্ৰ ৰয়
5 পৰ্বতঝোৰা মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ Indian National Congress Asom Sonmilito Morcha
ধুবুৰী 6 গোলকগঞ্জ অশ্বিনী ৰায় সৰকাৰ Bharatiya Janata Party National Democratic Alliance
7 গৌৰীপুৰ আব্দুছ ছোবাহান আলী সৰকাৰ Indian National Congress Asom Sonmilito Morcha
8 ধুবুৰী বেবী বেগম
9 বিৰসিং জৰুৱা ৱাজেদ আলী চৌধুৰী
10 বিলাসীপাৰা জিৱেশ ৰায় Asom Gana Parishad National Democratic Alliance
দক্ষিণ শালমাৰা-মানকাচৰ 11 মানকাচৰ মহিবুৰ ৰহমান Indian National Congress Asom Sonmilito Morcha
গোৱালপাৰা 12 জলেশ্বৰ আফতাব উদ্দিন মোল্লা
13 গোৱালপাৰা পশ্চিম (জনজাতি) পবিত্ৰ ৰাভা Bharatiya Janata Party National Democratic Alliance
14 গোৱালপাৰা পূব আবুল কালাম ৰছিদ আলম Indian National Congress Asom Sonmilito Morcha
15 দুধনৈ (জনজাতি) টংকেশ্বৰ ৰাভা Bharatiya Janata Party National Democratic Alliance
বঙাইগাঁও 16 অভয়াপুৰী ভূপেন ৰয় Bharatiya Janata Party National Democratic Alliance
17 সৃজনগ্ৰাম মহম্মদ নুৰুল ইছলাম Indian National Congress Asom Sonmilito Morcha
18 বঙাইগাঁও দীপ্তিময়ী চৌধুৰী Asom Gana Parishad National Democratic Alliance
চিৰাং 19 চিদলী–চিৰাং (জনজাতি) পানীৰাম ব্ৰহ্ম Bodoland People's Front National Democratic Alliance
20 বিজনী অৰূপ কুমাৰ দে Bharatiya Janata Party
বজালী 21 ভৱানীপুৰ–সৰভোগ ৰঞ্জিত কুমাৰ দাস Bharatiya Janata Party National Democratic Alliance
বৰপেটা 22 মন্দিয়া শ্বেৰমান আলী আহমেদ Trinamool Congress Independent politician
23 চেঙা আব্দুৰ ৰহিম আহমেদ Indian National Congress Asom Sonmilito Morcha
24 বৰপেটা (অনুসূচিত জাতি) দীপক কুমাৰ দাস Asom Gana Parishad National Democratic Alliance
25 পকাবেতবাৰী জাবেৰ হুছেইন সিকদাৰ Indian National Congress Asom Sonmilito Morcha
বজালী 26 বজালী ধৰ্মেশ্বৰ ৰায় Asom Gana Parishad National Democratic Alliance
কামৰূপ 27 ছমৰীয়া ৰেকিবুদ্দিন আহমেদ Indian National Congress Asom Sonmilito Morcha
28 বকো–ছয়গাঁও (জনজাতি) ৰাজু মেচ Bharatiya Janata Party National Democratic Alliance
29 পলাশবাৰী হিমাংশু শেখৰ বৈশ্য
30 হাজো–শুৱালকুছি (অনুসূচিত জাতি) প্ৰকাশ চন্দ্ৰ দাস Asom Gana Parishad
31 ৰঙিয়া ভৱেশ কলিতা Bharatiya Janata Party
32 কমলপুৰ দিগন্ত কলিতা
কামৰূপ মহানগৰ 33 দিছপুৰ প্ৰদ্যুৎ বৰদলৈ Bharatiya Janata Party National Democratic Alliance
34 ডিমৰীয়া (অনুসূচিত জাতি) তপন দাস Asom Gana Parishad
35 নিউ গুৱাহাটী ডিপ্লু ৰঞ্জন শৰ্মা Bharatiya Janata Party
36 গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তা
37 জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী
নলবাৰী 38 বৰক্ষেত্ৰী নাৰায়ণ ডেকা Bharatiya Janata Party National Democratic Alliance
39 নলবাৰী জয়ন্ত মল্ল বৰুৱa
40 টিহু চন্দ্ৰ মোহন পাটোৱাৰী
বাক্সা 41 মানাহ থানেেশ্বৰ বসুমতাৰী Bodoland People's Front National Democratic Alliance
42 বাক্সা (জনজাতি) মনেশ্বৰ ব্ৰহ্ম
তামুলপুৰ 43 তামুলপুৰ (জনজাতি) বিশ্বজিৎ দৈমাৰী Bharatiya Janata Party National Democratic Alliance
44 গোৰেশ্বৰ ভিক্টৰ কুমাৰ দাস
ওদালগুৰি 45 ভেৰগাঁও মহেশ্বৰ বৰো Bodoland People's Front National Democratic Alliance
46 ওদালগুৰি (জনজাতি) ৰিহন দৈমাৰী
47 মাজবাট চৰণ বৰো
48 টংলা বীকন চন্দ্ৰ ডেকা Bharatiya Janata Party
দৰং 49 ছিপাঝাৰ পৰমানন্দ ৰাজবংশী Bharatiya Janata Party National Democratic Alliance
50 মঙলদৈ নীলিমা দেৱী
51 দলগাঁও মজিবুৰ ৰহমান All India United Democratic Front Independent politician
মৰিগাঁও 52 জাগীৰোড (অনুসূচিত জাতি) পীয়ূষ হাজৰীকা Bharatiya Janata Party National Democratic Alliance
53 লাহৰিঘাট আচিফ মহম্মদ নজৰ Indian National Congress Asom Sonmilito Morcha
54 মৰিগাঁও ৰামাকান্ত দেউৰী Bharatiya Janata Party National Democratic Alliance
নগাঁও 55 ধিং মেহবুব মুখ্তাৰ Raijor Dal Asom Sonmilito Morcha
56 ৰূপহীহাট নুৰুল হুদা Indian National Congress
57 কলিয়াবৰ केशৱ মহন্ত Asom Gana Parishad National Democratic Alliance
58 চামগুৰি তাঞ্জিল হুছেইন Indian National Congress Asom Sonmilito Morcha
59 বঢ়মপুৰ জিতু গোস্বামী Bharatiya Janata Party National Democratic Alliance
60 নগাঁও–বটদ্ৰৱা ৰূপক শৰ্মা
61 ৰহা (অনুসূচিত জাতি) শশীকান্ত দাস
হোজাই 62 বিন্নাকান্দি মহম্মদ বদৰুদ্দিন আজমল All India United Democratic Front Independent politician
63 হোজাই শিলাদিত্য দেৱ Bharatiya Janata Party National Democratic Alliance
64 লামডিং শিবু মিশ্ৰ
শোণিতপুৰ 65 ঢেকিয়াজুলি অশোক সিংঘল Bharatiya Janata Party National Democratic Alliance
66 বৰচলা ঋতু বৰণ শৰ্মা
67 তেজপুৰ প্ৰীথীৰাজ ৰাভা Asom Gana Parishad National Democratic Alliance
68 ৰঙাপাৰা কৃষ্ণ কমল তাঁতী Bharatiya Janata Party National Democratic Alliance
69 নদুৱাৰ পদ্ম হাজৰীকা
বিশ্বনাথ 70 বিশ্বনাথ পল্লৱ লোচন দাস Bharatiya Janata Party National Democratic Alliance
71 বিহালী (অনুসূচিত জাতি) মুনীন্দ্ৰ দাস
72 গহপুৰ উৎপল বৰা
লক্ষীমপুৰ 73 বিহপুৰীয়া ভূপেন কুমাৰ বৰা Bharatiya Janata Party National Democratic Alliance
74 ৰঙানদী ঋষিৰাজ হাজৰীকা
75 নাওবৈচা (অনুসূচিত জাতি) জয় প্ৰকাশ দাস Indian National Congress Asom Sonmilito Morcha
76 লখিমপুৰ মানব ডেকা Bharatiya Janata Party National Democratic Alliance
77 ঢকুৱাখনা (জনজাতি) নৱ কুমাৰ দলে
ধেমাজি 78 ধেমাজি (জনজাতি) ৰণোজ পেগু Bharatiya Janata Party National Democratic Alliance
79 চিচিবৰগাঁও জীৱন গগৈ
80 জোনাই (জনজাতি) ভূৱন পেগু
তিনিচুকীয়া 81 শদিয়া বলিন চেতিয়া Bharatiya Janata Party National Democratic Alliance
82 ডুমডুমা ৰূপেশ গোৱালা
83 মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা
84 ডিগবৈ সুৰেন ফুকন
85 মাকুম সঞ্জয় কিষাণ
86 তিনিচুকীয়া পুলক গোহাঁই
ডিব্ৰুগড় 87 চাবুৱা–লাহোৱাল বিনোদ হাজৰীকা Bharatiya Janata Party National Democratic Alliance
88 ডিব্ৰুগড় প্ৰশান্ত ফুকন
89 খোৱাং চক্ৰধৰ গগৈ
90 দুলিয়াজান ৰামেশ্বৰ তেলী
91 টিংখং বিমল বৰা
92 নাহৰকটীয়া তৰংগ গগৈ
চৰাইদেউ 93 সোণাৰি ধৰ্মেশ্বৰ কোঁৱৰ Bharatiya Janata Party National Democratic Alliance
94 মাহমৰা সুৰুজ দিহিঙীয়া
শিৱসাগৰ 95 ডিমৌ সুশান্ত বুঢ়াগোহাঁই Bharatiya Janata Party National Democratic Alliance
96 শিৱসাগৰ অখিল গগৈ Raijor Dal Asom Sonmilito Morcha
97 নাজিৰা ময়ূৰ বুঢ়াগোহাঁই Bharatiya Janata Party National Democratic Alliance
মাজুলী 98 মাজুলী (জনজাতি) ভুবন গাম Bharatiya Janata Party National Democratic Alliance
যোৰহাট 99 টীয়ক বিকাশ শইকীয়া Asom Gana Parishad National Democratic Alliance
100 যোৰহাট হিতেন্দ্ৰ নাথ গোস্বামী Bharatiya Janata Party National Democratic Alliance
101 মৰিয়নি ৰূপজ্যোতি কুৰ্মী
102 তিতাবৰ ধীৰাজ গোৱালা
গোলাঘাট 103 গোলাঘাট অজন্তা নেওগ Bharatiya Janata Party National Democratic Alliance
104 দেৰগাঁও মৃদুল কুমাৰ দত্ত
105 বোকাখাত অতুল বৰা Asom Gana Parishad National Democratic Alliance
106 খুমটাই مৃণাল শইকীয়া Bharatiya Janata Party National Democratic Alliance
107 সৰুপথাৰ বিশ্বজিৎ ফুকন
কাৰ্বি আংলং 108 বোকাজান (জনজাতি) সূৰ্য ৰংফাৰ Bharatiya Janata Party National Democratic Alliance
109 হাউৰাঘাট (জনজাতি) লুনচিং টেৰণ
110 ডিফু (জনজাতি) নিচো টেৰাংপীয়নী
পশ্চিম কাৰ্বি আংলং 111 ৰংখাং (জনজাতি) তুলিৰাম ৰংহাং Bharatiya Janata Party National Democratic Alliance
112 আমৰি (জনজাতি) হাব্বে টেৰণ
ডিমা হাচাও 113 হাফলং (জনজাতি) ৰূপালী লাংথচা Bharatiya Janata Party National Democratic Alliance
কাছাৰ 114 লক্ষীপুৰ কৌশিক ৰায় Bharatiya Janata Party National Democratic Alliance
115 উধাৰবন্দ ৰাজদ্বীপ গোৱালা
116 কাটিগড়া কমলাক্ষ দে পুৰকায়স্থ
117 বৰখলা কিশোৰ নাথ
118 শিলচৰ ড° ৰাজদ্বীপ ৰয়
119 সোণাই আমিনুল হক লস্কৰ Indian National Congress Asom Sonmilito Morcha
120 ধলাই (অনুসূচিত জাতি) অমিয় কান্তি দাস Bharatiya Janata Party National Democratic Alliance
হাইলাকান্দি 121 হাইলাকান্দি ড° মিলন দাস Bharatiya Janata Party National Democratic Alliance
122 আলগাপুৰ–কাটলিচেৰা জুবেৰ আনাম মজুমদাৰ Indian National Congress Asom Sonmilito Morcha
শ্ৰীভূমি 123 উত্তৰ কৰিমগঞ্জ জাকাৰিয়া আহমেদ Indian National Congress Asom Sonmilito Morcha
124 দক্ষিণ কৰিমগঞ্জ আমিনুৰ ৰছিদ চৌধুৰী
125 পাথাৰকান্দি কৃষ্ণেন্দু পাল Bharatiya Janata Party National Democratic Alliance
126 ৰামকৃষ্ণ নগৰ (অনুসূচিত জাতি) বিজয় মালাকাৰ Bharatiya Janata Party National Democratic Alliance

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. চন্দ্ৰ কুমাৰ বৰুৱা (১-১৫ মে ২০১২). "অসম বিধানসভাৰ ৭৫ বছৰ". প্ৰান্তিক: ১২, ১৩ পৃঃ.
  2. "অসম বিধানসভাৰ বিভাগীয় ৱেবচাইট". http://assamassembly.gov.in/history.html আহৰণ কৰা হৈছে: May 04, 2012.
  3. "অসম বিধানসভাৰ বিভাগীয় ৱেবচাইট". http://assamassembly.gov.in/history.html আহৰণ কৰা হৈছে: May 04, 2012.
  4. "List of Speakers since 1937". http://assamassembly.gov.in/speaker-list.html আহৰণ কৰা হৈছে: 9 December 2010.
  5. Members of 13th Assembly sworn in - Pranab Gogoi elected Assam Speaker
  6. "List of Deputy Speakers since 1937". 28 August 2021. http://assamassembly.gov.in/dyspeaker-list.html আহৰণ কৰা হৈছে: 4 March 2022.
  7. "Assam Assembly Election 2026: Full list of winners" (en-IN ভাষাত). The Hindu. 2026-05-04. ISSN 0971-751X. https://www.thehindu.com/elections/assam-assembly/assam-assembly-election-2026-results-full-list-of-winners/article70938261.ece.
  8. "Assam Assembly Election Results 2026 Winners: BJP wins 82 seats, Congress 19 – Check Constituency-Wise, Party-Wise Full List" (en ভাষাত). The Indian Express. 2026-05-04. https://indianexpress.com/article/india/assam-assembly-election-results-2026-winners-list-constituency-wise-seat-wise-10663920/ আহৰণ কৰা হৈছে: 2026-05-05.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]