বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


শিলচৰৰ ৰেলৱে ষ্টেচনৰ ঘটনাৰ প্ৰতিবাদ

বঙালী ভাষা আন্দোলন অসমৰ বৰাক উপত্যকাত বঙালী লোক সংখ্যাগৰিষ্ঠ হোৱা স্বত্বেও অসম চৰকাৰে গোটেই অসমতে অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বিৰুদ্ধে বৰাক উপত্যকাত হোৱা এটি গণ আন্দোলন। অসম পুলিচৰ গুলীত ১১ জন আন্দোলনকাৰী শ্বহীদ হোৱা এই আন্দোলনৰ আটাইতকৈ উল্লেখযোগ্য ঘটনাটো ১৯ মে', ১৯৬১ চনত ঘটিছিল।

১৯৬০-৬১ চনৰ ঘটনাৱলী[সম্পাদনা কৰক]

১৯৬০ চনৰ এপ্ৰিলত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে গোটেই অসমত অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ এক প্ৰস্তাৱ আগবঢ়াইছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বঙালীৰ মাজত সংঘাত তুংগত উঠুছিল। জুলাই-ছেপ্তেম্বৰ মাহ আটাইতকৈ বেছি হিংসাত্মক হৈ উঠিছিল। এই সময়ত প্ৰায় ৫০,০০০ বঙালী হিন্দু পশ্চিম বংগলৈ আৰু প্ৰায় ৯০,০০০ লোক বৰাক উপত্যকা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন আন ঠাই সমূহলৈ পলাই গৈছিল। ন্যায়াধীশ গোপাল মেহৰোত্ৰাৰ নেতৃত্বত এখন এজনীয়া অনুসন্ধানকাৰী সনিতি গঠন কৰা হৈছিল। সমিতিয়ে দাখিল কৰা তথ্যমতে কামৰূপ জিলাৰ গোৰেশ্বৰ অঞ্চল আটাইটকৈ বেয়াকৈ হিংসাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ইয়াৰ ২৫ খন গাৱত বঙালী হিন্দু সকলৰ প্ৰায় ৪০১৯ টা জুপুৰি আৰু ৫৮ টা ঘৰ ধ্বংস কৰা হৈছিল। ৯ জন বঙালী হিন্দুক হত্যা কৰা হৈছিল আৰু শতাধিক লোক আহত হৈছিল।

১০ অক্টোবৰ, ১৯৬০ চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই অসমীয়াক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বিধেয়কখন উত্থাপন কৰে। উত্তৰ কৰিমগঞ্জৰ বিধায়ক ৰনেন্দ্ৰ মোহন দাসে এই বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু ২৪ অক্টোবৰত বিধেয়ক খন বিধান সভাত গৃহীত হয়।

বৰাক উপত্যকাৰ বঙালী সকলৰ ওপৰত অসমীয়া ভাষাটো জাপি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ১৯৬১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে কাচাৰ গণ সংগ্ৰাম পৰিষদ নামৰ সংগঠন এটি জন্ম হয়। অসম চৰকাৰৰ এই অন্যায়ৰ বিৰুদ্ধে ১৪ এপ্ৰিল তাৰিখে শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লোকসকলে সংকল্প দিৱস পালন কৰে। বৰাকৰ জনগণৰ মাজত সজগতা সৃষ্টি কৰিবলৈ এই পৰিষদে ২৪ এপ্ৰিলত এপষেক জোৰা এটি পদযাত্ৰা উলিয়াইছিল। ২ মে' ত শেষ হোৱা এই পদযাত্ৰাটোত অংশ লোৱা সত্যাগ্ৰহী সকলে প্ৰায় ২০০ মাইল উপত্যকাটোৰ গাৱে গাৱে ঘূৰি প্ৰচাৰ চলাইছিল। পদযাত্ৰাৰ শেষত পৰিষদৰ মূখ্যাধিকাৰী ৰথীন্দ্ৰনাথ সেনে ঘোষণা কৰিছিল যে যদি ১৩ এপ্ৰিল,১৯৬১ চনৰ ভিতৰত বঙালীক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা নহয়, ১৯ মে ত তেওঁলোকে ব্যাপক হৰতাল কৰিব।

১২ মে'ত অসম ৰাইফল, মাদ্ৰাজ ৰজিমেন্ট আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীয়ে শিলচৰত ফ্লেগ মাৰ্চ কৰিছিল। ১৮ মে' ত অসম পুলিচে আন্দোলনৰ তিনিজন নেতা নলিনীকান্ত দাস, ৰথীন্দ্ৰনাথ সেন আৰু বিধুভুষণ চৌধুৰী (সাপ্তাহিক যুগশক্তিৰ সম্পাদক) ক গ্ৰেপ্তাৰ কৰে।

১৯ মে' ত শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত হৰতাল আৰু পিকেটিং আৰম্ভ হ'ল। কৰিমগঞ্জত আন্দোলনকাৰী সকলে চৰকাৰী কাৰ্যালয়, ৰেলৱে ষ্টেচন, ক'ৰ্ট আদিত পিকেটিং কৰিছিল। শিলচৰত তেওঁলোকে ৰেলৱে ষ্টেচনত কৰিছিল। শেষৰ ৪ বজাৰ ৰেলখনৰ সময় পাৰ হোৱাৰ পিছত হৰতাল শেষ কৰাৰ কথা আছিল। ৰাতিপুৱাৰ ৫:৪০ ৰ ৰেলখনৰ এখনো টিকট বিক্ৰী হোৱা নাছিল। ৰাতিপুৱাৰ ভাগত হৰতাল শান্তিপূৰ্ণ ভাৱে পাৰ হৈছিল। কিন্তু আৱেলি ষ্টেচন অসম ৰাইফল আহি উপস্থিত হৈছিল।

প্ৰায় ২:৩০ বজাত নজন সত্যাগ্ৰহীক গ্ৰেপ্তাৰ কৰি কঢ়িয়াই নিয়া পুলিচৰ ট্ৰাক এখন তাৰাপুৰ ষ্টেচনৰ কাষেৰে পাৰ হৈ গৈছিল। পিকেটিংকাৰী সকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা দেখি তীব্ৰ প্ৰ্তিবাদ কৰিলে। ভয়তে পুলিচকেইজন পলাই যাব লগা হৈছিল। ইয়াৰ পিছত কোনো অচিনাক্ত লোকে ট্ৰাকখন জ্বলাই দিছিল। ইয়াৰ পিছত প্ৰায় ২:৩৫ বজাত ষ্টেচনৰ সুৰক্ষাত থকা পেৰামিলিটাৰী বাহিনীয়ে আন্দোলনকাৰীসকলক বন্দুক আৰু লাঠীৰে কোবাবলৈ ধৰিলে। ইয়াৰ পিছত সাত মিনিটৰ ভিতৰত তেওঁলোকে ১৭ ৰাউণ্ড গুলী আন্দোলনকাৰী সকললৈ লক্ষ্য কৰি চলালে। ১২ জন লোকৰ দেহত গুলী লাগিছিল। তেওঁলোকৰ নজন সিদিনাই নিহত হৈছিল। দুজন পিছত ঢুকাইছিল। ২০ মে' ত শিলচৰৰ লোকসকলে শ্বহীদ সকলৰ শৱদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এই ঘটনাৰ পিছত অসম চৰকাৰে বৰাক উপত্যকাত বাংলাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।

স্মৰণ[সম্পাদনা কৰক]

শিলচৰৰ ৰেলৱে ষ্টেচনত 'ভাষা স্বহিদ ষ্টেচন' নামৰ ফলক

তেতিয়াৰ পৰা ১৯ মে' দিনটো বৰাক উপত্যকাৰ লগতে ভাৰতৰ আন অংশতো বঙালী ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।

শ্বহীদ সকলৰ নাম[সম্পাদনা কৰক]

১১ জন লোক ১৯৬১ চনৰ ১৯ মে' ৰ পুলিচৰ গুলীত শ্বহীদ হৈছিল। ইয়াৰ নজন সিদিনাই আৰু দুজন পিছত শ্বহীদ হৈছিল।

  • কানাইলাল নিয়োগি
  • চন্দীচৰণ সূত্ৰধৰ
  • হিতেশ বিশ্বাস
  • সত্যেন্দ্ৰ দেৱ
  • কুমুদ ৰঞ্জন দাস
  • সুনিল সৰকাৰ
  • শচীন্দ্ৰ চন্দ্ৰ পাল
  • বিৰেন্দ্ৰ সূত্ৰ্ধৰ
  • সুকমল পুৰকায়ষ্ঠ
  • কমলা ভট্টচাৰ্য্য

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]