তৱাইফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তৱাইফ (ইংৰাজী: Tawaif) হ'ল মোগল যুগৰ শ্ৰেষ্ঠ বিনোদনকাৰী, যি ভাৰতীয় উপমহাদেশৰ আভিজাত্যক লালন কৰিছিল। তৱাইফসকল সংগীত, নৃত্য (মুজ্‌ৰা), থিয়েটাৰ আৰু উৰ্দ্দু সাহিত্যত অতি নামকৰা আছিল আৰু এই বিভাগসমূহলৈ তেওঁলোকৰ অৱদান আগবঢ়াইছিল।[1] শিষ্টাচাৰৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব উদাহৰণ যোগ্য। ১৬শ শতিকাৰ মোগল দৰবাৰীয় সংস্কৃতিত গা কৰি উঠা তৱাইফসকল হৈছে ঘাইকৈ উত্তৰ ভাৰতীয় সংস্থা।[2] ১৮শ শতিকাৰ মধ্যভাগত মোগল শাসন দুৰ্বল হৈ অহাৰ সময়ত তেওঁলোক বেছি প্ৰসিদ্ধ হৈ উঠিছিল।[3] পৰম্পৰাগত নৃত্য আৰু সংগীত ক্ষেত্ৰলৈ তেওঁলোকে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল[4] আৰু আধুনিক ভাৰতীয় চিনেমাৰ উত্থান ঘটাইছিল।

ইতিহাস[সম্পাদনা কৰক]

মিচি নামৰ এটি অনুষ্ঠানৰ জৰিয়তে তৱাইফসকলক তেওঁলোকৰ বৃত্তিত আনুষ্ঠানিক প্ৰৱেশ কৰোৱা হৈছিল; য'ত প্ৰথাগতভাৱে দাঁতবোৰ ক'লা কৰি তেওঁলোকৰ অভিষেক কৰোৱা হৈছিল।[5]

এইটো বিশ্বাস কৰা হয় যে যুৱ নৱাবসকলক ব্যৱহাৰ আৰু শিষ্টাচাৰ শিকিবলৈ এই তৱাইফসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল; ভাল সংগীত আৰু সাহিত্যৰ পাৰ্থক্য অনুধাৱন কৰা আৰু ইয়াৰ প্ৰশংসা কৰাৰ ক্ষমতা অৰ্জনৰ শিক্ষা তেওঁলোকক দিয়া হৈছিল আৰু বোধহয় বিশেষকৈ গজল লিখাৰ কলাকে আদি কৰি অন্যান্য কলাসমূহৰ অনুশীলনো কৰোৱা হৈছিল। ওঠৰশ শতিকাৰ ভিতৰত, তেওঁলোক উত্তৰ ভাৰতৰ নম্ৰ, পৰিশোধিত সংস্কৃতিৰ কেন্দ্ৰীয় উপাদান হৈ পৰিছিল।

তৱাইফসকলে মেহফিলত তেওঁলোকৰ প্ৰেমিকসকলৰ মনোৰঞ্জনৰ বাবে নাচে, গান গায় (বিশেষকৈ গজল) আৰু কবিতা আবৃত্তি (শ্বায়েৰী) কৰে। জাপানৰ গেইছা বৃত্তি[6]ৰ দৰে তেওঁলোকৰ মূল উদ্দেশ্য হ'ল বৃত্তিগতভাৱে নিজৰ আলহীৰ মনোৰঞ্জন কৰা; য'ত যৌন সম্ভোগৰ প্ৰতিশ্ৰুতি দিয়া নহয়, ই ঘটনাক্ৰমেহে হয়। উচ্চ বৰ্গীয় বা জনপ্ৰিয় তৱাইফসকলে তেওঁলোকৰ প্ৰেমিকসকলৰ মাজৰপৰা শ্ৰেষ্ঠজনক নিজে নিৰ্বাচন কৰে।

জনপ্ৰিয় কিছু তৱাইফ হ'ল- বেগম শম্ৰু, মৰাণ চৰকাৰ (মহাৰজা ৰঞ্জিত সিঙৰ পত্নীৰ খিতাপ পাইছিল), ৱাজিৰন (লক্ষ্ণৌৰ অন্তিম নবাব ৱাজিদ আলী শ্বাহে এওঁৰ পৃষ্ঠপোষকতা কৰিছিল), বেগম হজৰত মহল (ৱাজিদ আলিৰ প্ৰথমগৰাকী পত্নী, যি ভাৰতীয় বিদ্ৰোহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল), গৌহৰ জান (এগৰাকী উল্লেখযোগ্য ধ্ৰুপদী গায়িকা যি ভাৰতৰ প্ৰথম ৰেকৰ্ডৰ বাবে গান গাইছিল) আৰু জোহৰাবাঈ আগ্ৰেৱালী।

পতন[সম্পাদনা কৰক]

১৮৫৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অৱধ অধিকাৰ কৰাৰ পিছতে এই মধ্যযুগীয় সংস্থাটোৰ পতন ঘটিবলৈ আৰম্ভ কৰে। ঔপনিবেশিক চৰকাৰৰ দ্বাৰা তেওঁলোকক ভাল চকুৰে চোৱা নহৈছিল আৰু শেষত তেওঁলোকক সংস্থাপনৰ অভাৱৰ দোহাই দি পতিতাবৃত্তিত নিয়োজিত হ'বলৈ বাধ্য কৰোৱা হৈছিল। সমাজ সংস্কাৰকসকলে সামাজিক পতন আখ্যা দি তেওঁলোকৰ বিৰোধিতা কৰিছিল।[7] ১৯৪৭ চনত ভাৰত স্বাধীন হোৱালৈকে এই সংস্থাটো চলি আছিল।

বিখ্যাত তৱাইফসকলৰ কেইগৰাকীমান হ'ল[8]:

জনপ্ৰিয় সংস্কৃতি[সম্পাদনা কৰক]

তৱাইফসকলক মুখ্য চৰিত্ৰ ৰূপে লৈ বলিউডত দেৱদাস (১৯৫৫), সাধনা (১৯৫৮), পাকিজা (১৯৭২), অমৰ প্ৰেম (১৯৭২০), উমৰাও জান (১৯৮১) আদি চলচ্চিত্ৰ আৰু পাকিস্তানত দীৱাৰ-এ-চাব, উমৰাও জান আদা, অঞ্জুমান আদি ড্ৰামা নিৰ্মিত হৈছে; যি তৱাইফসকলক আকৰ্ষণীয় ৰূপত চিত্ৰিত কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Mapping cultures". The Hindu (Chennai, India). 2004-08-11. Archived from the original on 2004-11-27. https://web.archive.org/web/20041127054112/http://www.hindu.com/mp/2004/08/11/stories/2004081101090100.htm. 
  2. Schoffield, Katherine Butler (April 2012). "The Courtesan Tale: Female Musicians and Dancers in Mughal Historical Chronicles, c.1556–1748". Gender & History খণ্ড 24 (1): 150–171. doi:10.1111/j.1468-0424.2011.01673.x. 
  3. "Fall of a culture". Tribune India. http://www.tribuneindia.com/2009/20090920/spectrum/main2.htm. 
  4. Dance in Thumri, Projesh Banerji, Abhinav Publications, 1986, p. 31
  5. "Zumbroich, Thomas J. (2015) 'The missī-stained finger-tip of the fair': A cultural history of teeth and gum blackening in South Asia. eJournal of Indian Medicine 8(1): 1–32". https://oxford.academia.edu/ThomasZumbroich। আহৰণ কৰা হৈছে: 2015-03-31. 
  6. "Courtesans resisted male dominance". Times of India. 29 December 2002. Archived from the original on 16 September 2011. https://web.archive.org/web/20110916050107/http://articles.timesofindia.indiatimes.com/2002-12-29/lucknow/27292450_1_male-dominance-oldenburg-lucknow. 
  7. Indian Classical Dance and the Making of Postcolonial National Identities: Dancing on Empire's Stage, Sitara Thobani, Routledge, 27 March 2017
  8. A Few Famous Tawaifs of the Time, THE TAWAIF, THE ANTI – NAUTCH MOVEMENT, AND THE DEVELOPMENT OF NORTH INDIAN CLASSICAL MUSIC: Part 6 – The Passing of the Torch Archived 2020-12-18 at the Wayback Machine, David Courtney, 23 February 2016
  9. GAUHER JAN FIRST INDIAN RECORD IN KOLKATTA, Oct 31, 2009
  10. "Zareena Begum, Awadh's last royal singer, dies at 88" (en ভাষাত). www.hindustantimes.com. 2018-05-12. https://www.hindustantimes.com/india-news/zareena-begum-awadh-s-last-royal-singer-dies-at-88/story-7D9j517oIinlqRuTUlh34H.html.