বেগম হজৰত মহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বেগম হজৰত মহল
অৱধৰ বেগম

বেগম হজৰত মহল
জন্ম মুহাম্মদী খানুম
১৮২০
ফৈজাবাদ, অৱধ
মৃত্যু ৭ এপ্ৰিল ১৮৭৯ (৫৯ বছৰ)
কাঠমাণ্ডু, নেপাল
ধৰ্ম শ্বিয়া ইছলাম[1]
দাম্পত্যসঙ্গী নৱাব ৱাজিদ আলি শ্বাহ

বেগম হজৰত মহল (ইংৰাজী: Begum Hazrat Mahal, ১৮২০ – ৭ এপ্ৰিল ১৮৭৯) অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ অৱধ ৰাজ্যৰ শাসনকৰ্তা নৱাব ৱাজিদ আলি শ্বাহৰ দ্বিতীয় পত্নী আছিল। নৱাব ৱাজিদ আলি শ্বাহে তেওঁক তেওঁৰ ৰাজপ্ৰাসাদত লগ পাইছিল। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। অৱশেষত তেওঁ নেপাল হাল্লাউৰত শৰণাৰ্থী হিচাপে আশ্ৰয় পাইছিল আৰু ১৮৭৯ চনত নেপালৰ কাঠমাণ্ডুত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ স্বামীক কলিকতালৈ নিৰ্বাসিত কৰাৰ পিছত তেওঁ অৱধ ৰাজ্যৰ দায়িত্ব লৈছিল আৰু লক্ষ্ণৌৰ নিয়ন্ত্ৰণ জব্দ কৰিছিল। বেগম হজৰত মহলে তেওঁৰ পুত্ৰ ৰাজকুমাৰ বিৰজিছ কাদৰক অৱধৰ ৱালি (শাসক) পাতিছিল। অৱশ্যে তেওঁ অতি কম সময়ৰ বাবে ৰাজত্ব কৰাৰ পিছত ৰাজপাট ত্যাগ কৰিবলৈ বাধ্য হৈছিল।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

সৰুতে হজৰত মহলৰ নাম আছিল মুহাম্মদী খানুম আৰু তেওঁৰ জন্ম ১৮২০ চনত ব্ৰিটিছ ভাৰতৰ অৱধৰ ফৈজাবাদত হৈছিল। তেওঁ বৃত্তিৰে এগৰাকী দেহোপজীৱিনী আছিল। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ৰাজকীয় প্ৰতিনিধিলৈ বিক্ৰী কৰাৰ পিছত ৰাজকীয় হেৰেমলৈ লৈ যোৱা হৈছিল আৰু পিছলৈ এওঁ 'পৰী'ৰ মৰ্যাদা লাভ কৰিছিল।[3] তেওঁক হেৰেমত মহক পৰি বুলি কোৱা হৈছিল। অৱধ ৰজায়ে তেওঁক ৰাজকীয় উপপত্নী হিচাপে গ্ৰহণ কৰাৰ পিছত তেওঁ বেগম উপাধি লাভ কৰিছিল।[4] তেওঁলোকৰ সন্তান বিৰজিছ কাদৰৰ জন্মৰ পিছত তেওঁক 'হজৰত মহল' উপাধি প্ৰদান কৰা হৈছিল।

তেওঁ শেষ তাজদাৰ-ই-অৱধ ৱাজিদ আলি শ্বাহৰ এগৰাকী উপপত্নী পত্নী আছিল।[5] ব্ৰিটিছসকলে ১৮৫৬ চনত অৱধক নিজৰ সাম্ৰাজ্যত অন্তৰ্গত কৰিছিল আৰু ৱাজিদ আলি শ্বাহক কলিকতালৈ নিৰ্বাসিত কৰিছিল। তেওঁৰ স্বামীক কলিকতালৈ নিৰ্বাসিত কৰাৰ পিছত তেওঁ নৱাবৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছতো অৱধ ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।[6] অৱধ ৰাজ্য ভাৰতৰ বৰ্তমানৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এক অংশ।

চিপাহী বিদ্ৰোহ ১৮৫৭[সম্পাদনা কৰক]

১৮৫৭ চনৰ ভাৰতৰ চিপাহী বিদ্ৰোহৰ সময়ত ১৮৫৭ চনৰ পৰা ১৮৫৮ লৈ ৰজা জালাল সিঙৰ নেতৃত্বত বেগম হজৰত মহলৰ সমৰ্থক দলে ব্ৰিটিছৰ বাহিনীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। পিছত তেওঁলোকে লক্ষ্ণৌৰ নিয়ন্ত্ৰণ জব্দ কৰে আৰু বেগম হজৰত মহলৰ পুত্ৰ বিৰজিছ কাদৰক আৱাধৰ শাসক (ৱালি) হিচাপে ঘোষণা কৰিছিল।[3]

বেগম হজৰত মহলৰ এটা মুখ্য অভিযোগ আছিল যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেৱল ৰাস্তাৰ পথ তৈয়াৰ কৰিবলৈ নৈমিত্তিকভাৱে মন্দিৰ আৰু মছজিদ ধ্বংস কৰিছিল।[7] বিদ্ৰোহৰ অন্তিম কালত জাৰী কৰা এক ঘোষণাত তেওঁ উপাসনাৰ স্বাধীনতা বাহাল ৰখাৰ বাবে ব্ৰিটিছৰ দাবীক উপহাস কৰিছিল:[7]

গাহৰি খাবলৈ আৰু সুৰা খোৱা, চিকণ কৰা কাৰ্টিজ কামুৰিবলৈ আৰু মিঠাইৰ সৈতে গাহৰিৰ চৰ্বি মিহলি কৰা, ৰাস্তা নিৰ্মাণৰ অজুহাতত হিন্দু আৰু মুছলমান মন্দিৰ-মছজিদ ধ্বংস কৰা, গীৰ্জা নিৰ্মাণ কৰা, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ পাদুৰী পঠোৱা, ইংৰাজী বিদ্যালয় স্থাপন কৰা আৰু লোকসকলক ইংৰাজী বিজ্ঞান শিকাৰ বাবে মাহিলী বৃত্তি প্ৰদান কৰা, আনহাতে হিন্দু আৰু মুছলমানসকলৰ উপাসনাৰ স্থানবোৰ এই দিনলৈ সম্পূৰ্ণৰূপে অৱহেলিত; এই সকলোবোৰেৰে মানুহে কেনেকৈ বিশ্বাস কৰিব পাৰে যে ধৰ্মত হস্তক্ষেপ কৰা নহ'ব?[7]

যেতিয়া ব্ৰিটিছৰ আদেশত বাহিনীয়ে লক্ষ্ণৌ আৰু বেছিভাগ অৱধক পুনৰ দখল কৰিছিল তেওঁ পশ্চাদপসৰণ কৰিবলৈ বাধ্য হৈছিল। হজৰত মহলে নানা চাহেবৰ সৈতে একেলগে বিদ্ৰোহৰ নেতৃত্ব দিছিল। কিন্তু পিছত শ্বাহজাহানপুৰৰ ওপৰত হোৱা আক্ৰমণত ফৈজাবাদৰ মৌলাৱীৰ সৈতে যোগদান কৰিছিল।

পৰৱৰ্তী জীৱন[সম্পাদনা কৰক]

অৱশেষত তেওঁ নেপাললৈ পশ্চাদপসৰণ কৰিব লগা হৈছিল। প্ৰথমতে নেপালৰ ৰাণাৰ প্ৰধানমন্ত্ৰী জাং বাহাদুৰে তেওঁক আশ্ৰয় দিবলৈ অস্বীকাৰ কৰিছিল।[8] কিন্তু পিছত থাকিবলৈ অনুমতি দিয়া হৈছিল।[9] ১৮৭৯ চনত তাতে তেওঁৰ মৃত্যু হয় আৰু কাঠমাণ্ডুৰ জামা মছজিদৰ আধাৰত এক নামহীন কবৰত সমাধিস্থ কৰা হয়।[10] তেওঁৰ মৃত্যুৰ পিছত ৰাণী ভিক্টোৰিয়াৰ জয়ন্তী উপলক্ষে (১৮৮৭) ব্ৰিটিছ চৰকাৰে বিৰজিছ কাদৰক ক্ষমা কৰে আৰু তেওঁক ঘৰলৈ উভতি আহিবলৈ অনুমতি দিয়া হয়।[11]

কাঠমাণ্ডুৰ জাম মছজিদৰ ওচৰত বেগম হজৰত মহলৰ সমাধি

স্মৃতি[সম্পাদনা কৰক]

বেগম হজৰত মহলৰ সমাধি বিখ্যাত দৰবাৰ মাৰ্গৰ কাষতে ঘাণ্টাঘাৰৰ জামা মছজিদৰ ওচৰৰ কাঠমাণ্ডুৰ কেন্দ্ৰীয় অংশত অৱস্থিত। ইয়াক জামা মছজিদ কেন্দ্ৰীয় সমিতিয়ে চোৱা-চিতা কৰে।[2]

লক্ষ্ণৌৰ বেগম হজৰত মহল উদ্যান

১৯৬২ চনৰ ১৫ আগষ্টত ২৮৫৭ চনৰ বিদ্ৰোহত তেওঁৰ ভূমিকাৰ বাবে মহলক লক্ষ্ণৌৰ হজৰতগঞ্জৰ পুৰণি ভিক্টোৰিয়া উদ্যানত সন্মানিত কৰা হয়।[12][13][14]উদ্যানখনৰ নাম সলনি কৰাৰ লগতে এটা মাৰ্বেল স্মাৰক নিৰ্মাণ কৰা হৈছিল য'ত অৱধ ৰাজপৰিয়ালৰ প্ৰতীক থকা চাৰিটা ঘূৰণীয়া পিতলৰ ফলক থকা এটা মাৰ্বলৰ ফলক অন্তৰ্ভুক্ত আছে। উদ্যানখন বিজয়া দশমী সময়ত ৰামলীলা বাবে ব্যৱহাৰ কৰা হৈছে। লগতে লক্ষ্ণৌ মহোৎসৱৰ বাবেও ব্যৱহাৰ কৰা হৈছে।

১৯৮৪ চনৰ ১০ মে' তাৰিখত ভাৰত চৰকাৰে মহলৰ সন্মানত এখন স্মাৰক ডাকটিকট জাৰি কৰে।[15][12] ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছোৱালীসকলৰ বাবে বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি আৰম্ভ কৰিছে। এই বৃত্তিটো মৌলানা আজাদ শিক্ষা ফাউণ্ডেচনৰ জৰিয়তে ৰূপায়ণ কৰা হয়।[16][17]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Begum Hazrat Mahal Biography, History and Facts". 2018-02-03. https://www.mapsofindia.com/who-is-who/history/begum-hazrat-mahal.html. 
  2. 2.0 2.1 "A link to Indian freedom movement in Nepal". The Hindu. 8 April 2014. http://www.thehindu.com/news/international/south-asia/a-link-to-indian-freedom-movement-in-nepal/article5884467.ece. 
  3. 3.0 3.1 Michael Edwardes (1975) Red Year. London: Sphere Books; p. 104
  4. Christopher Hibbert (1980) The Great Mutiny, Harmondsworth: Penguin; p. 371
  5. Saul David (2002) The Indian Mutiny, Viking; p. 185
  6. "Begum Hazrat Mahal". Mapsofindia.com. http://www.mapsofindia.com/who-is-who/history/begum-hazrat-mahal.html. 
  7. 7.0 7.1 7.2 William Dalrymple The Last Mughal; the fall of a dynasty: Delhi, 1857, Viking Penguin, 2006, p. 69
  8. Hibbert (1980); pp. 374–375
  9. Hibbert (1980); pp. 386–387
  10. Krishna, Sharmila (11 June 2002). "Far from the madding crowd she lies, forlorn & forgotten". The Indian Express. http://oudh.tripod.com/bhm/bhmfar.htm. 
  11. Harcourt, E.S (2012). Lucknow the Last Phase of an Oriental Culture (seventh সম্পাদনা). প্ৰকাশক Delhi: Oxford University Press. পৃষ্ঠা. 76. ISBN 978-0-19-563375-7. 
  12. 12.0 12.1 "Little known, little remembered: Begum Hazrat Mahal". milligazette.com. http://www.milligazette.com/news/14143-little-known-little-remembered-begum-hazrat-mahal. 
  13. Ruggles, D. Fairchild (2014). Woman's Eye, Woman's Hand: Making Art and Architecture in Modern India. Zubaan. ISBN 9789383074785. https://books.google.com/books?id=kUqoDAAAQBAJ&pg=PT94. 
  14. Yecurī, Sītārāma (2008). The great revolt, a left appraisal. People's Democracy. ISBN 9788190621809. https://books.google.com/books?id=k30MAQAAMAAJ. 
  15. "Begum Hazrat Mahal". Indianpost.com. http://www.indianpost.com/viewstamp.php/Currency/Paisa/Alpha/B/BEGUM%20HAZRAT%20MAHAL. 
  16. "Begum Hazrat Mahal National Scholarship". 18 October 2017. http://www.tribuneindia.com/news/jobs-careers/begum-hazrat-mahal-national-scholarship/483656.html. 
  17. "Schemes for Minority Women". http://pib.nic.in/newsite/PrintRelease.aspx?relid=158165. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]