সমললৈ যাওক

জদ্দনবাঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জদ্দনবাঈ
জন্ম জদ্দনবাঈ হুছেইন
১৮৯২
বেনাৰস, বেনাৰস ষ্টেট, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ বাৰসী, উত্তৰ প্ৰদেশ, ভাৰত)
মৃত্যু ৮ এপ্ৰিল ১৯৪৯
বোম্বে, বোম্বে ষ্টেট (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ
সমাধিস্থল চন্দনবাড়ী চিমেণ্ট্ৰী, মুম্বাই
অন্য নাম জয়াদেৱী ত্যাগী
পিতৃ-মাতৃ দলিপাবাঈ
সন্তান আখটাৰ হুছেইন
আনোৱাৰ হুছেইন
নাৰ্গিছ

জদ্দনবাঈ হুছেইন (ইংৰাজী: Jaddanbai Hussain, ১৯৯২-৮ এপ্ৰিল ১৯৪৯, বৃত্তিগত নাম জদ্দনবাঈ) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা আৰু ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত। সৰস্বতী দেৱীৰ সৈতে তেওঁক একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়। তেওঁ আখতাৰ হুছেইন আৰু হিন্দী চলচ্চিত্ৰৰ অভিনেতা আনোৱাৰ হুছেইন আৰু শীৰ্ষস্থানীয় তাৰকা নাৰ্গিচৰ মাতৃ। জদ্দনবাঈ প্ৰিয়া দত্ত আৰু বলীউদৰ প্ৰখ্যাত অভিনেতা সঞ্জয় দত্তৰ মাতৃপক্ষীয় আইতাক।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জদ্দনবাঈৰ জন্ম ১৮৯২ চনত মিয়াজানৰ ঘৰত হৈছিল।[1][2] তেওঁৰ মাক দলিপাবাঈ আছিল এলাহাবাদৰ খ্যাতনামা নৰ্তকী। দলিপাবাঈৰ প্ৰকৃত নাম আছিল দলিপা দেৱী আৰু তেওঁ সম্ভ্ৰান্ত হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আছিল। শৈশৱত তেওঁক এদল দুৰ্বৃত্তই অপহৰণ কৰি নি বাঈজীৰ প্ৰশিক্ষণ দিছিল।[3] তেওঁক সম্পূৰ্ণকৈ প্ৰশিক্ষণ দিয়াৰ পিছত দলিপাবাঈ গায়িকা আৰু নৰ্তকী হিচাপে যথেষ্ট সফল হয়। তেওঁৰ পৰিচালকসকলে দলৰে এজন সাৰেংগী বাদকৰ লগত বিয়া পাতি দিয়ে, যাক দলিপাবায়ে কেবল মিয়াজান নামেৰে জানিছিল। অনুমান কৰা হয় যে দলিপাবাঈৰ তেওঁৰ স্বামীৰ অনুমোদনতে এজন বিবাহিত আইনজীৱীৰ সৈতে সম্পৰ্ক হৈছিল আৰু আইনজীৱীজনৰে হাউলিত দলিপাবাঈ থাকিবলৈ লৈছিল। জদ্দনবাঈৰ পাঁচ বছৰ বয়সত তেওঁৰ সতীয়া বাপেক মিয়াজানৰ মৃত্যু হয়। জদ্দনবাঈ চহৰলৈ যায় আৰু গান গাবলৈ আৰম্ভ কৰে। কিন্তু উপযুক্ত প্ৰশিক্ষণৰ অভাৱত তেওঁ অসুবিধাৰ সন্মুখীন হয়। পিছত তেওঁ কলকাতালৈ গৈ শ্ৰীমন্ত গণপত ৰাওৰ (ভাইয়া চাহেব সিন্ধিয়া) শিষ্যত্ব গ্ৰহণ কৰে। ১৯২০ত গণপত ৰাওৰ মৃত্যু হয়। জদ্দনবাঈৰ প্ৰশিক্ষণ যিহেতু তেতিয়াও শেষ হোৱা নাছিল, তেওঁ ওস্তাদ চাদ্দু খান চাহেব আৰু ওস্তাদ লাল খান চাহেবৰ ওচৰত শিকিবলৈ ল’লে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁৰ সঙ্গীত অতি জনপ্ৰিয় হৈছিল আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত মাককো চেৰ পেলাই গৈছিল।[5] কলম্বিয়া গ্ৰামোফোন কোম্পানীত তেওঁ গজল বাণীবদ্ধ কৰাবলৈ ল’লে। সমান্তৰালভাবে ৰামপুৰ, বিকানিৰ, গোৱালিয়ৰ, জম্মু-কাশ্মীৰ, ইন্দোৰ, জোধপুৰ ষ্টেট আদি ৰাজকীয় প্ৰদেশৰ পৰা সঙ্গীত সন্মিলন বা মেহফিলত অংশ লবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল। তেওঁ বিভিন্ন অনাতাঁৰ কেন্দ্ৰত বিভিন্ন গীত আৰু গজল পৰিবেশন কৰিলে। ১৯৩৩ চনত লাহোৰৰ ‘প্লে আৰ্ট ফটো টোন কোম্পানী’য়ে তেওঁলোকৰ ছবি ৰাজা ‘গোপীচান্দ’ত (১৯৩৩) অভিনয়ৰ প্ৰস্তাব লৈ অহাত তেওঁ গোপীচান্দৰ মাকৰ ভূমিকাত অভিনয় কৰে। পিছলৈ তেওঁ কৰাচীৰ এটা চলচ্চিত্ৰ কোম্পানীৰ ‘ইনচান য়া চয়তান’ ছবিতো কাম কৰে।[6]

নিজা চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী ‘সঙ্গীত ফিল্মছ্’ আৰম্ভ কৰাৰ আগত তেওঁ আৰু দুখন ছবিত কাম কৰিছিল- ‘প্ৰেম পৰীক্ষা’ আৰু ‘সেৱা সদন’। এই কোম্পানীটোৱে ‘তালাচ-এ-হক’ (১৯৩৫) নামৰ ছবি নিৰ্মাণ কৰিছিল, য’ত জদ্দনবায়ে অভিনয় কৰাৰ উপৰিও সঙ্গীতো দিছিল।[7] ১৯৩৬চনত তেওঁ ‘মেদাম ফেচন’ৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা আৰু সঙ্গীতৰ কামো কৰিছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]