জোহৰাবাই অম্বালেৱালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জোহৰাবাই অম্বালেৱালী
জন্ম জোহৰাবাই
১৯১৮
আম্বালা, পাঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ হাৰিয়ানাত)
মৃত্যু ২১ ফেব্ৰুৱাৰী ১৯৯০
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩২-১৯৫৩
জনা যায় ৰতন (১৯৪৪)
জীন্নত (১৯৪৫)
অনমোল ঘড়ী (১৯৪৬)
দাম্পত্যসঙ্গী ফকিৰ মহম্মদ

জোহৰাবাই অম্বালেৱালী (ইংৰাজী: Zohrabai Ambalewali ; ১৯১৮-২১ ফেব্ৰুৱাৰী ১৯৯০) ১৯৩০ আৰু ১৯৪০ৰ দশকৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী তথা হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল। ১৯৪৪ চনত মুক্তি পোৱা হিট ছবি নৌচাদে সঙ্গীত পৰিচালনা কৰা ৰতনআঁখিয়া মিলাকে জিয়া ভৰমাকে আৰু আয়ী দিৱালী আয়ী দিৱালী আৰু একেজন সঙ্গীত পৰিচালকৰে, শমশাদ বেগমৰ সৈতে দ্বৈতকণ্ঠত গোৱা অনমোল ঘড়ীউড়ান খটোলে পে উড় যাঊ আদি গীতৰ ‘নিম্ন স্বৰ’ৰ (contralto) গায়কীৰ বাবে তেওঁ বিশেষভাবে জনাজাত আছিল। ৰাজকুমাৰী শমশাদ বেগম আৰু আমিৰবাই কৰ্ণাটকীকে ধৰি জোহৰাবাই অম্বালেৱালী হিন্দী চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ অন্যতম। ১৯৪০ৰ দশকত গীতা দত্ত, লতা মংগেশকাৰ আদিৰ আগমনৰ লগেলগে জোহৰাবাইৰ সঙ্গীত জীৱনৰ জেউতি ক্ৰমে ম্লান হৈ আহিছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

বৰ্তমানৰ হাৰিয়ানাৰ আম্বালাত এটা পেচাদাৰী সঙ্গীত শিল্পীৰ পৰিয়ালত তেওঁ জন্ম লাভ কৰিছিল আৰু ডাঙৰ-দীঘল হৈছিল। আম্বালা জন্মা বাবেই তেওঁ অম্বালেৱালী উপাধি লৈছিল। গুলাম হাচান খান আৰু ওস্তাদ নাচিৰ হুছেইন খানৰ ওচৰত তেওঁ সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ আগ্ৰা ঘৰানা আৰু হিন্দুস্থানী সঙ্গীতৰ প্ৰশিক্ষিত আছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

অম্বালেৱালীয়ে তেৰ বছৰ বয়সতে অল ইণ্ডিয়া ৰেডিঅ’ৰ গায়িকা ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাত তেওঁ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্দ্ধ-শাস্ত্ৰীয় গীত গাইছিল। ৰেডিঅ’ই তেওঁক এইচ এম ভি কোম্পানীৰ গ্ৰামফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰাৰ বাট মুকলি কৰি দিছিল আৰু থুমৰীৰ কেইখন ৰেকৰ্ড মুক্তি পাইছিল। সমান্তৰালভাবে তেওঁ হিন্দী চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী ৰূপে কাম কৰাৰো সুযোগ পায়। তেওঁৰ প্ৰথম কণ্ঠদান কৰা, প্ৰাণসুখ নায়কে সঙ্গীত পৰিচালনা কৰা হিন্দী ছবি ডাকু কী লড়কীয়ে মুক্তি পায় ১৯৩৩ চনত।[1] কৰ্মজীৱনৰ আৰম্ভণিৰ সময়খিনিত লাহোৰৰ চলচ্চিত্ৰ উদ্যোগৰ জড়িত হৈ থাকি পিছত বোম্বেলৈ স্থানান্তৰিত হয়।[2] সাঙ্গীতিক ক্ষেত্ৰখনত নৌচাদে সঙ্গীত পৰিচালনা কৰা ৰতন (১৯৪৪) ছবিখনে তেওঁলৈ সফলতা কঢ়িয়াই আনে; য’ত আঈ দিৱালী আঈ দিৱালী আৰু আঁখিয়া মিলা কে জিয়া ভৰমা কেৰ দৰে হিট গান আছিল।[3] সঙ্গীত পৰিচালক নৌচাদৰ বাবে তেওঁ পুনৰ অনমোল ঘড়ী (১৯৪৬),মেলা (১৯৪৮) আৰু যাদুৰ (১৯৫১) বাবে গীত গাইছিল।[4] তেওঁ নুৰ জাহান আৰু কল্যাণীৰ সৈতে জীন্নত (১৯৪৫) ছবিৰ বাবে এটা কাৱালীতো কণ্ঠদান কৰিছিল; যিটো মহিলাৰ কণ্ঠত বাণীবদ্ধ কৰা ভাৰতীয় উপমহাদেশৰ প্ৰথম কাৱালী। এই গীতটোৱে প্ৰভুত জনপ্ৰিয়তা লাভ কৰিছিল।[5]

এই যুগটোত শমশাদ বেগম, খুৰশীদ বানো, আমিৰবাই কৰ্ণাটকী আদি শীৰ্ষস্থানীয় নেপথ্য কণ্ঠশিল্পীসকলে গধুৰ থুমৰী শৈলী আৰু অনুনাসিক স্বৰত গীত গাইছিল। ১৯৪৮ চনত লতা মংগেশকাৰৰ আৰু সমসাময়িকভাবে গীতা দত্ত আৰু আশা ভোঁচলেৰ আগমনৰ লগেলগে শ্ৰোতাৰ আগ্ৰহ সুক্ষ্ম, মিহি স্বৰৰ প্ৰতি বাঢ়ি অহাত তেওঁলোকৰ সাঙ্গীতিক জীৱনৰ ক্ৰমশঃ যৱনিকা পৰিল। সেই সময়ৰ অন্য এগৰাকী মুখ্য নেপথ্য কণ্ঠশিল্পী নুৰ জাহান পাকিস্তানলৈ প্ৰব্ৰজন কৰিলে আৰু তাত তেওঁ সঙ্গীতখনৰ ক্ষেত্ৰত এগৰাকী অতি সফল ব্যক্তি ৰূপে পৰিগণিত হ’ল।[5]

জোহৰাবাই অম্বেৱালীয়ে ১৯৫০ চনত চলচ্চিত্ৰ উদ্যোদৰ পৰা অৱসৰ লয় যদিও তেওঁৰ জীয়ৰী ৰোচন কুমাৰীৰ কথকৰ অনুষ্ঠানত গীত গাই গৈছিল। উল্লেখনীয় যে ৰোচন কুমাৰী এগৰাকী প্ৰতিভাশালী কথক শিল্পী আছিল আৰু সত্যজিত ৰায়জলসাঘৰ (১৯৫৮) ছবিখনত তেওঁৰ নৃত্য চিত্ৰিত কৰা হৈছিল।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Zohrabai, Amirbai and Rajkumari". Women on Record. http://www.womenonrecord.com/music-makers/artists/zohrabai-amirbai-rajkumari। আহৰণ কৰা হৈছে: 4 July 2019.  Profile of Zohrabai Ambalewali on womenonrecord.com website
  2. Sundar, Pavitra (2007). Sounding the Nation: The Musical Imagination of Bollywood Cinema. University of Michigan.. পৃষ্ঠা. 73. https://books.google.com/books?id=ZUAeAQAAMAAJ. 
  3. Gokulsing, K. Moti; Dissanayake, Wimal (2013). Routledge Handbook of Indian Cinemas. Routledge. পৃষ্ঠা. 264–. ISBN 978-1-136-77284-9. https://books.google.com/books?id=djUFmlFbzFkC&pg=PA264. 
  4. "Zohra Bai Ambala Wali (1918-90)". http://cineplot.com/zohra-bai/#। আহৰণ কৰা হৈছে: 4 July 2019.  Profile of Zohrabai Ambalewali on cineplot.com website
  5. 5.0 5.1 Aziz, Ashraf (2003). Light of the universe: essays on Hindustani film music. Three Essays Collective. পৃষ্ঠা. 14, 21. ISBN 978-81-88789-07-8. https://books.google.com/books?id=cOUIAQAAMAAJ. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]