আমিৰবাই কৰ্ণাটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আমিৰবাই কৰ্ণাটকী
জন্ম ১৯০৬
বিলগী, কৰ্ণাটক, ভাৰত
মৃত্যু ৩ মাৰ্চ ১৯৬৫
ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী
পেচা কণ্ঠশিল্পী, অভিনেত্ৰী
বাদ্যযন্ত্ৰ কণ্ঠ
কাৰ্যকাল ১৯৩৫-৬১

আমিৰবাই কৰ্ণাটকী (ইংৰাজী: Amirbai Karnataki; ১৯০৬–৩ মাৰ্চ ১৯৬৫) এগৰাকী হিন্দী চলচ্চিত্ৰৰ আৰম্ভণী কালৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ 'কানাড়া ককিলা' নামে প্ৰখ্যাত আছিল। মহাত্মা গান্ধীয়ে তেওঁ গোৱা 'বৈষ্ণৱ জন তো' গীতটোৰ পৰম ভক্ত আছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

আমিৰবাই এগৰাকী প্ৰতিভাশালী কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ মাতৃভাষা কন্নড়ৰ উপৰিও গুজৰাটী ভাষাতো পাৰদৰ্শী আছিল। সঙ্গীত কোম্পানী এইচ এম ভিৰ এজন প্ৰতিনিধি এজনে তেওঁৰ সাঙ্গীতিক প্ৰতিভা দেখি ইমানে মুগ্ধ হৈছিল যে তেওঁক মাতি নি এটা কাৱালী গোৱাইছিল। সেই সময়ত অতি জলপ্ৰিয় হোৱা কাৱালীটো চৌকত হুছেইন ৰিজবিয়ে পৰিচালনা কৰা 'জীন্নত' (১৯৪৫) ছবিৰ আছিল। তেওঁৰ বায়েক গৌহৰবাই এজন অভিনেত্ৰী আছিল আৰু তেৱেঁ আমিৰবাইক ১৯৩৪ চনত 'বিষ্ণু ভক্তি' নামৰ ছবি এখনত চৰিত্ৰ এটা পোৱাত সহায় কৰিছিল।[2]

সমান্তৰালভাবে আমিৰবায়ে চলচ্চিত্ৰত গীতো গাবলৈ লৈছিল। কিন্তু বিচৰা ধৰণে সফলতাৰ মুখ দেখা নাছিল। ১৯৪৩ চনত বোম্বে টকীজক 'কিস্মত' মুক্তিৰ লগেলগে তেওঁ বিখ্যাত হৈ পৰে। ছবিখনত আমিৰবায়ে গীতবোৰে প্ৰভুত জনপ্ৰিয়তা পাইছিল। এই সফলতাৰ আঁৰৰ মানুহজন আছিল কিস্মতৰ সঙ্গীত পৰিচালক অনিল বিশ্বাস। ১৯৪৭ চনত তেওঁৰ খ্যাতিৰ শীৰ্ষত উপনীত হৈছিল। ১৯৪৭ চনৰ পিছত এগৰাকী সঙ্গীত তাৰকা ৰূপে লতা মংগেশকাৰৰ উত্থান হোৱাত আমিৰবায়ে সঙ্গীতৰ পৰা অভিনয়ৰ জগতলৈ গতি কৰে।[3]

পৰৱৰ্তী সময়চোৱাত তেওঁ বেছিকৈ চৰিত্ৰাভিনয়ে কৰি গৈছিল। তেওঁ ৱাহাব পিকচাৰ্চৰ 'চেহনাজ' (১৯৪৮) ছবিখনৰ সঙ্গীতো পৰিচালনা কৰিছিল। একে বছৰতে তেওঁ গুজৰাটী আৰু মাৰোৱাৰী চলচ্চিত্ৰত কাম কৰিবলৈ হিন্দী চলচ্চিত্ৰৰ কাম এৰি দিয়ে। ভাৰতৰ এখন বিখ্যাত চলচ্চিত্ৰ বিষয়ক আলোচনা 'ফিল্ম ইণ্ডিয়া'ই এটা প্ৰবন্ধত উল্লেখ কৰিছিল যে সেই সময়ত ভাৰতৰ এগৰাকী নেপথ্য কণ্ঠশিল্পীয়ে যেতিয়া এটা গীতৰ বাবে ৫০০ টকা পাৰিশ্ৰমিক লৈছিল, আমিৰবায়ে লৈছিল ১০০০ টকা।[3]

ব্যাক্তিগত জীৱন[সম্পাদনা কৰক]

আমিৰবাইৰ কৰ্ণাটকৰ বিলগী চহৰত এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল।[3]

তেওঁৰ প্ৰথম বিবাহ হৈছিল এজন প্ৰতিভাৱান অভিনেতা হিমালয়ৱালাৰ সৈতে। বিয়াৰ পিছত গিৰিয়েকে তেওঁক প্ৰায়ে মাৰপিত কৰিছিল আৰু তেওঁৰ আৰ্জিত ধনো গিৰিয়েকে খৰচ কৰিছিল। আমিৰবাইৰ বিবাহিত জীৱনৰ যন্ত্ৰণাৰ গুজাৰাটী লেখক ভাই ৰঞ্জন কুমাৰ পাণ্ডেয়াই পুংখানুপুংখ বৰ্ণনা কৰিছে। বিবাহবিচ্ছেদৰ বাবে হিমালয় বালাই তেওঁৰ পৰা এটা শকত পৰিমাণৰ ধন আৰু তেওঁৰ গাড়ীখনো লৈ লৈছিল। সকলোৱে দেখাকৈয়ে গিৰিয়েকে তেওঁক ৰেকৰ্ডিং ষ্টুডিঅ’ৰ পৰা অপহৰণ কৰি আনি এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল। আনকি পুলিচো হিমালয়ৱালাৰ সৈতেই আছিল। অৱশেষত প্ৰখ্যাত আইনজীৱী চেলশঙ্কৰ ব্যাসৰ সহায়ত তেওঁ আদালতৰ পৰা বিবাহ বিচ্ছেদ লাভ কৰিছিল। ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত হিমালয়ৱালা পাকিস্তানলৈ গুছি গৈছিল আৰু তাত এজন ভাল অভিনেতা হিচাপে সুপ্ৰতিষ্ঠিত হৈছিল। আমিৰবায়ে দ্বিতীয়বাৰ 'পৰশ'ৰ সম্পাদক বদ্ৰী কাঞ্চনৱালাক বিয়া কৰায়, যি এজন ভাল স্বামী হিচাপে পৰিগণিত হৈছিল।[1]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]