শমশাদ বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
শমশাদ বেগম
জন্ম ১৪ এপ্ৰিল, ১৯১৯
লাহোৰ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত)
মৃত্যু ২৩ এপ্ৰিল, ২০১৩ (৯৪ বছৰ)
হীৰানন্দী গাৰ্ডেন, মুম্বাই, মহাৰাষ্ট্ৰ
দাম্পত্যসঙ্গী গণপত লাল বাট্টো
বঁটা, সন্মান, পুৰস্কাৰ আদি ও.পি.নায়াৰ বঁটা (২০০৯)
পদ্মভূষণ (২০০৯)
সাংগীতিক কেৰিয়াৰ
মূল পঞ্জাব
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰীয়
পেচা নেপথ্য কণ্ঠশিল্পী
কাৰ্যকাল ১৯৩৩-১৯৭৬
সহযোগী কাৰ্য নৌচাদ আলি
গুলাম হায়দৰ
শচীন দেৱবৰ্মণ
ও.পি. নায়াৰ
লতা মংগেশকাৰ
আশা ভোঁচলে

শমশাদ বেগম (ইংৰাজী: Shamshad Begum; ১৪ এপ্ৰিল ১৯১৯-২৩ এপ্ৰিল ২০১৩)[1][2] এগৰাকী হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত নেপথ্য কণ্ঠশিল্পী। ১৯১৯ চনত এটা পঞ্জাবী মুছলমান মান জাট পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ এটা বৈশিষ্ট্যপূৰ্ণ কণ্ঠৰ প্ৰতিভাধৰ শিল্পী আছিল, যিয়ে হিন্দী, বঙালী, মাৰাঠী, গুজৰাটী, তামিল আৰু পঞ্জাবী ভাষাত ছয় হাজাৰৰো অধিক গীত গাইছে আৰু ইয়াৰে ১২৮৭টা হিন্দী চলচ্চিত্ৰৰ গীত।[3] তেওঁ নৌচাদ, গুলাম হায়দৰ, শচীন দেৱবৰ্মণ, ও.পি. নায়াৰ, চি. ৰামচন্দ্ৰ আদি সঙ্গীত গুৰুৰ সৈতে কাম কৰিছে। ১৯৪০ৰ দশকৰ পৰা ১৯৭০ৰ দশকৰ আৰম্ভণিলৈ তেওঁ অসংখ্য জনপ্ৰিয় গীত গাইছিল, যাৰ ভিতৰত বহুবোৰ গীত ৰিমিক্স কৰি অহা হৈছে।[4][5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

২০১৬ চনত প্ৰকাশ পোৱা ডাক টিকট শমশাদ বেগম

ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ লাহোৰত (বৰ্তমান পাকিস্তানত) শমশাদ বেগমে জন্ম গ্ৰহণ কৰে। দেউতাকৰ নাম আছিল মিঞা হুছেইন। ১৯৩২ চনত গণপত লাল বাট্টু নামৰ এজন হিন্দু উকীলক ভাল পাইছিল। পাৰিবাৰিক বাধা-নিষেধ থকা সত্ত্বেও ১৯৩৪ চনত দুয়োৰো বিয়া হৈ যায়। শমশাদৰ বয়স তেতিয়া পোন্ধৰ বছৰ। ১৯৫৫ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেতিয়াৰ পৰাই মৃত্যু পৰ্যন্ত তেওঁ জীয়ৰী ঊষা আৰু জোৱায়েক কৰ্ণেল যোগেশ ৰাত্ৰাৰ সৈতে মুম্বাইৰ পোৱাই অঞ্চলৰ হীৰানন্দী গাৰ্ডেনত বাস কৰি আহিছিল।[6][7][8][9]

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰাথমিক বিদ্যালয়ত পঢ়া সময়তে স্কুলৰ অধ্যক্ষই তেওঁৰ প্ৰতিভাৰ উমান পাইছিল। সুন্দৰ কণ্ঠস্বৰৰ বাবে তেওঁক শ্ৰেণীকক্ষৰ প্ৰাৰ্থনাৰ বাবে বাছনি কৰা হৈছিল। দহ বছৰ বয়সতে তেওঁ বিয়া-বাৰুবোৰত লোকসঙ্গীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। সঙ্গীতৰ প্ৰতি তেওঁৰ প্ৰবল অনুৰাগ ১৯২৯ চনৰ ফালে লক্ষ্য কৰা যায়, যিটো পৰিয়ালৰ মানুহে মানি লব পৰা নাছিল। গজল আৰু কাৱালীৰ ভক্ত শমশাদৰ খুৰাকৰ উৎসাহত বাৰ বছৰ বয়সত জেনোফোন মিউজিক কোম্পানীৰ সঙ্গীতজ্ঞ গুলাম হায়দৰৰ অডিচনৰ সন্মুখীন হয়। এটা সাক্ষাৎকাৰত শমশাদে কৈছিল যে তেওঁ বিখ্যাত কবি তথা শাসক বাহাদুৰ শাহ জফৰৰ গজল মেৰা য়াৰ মুঝে মিলে অগৰটো গায়। মুগ্ধ হৈ গুলাম হায়দৰে তেওঁক বাৰটা গীতত অংশগ্ৰহণৰ সুবিধা দিয়ে আৰু তেওঁক প্ৰখ্যাত গায়িকা হিচাপে প্ৰতিষ্ঠিত হোৱাত যথেষ্ট সহায় কৰে।[10] খুৰাকৰ মধ্যস্থতাত দেউতাক মিঞা হুছেইন বক্সে জীয়েকক গীত গাবলৈ অনুমতি দিয়ে যদিও চৰ্ত ৰাখিলে যে গীত বাণীবন্ধনৰ সময়ত বোৰ্খা পৰিধান কৰিব লাগিব আৰু ফটো তোলা কোনোমতেই নচলিব। ১৯৩৭ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ পেচাৱৰ আৰু লাহোৰৰ কেন্দ্ৰৰ পৰা তেওঁৰ গীত পৰিবেশন হোৱাৰ পিছত তেওঁ বিপুল জনপ্ৰিয়তা লাভ কৰে। প্ৰযোজক দিলসুখ পাঞ্চলীয়ে তেওঁৰ ছবিৰ বাবে শমশাদৰ স্ক্ৰীণটেষ্ট লৈছিল। তেওঁ উত্তীৰ্ণও হৈছিল যদিও দেউতাৰ কৈছিল যে তেওঁ যদি অভিনয় কৰে, তেন্তে ভৱিষ্যতলৈ আৰু গীত গাব নিদিব। দেউতাকক কথা দিলে যে তেওঁ কেতিয়াও কেমেৰাৰ সন্মুখত অৱতীৰ্ণ নহব।[11]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]