বোৰ্খা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আফগানিস্তানত বোৰ্খা পিন্ধা মহিলা, ২০১০

বোৰ্খা (ইংৰাজী: Burqa)[1] হৈছে মধ্য এছিয়াৰ এক বাহ্যিক পোছাক যিয়ে কিছুমান মুছলমান পৰম্পৰামতে মহিলাৰ শৰীৰ আৰু মুখ আৱৰি ৰখাত সহায় কৰে। ইছলামৰ বেছিভাগ আলোচনাত, পৰ্দা প্ৰণালীটো বোৰ্খাৰ দ্বাৰা উদাহৰণ দিয়া হয়, যি দীঘল আৱৰণে এগৰাকী মহিলাক মূৰৰ পৰা ভৰিলৈকে আৱৰি ৰাখে। [2] বোৰ্খাক আৰৱ সংস্কৰণক ‘বচিয়াʼ বুলি কোৱা হয়, আৰু সাধাৰণতে ইয়াৰ ৰং ক'লা আৰু কেতিয়াবা নীলাও হয়। নীলা বোৰ্খা এটুকুৰা কাপোৰ যি শৰিৰটো সম্পূৰ্ণৰূপে মূৰৰ পৰা ভৰিলৈ আৱৰি ৰাখে আৰু ক'লা বোৰ্খা সাধাৰণতে তিনিটা টুকুৰাত বিভক্ত থাকে: দীঘল চোলা, মূৰৰ আৱৰণ আৰু নকাব।[3] বোৰ্খা শব্দটো যদিও কেতিয়াবা "নকাব"ৰ সৈতে জড়িত বুলি ভবা হয়, অধিক সঠিক ব্যৱহাৰত, নকাব হৈছে এটা ওৰনি যিয়ে চকু মুকলি কৰি থৈ মূৰ, ডিঙি আৰু বুকুৰ অংশ আৱৰি থাকে। আনহাতে এটা বোৰ্খাই গোটেই শৰীৰটো মূৰৰ ওপৰৰ পৰা মাটিলৈ আৱৰি ৰাখে, কেৱল চকুৰ অংশক থকা এটা জালৰ জৰিয়তে সন্মুখত চাব পাৰি। হিজাব হʼল এক বস্ত্ৰ যি মুৰ, ডিঙি আৰু বুকুৰ সকলো অংশ আৱৰি থাকে কিন্তু মুখখন নহয়।[4]

বৰ্তমান পৃথিৱীৰ ১৮খন দেশত বোৰ্খা নিষিদ্ধ কৰা হৈছে। তাৰ মাজত আছে অষ্ট্ৰিয়া, ডেনমাৰ্ক, ফ্ৰান্স, বেলজিয়াম, তাজিকিস্তান, বুলগেৰিয়া,[5] কেমেৰুণ, চাদ, কংগো গণৰাজ্য, গাবন, মৰোক্কো, তিউনিছিয়া, আলজেৰিয়া, উজবেকিস্তান, শ্ৰীলংকা, লাটভিয়া, তুৰস্ক, নেডাৰলেণ্ড,[6] আৰু চীন (কিছুমান স্থানত)[7]

ঐতিহাসিক পটভূমি[সম্পাদনা কৰক]

বোৰ্খাৰ উৎপত্তি অজ্ঞাত যদিও পণ্ডিতসকল সন্মত যে ইছলাম ধৰ্মৰ বহু আগতে ইয়াৰ অস্তিত্ব আছিল। প্ৰায় ৪০০০ বছৰ আগতে মেছোপটেমিয়াৰ প্ৰাচীন সভ্যতাত মহিলাসকলে আৱৰ্তন পিন্ধিছিল। তাৰ বহুত পিছত, যেতিয়া ইছলাম ধৰ্মৰ সৃষ্টি হৈছিল, সেই ধৰ্মই স্থানীয় আৱৰ্তন প্ৰক্ৰিয়াবোৰ তেওঁলোকৰ সংস্কৃতিত সান্নিবিষ্ট কৰিছিল।[8] মুখৰ আৱৰ্তন মূলতে বাইজেণ্টাইন সাম্ৰাজ্যত কিছুমান শ্ৰেণীৰ মহিলাৰ পোছাক আছিল আৰু মধ্য প্ৰাচ্যৰ আৰৱ বিজয়ৰ সময়ত মুছলমান সংস্কৃতিত ইয়াক সান্নিবিষ্ট কৰা হৈছিল।[9] অৱশ্যে, যদিও ইছলামৰ আগতে বাইজেণ্টাইন ছবি বা কলাত সাধাৰণতে মুৰ বা চুলি ঢাকি থকা মহিলাসকলক দেখুওৱা হয়, ঢাকি থকা মুখৰ কোনো উদাহৰণ নাছিল। ইয়াৰ উপৰিও, ষ্ট্ৰাবো নামৰ গ্ৰীক ভূগোলবিদে খ্ৰীষ্টীয় প্ৰথম শতাব্দীত “মেডচ” (প্ৰাচীন ইৰাণী লোক) মহিলাৰ ওপৰত লিখা লিখনতি মুখ ঢাকি থকাৰ বিষয়ে উল্লেখ কৰিছিল।[10] তৃতীয় শতিকাৰ আৰম্ভণিত খ্ৰীষ্টান লেখক টেৰ্টুৰলিয়ানয়ে তেওঁৰ দা ভেইলিং অফ ভাৰ্জিনস নামৰ গ্ৰন্থত "আৰৱ"ৰ কিছুমান "পাগান" মহিলাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল যে কেৱল তেওঁলোকে মুৰ নহয়, গোটেই মুখখনো আবৃত কৰি ৰাখিছিল।[11][12]

বোৰ্খা পিন্ধাৰ কাৰণ[সম্পাদনা কৰক]

বোৰ্খা নিষেধাজ্ঞা থকা দেশসমূহৰ এখন মানচিত্ৰ ২০২১ লৈকে

যদিও কোৰান শাস্ত্ৰত পুৰুষ আৰু মহিলা উভয়কে শালীনতাৰ উপদেশ দিয়া হয় কিন্তু মহিলাসকলে কেনেদৰে পোছাক পিন্ধিব লাগে তাৰ বাবে কোনো সঠিক নিৰ্দেশনা নাই।[13][14] বেছিভাগ ইছলাম ধৰ্মৰ পণ্ডিত আৰু গৱেষক[15][16][13] একমত যে মহিলাসকলে তেওঁলোকৰ মুখ ঢাকিবলৈ প্ৰয়োজন নহয়।

মহিলাসকলে বোৰ্খা পিন্ধাৰ অনুশীলনটো এটা সামাজিক প্ৰসংগ। এগৰাকী মহিলাই তেওঁৰ ধৰ্মীয়তা, যৌন গোপনীয়তা, যৌনতাৰ পশ্চিমীয়া ধাৰণা অস্বীকাৰ কৰা, পুৰুষৰ দ্বাৰা প্ৰভাৱিত সামাজত মহিলাৰ গতিশীলতা বা গোপনীয়তা বৃদ্ধি কৰাৰ ইচ্ছা বা ৰাজনৈতিক আন্দোলনত তেওঁৰ সদস্যতা প্ৰকাশ কৰিবলৈ এই বোৰ্খা পৰিধান কৰিব পাৰে। আটাইতকৈ প্ৰচাৰিত প্ৰসংগত, মহিলাসকলক প্ৰায়ে তেওঁলোকৰ আগ্ৰহৰ বিৰুদ্ধে, আফগানিস্তানৰ তালিবানৰ শাসনকালত নীতি হিচাপে বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱা হৈছিল।[15] ঐতিহাসিকভাৱে বাংলাদেশত, ধনী পৰিয়ালবোৰে প্ৰথমে বোৰ্খাৰ পৰিচয় দিছিল, আৰু বোৰ্খা পিন্ধাৰ অনুশীলন সোনকালে আন শ্ৰেণীৰ (যিসকলে আৰ্থিকভাৱে বহন কৰিব পাৰিছিল) পৰিয়াললৈ বিয়পি পৰিছিল। ই পৰিয়ালৰ বিশেষ মৰ্যাদাৰ প্ৰতীক আছিল। বোৰ্খাৰ ব্যৱহাৰে মহিলাসকলৰ গতিশীলতা যথেষ্ট বৃদ্ধি কৰিছিল। বোৰ্খাৰ সৈতে, মহিলাসকলে নিজেই খোজ কাঢ়ি সুৰক্ষিতভাৱে ঘূৰি ফুৰিব পাৰিছিল আৰু তেওঁলোকক বহন কৰিবলৈ পাল্কি বা গৰুৰগাড়িৰ ওপৰত নিৰ্ভৰশীল হʼব নালাগিছিল।[17]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Originating from আৰবী: برقع, burquʿ or burqaʿ, and উৰ্দু: بُرقع, it is also transliterated as burkha, bourkha, burqua or burqu' and is pronounced natively [ˈbʊrqʊʕ, ˈbʊrqɑʕ].a
  2. Feldman, S., & McCarthy, F. E. (1983). Purdah and changing patterns of social control among rural women in Bangladesh. Journal of Marriage and the Family, 949-959, https://www.jstor.org/stable/pdf/351808.pdf?casa_token=nO4TQpv7qRkAAAAA:VNV4G9qIMsggX8BxIDCnTZnv2HW8uKxvNsqUwbW_1lKfSQ8OSDHVzd1NcgAVt9KUIj0ErP45l0BMPuBbctv342H-8nHSfNgdoHyHTFdlydJPucpeoA
  3. https://www.dawn.com/news/1102048
  4. Vyver, James (17 August 2017). "Explainer: Why do Muslim women wear a burka, niqab or hijab?". Australian Broadcasting Corporation. https://www.abc.net.au/news/2014-09-23/why-do-muslim-women-wear-a-burka-niqab-or-hijab/5761510M। আহৰণ কৰা হৈছে: 1 February 2020. "Some Muslim women wear niqabs, which are often confused with the burka." 
  5. "Bulgaria the latest European country to ban the burqa and [niqab in public places"]. 30 September 2016. https://www.smh.com.au/world/bulgaria-the-latest-european-country-to-ban-the-burqa-and-niqab-in-public-places-20160930-grss9q.html.  Smh.com.au: accessed 5 December 2016.
  6. Halasz; McKenzie, Stephanie; Sheena (27 June 2018). "The Netherlands introduces burqa ban in some public spaces". CNN. CNN. https://edition.cnn.com/2018/06/27/europe/netherlands-partial-burqa-ban-intl/index.html. 
  7. Phillips, Tom (13 January 2015). "China bans burqa in capital of Muslim region of Xinjiang". The Telegraph. The Telegraph (13 January 2015). https://www.telegraph.co.uk/news/worldnews/asia/china/11342070/China-bans-burqa-in-capital-of-Muslim-region-of-Xinjiang.html. 
  8. Judge, A. (2009). Burkha as Metaphorical Mirror for Imperious Culture?.https://www.laetusinpraesens.org/docs00s/burkhac.php
  9. See for instance F. R. C. Bagley, "Introduction", in B. Spuler, A History of the Muslim World. The Age of the Caliphs, 1995, X; for a different view T. Dawson, "Propriety, practicality and pleasure : the parameters of women's dress in Byzantium, A.D. 1000-1200", in L. Garland (ed.), Byzantine women: varieties of experience 800-1200, 2006, 41-76.
  10. Geography 11.13.9-10.:"Some say that Medeia introduced this kind of dress when she, along with Jason, held dominion in this region, even concealing her face whenever she went out in public in place of the king Archived 21 December 2016 at the Wayback Machine"
  11. Geography 11.13.9-10.:"Some say that Medeia introduced this kind of dress when she, along with Jason, held dominion in this region, even concealing her face whenever she went out in public in place of the king Archived 21 December 2016 at the Wayback Machine"
  12. The Veiling of Virgins Ch. 17. Tertullian writes, "The pagan women of Arabia, who not only cover their head but their whole face, so that they would rather enjoy half the light with one eye free than prostitute the face, will judge you. (Judicabunt vos Arabiae feminae ethnicae quae non-caput, sed faciem totam tegunt, ut uno oculo liberato contentae sint dimidiam frui lucem quam totam faciem prostituere)."
  13. 13.0 13.1 Hadia Mubarak (2009). "Burqa". In John L. Esposito. The Oxford Encyclopedia of the Islamic World. Oxford: Oxford University Press. 
  14. Siddiqui, Mona (2006). "Veil". In Jane Dammen McAuliffe. Encyclopaedia of the Qurʾān. Brill. doi:10.1163/1875-3922_q3_EQCOM_00103. 
  15. 15.0 15.1 Juan Eduardo Campo, ed. (2009). "Burqa". Encyclopedia of Islam. Infobase Publishing. ISBN 9781438126968. 
  16. al-Qaraḍāwī, Yūsuf. "Is Wearing the Niqāb Obligatory for Women?". SuhaibWebb.com. http://suhaibwebb.com/ummah/women/hijab-niqab/is-wearing-the-niqab-obligatory-for-women-part-1-of-2-by-yusuf-al-qara%E1%B8%8Dawi-translated-by-u-%CA%BFabdullah। আহৰণ কৰা হৈছে: 16 November 2015. আৰু সমসাময়িক ইছলামিয় আইনবিদ
  17. Feldman, S., & McCarthy, F. E. (1983). Purdah and changing patterns of social control among rural women in Bangladesh. Journal of Marriage and the Family, 949-959.https://www.jstor.org/stable/pdf/351808.pdf?casa_token=nO4TQpv7qRkAAAAA:VNV4G9qIMsggX8BxIDCnTZnv2HW8uKxvNsqUwbW_1lKfSQ8OSDHVzd1NcgAVt9KUIj0ErP45l0BMPuBbctv342H-8nHSfNgdoHyHTFdlydJPucpeoA