ৰাজকুমাৰী ডুবে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজকুমাৰী ডুবে
জন্মৰ নাম ৰাজকুমাৰী ডুবে
জন্ম ১৯২৪
বেনাৰস, বেনাৰস ষ্টেট, সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশত)
মৃত্যু ২০০০
ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য কণ্ঠশিল্পী
পেচা কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ কণ্ঠ সঙ্গীত
কাৰ্যকাল ১৯৩৪-১৯৭৭

ৰাজকুমাৰী ডুবে (ইংৰাজী: Rajkumari Dubey; ১৯২৪-২০০০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। ৰাজকুমাৰী নামেৰে প্ৰখ্যাত, হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত কণ্ঠশিল্পীগৰাকীৰ সঙ্গীত জীৱনৰ দৈৰ্ঘ্য প্ৰায় চাৰি দশক যদিও ১৯৩০ আৰু ১৯৪০ৰ দশক দুটা তেওঁৰ বাবে উজ্জ্বলতৰ সময়। তেওঁৰ কেইটামান বিখ্যাত গীত- 'বাওৰে নেইন' (১৯৫০) ছবিৰ 'শুন ভাইৰি বালম সচ বোল', 'মহল' (১৯৪৯) ছবিৰ 'ঘবৰাকে যো হম সৰ কো তকৰায়া' আৰু 'পাকিজা' (১৯৭২) ছবিৰ 'নজৰিয়া কি মাৰী'।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

বাৰাণসীত তেওঁৰ জন্ম হৈছিল। এঘাৰ বছৰ বয়সত এজনী শিশুশিল্পী ৰূপত 'ৰাধেশ্যাম ঔৰ জুলমী হন্স' (১৯৩২) ছবিৰ যোগে তেওঁ হিন্দী চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তাৰ পিছত কেই বছৰমান থিয়েটাৰত কাম কৰে। পুনৰ তেওঁ প্ৰকাশ পিকচাৰত এগাৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী ৰূপে অংশগ্ৰহণ কৰে। তেওঁৰ সময়ৰ শীৰ্ষস্থানীয় কণ্ঠশিল্পী জোহৰাবাই অম্বালেৱালী, আমিৰবাই কৰ্ণাটকী আৰু শমশাদ বেগমৰ তুলনাত সংকীৰ্ণ পৰিসৰত তেওঁৰ কণ্ঠ বেছি কোমল আৰু মিঠা আছিল। লতা মংগেশকাৰে আহি নেপথ্য সঙ্গীতৰ দৃশ্যপট সলনি কৰি নিদিয়ালৈ, ৰাজকুমাৰীয়ে ১৯৫০ৰ দশকৰ আৰম্ভণিলৈৰ সময়লৈকে এশখন ছবিত গীত গায়।[2][3]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৩৩ চনত মুক্তি পোৱা 'আঁখ কা তাৰা' আৰু 'তুৰ্কী শেৰ'ত তেওঁ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। 'ভক্ত কে ভগৱান' (১৯৩৪), 'ইনচাফ কী টোপী' (১৯৩৪) আদি ছবিত তেওঁ মূল ভূমিকাত অভিনয় কৰাৰ সুযোগ পায়। কেই বছৰমানৰ ভিতৰতে তেওঁ বহু কেইখন সফল ছবি 'লাল চিট্টি' (১৯৩৫),'বোম্বে মেইল' (১৯৩৫),'বম্বাই কী শেঠানী' (১৯৩৫),'শমশীৰ-ই-আৰব' (১৯৩৫) আদি ছবিত নায়িকাৰ ভূমিকাত অভিনয় কৰে। চলচ্চিত্ৰ উদ্যোগত কণ্ঠশিল্পী হিচাপে কাম কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁ অভিনয় এৰাৰ সিদ্ধান্ত লয়।[4]

এইচ এম ভিত তেওঁ ১৯৩৪ চনত প্ৰথম গীত বাণীবদ্ধ কৰে আৰু তাৰ পিছত এটা থিয়েটাৰ কোম্পানীত যোগদান কৰে; য’ত তেওঁ গীত গোৱাৰ উপৰিও অভিনয়ো কৰে। অৱশেষত ১৯৩০ দশকৰ শেহৰ পিনে তেওঁ প্ৰকাশ পিকচাৰ্চলৈ যায় আৰু তাতো তেওঁ অভিনয় আৰু কণ্ঠশিল্পী হিচাপে কাম কৰে। পৰৱৰ্তী বিশ বছৰত তেওঁ প্ৰায় এশখন ছবিত গীত গায়। হিন্দীৰ বাদেও তেওঁ গুজৰাটী আৰু পঞ্জাবী গীতত কণ্ঠদান কৰে। শাস্ত্ৰীয় সঙ্গীতৰ প্ৰশিক্ষণৰ অভাৱত তেওঁ নিজকে থুমৰী আৰু দাদৰাৰ শাস্ত্ৰীয় ৰূপৰ ক্ষেত্ৰতহে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল।[4]

পিছলৈ ৰাজ কাপুৰ আৰু মধুবালা অভিনীত 'নীল কমল' (১৯৪৭) আৰু 'হালচাল'ত (১৯৫১) তেওঁ কণ্ঠদান কৰে। তেওঁক বিশেষভাবে স্মৰণ কৰা হয়, 'মহল' (১৯৪৯) আৰু 'বাৱৰে নেইন' (১৯৫০) ছবি দুখনৰ বাবে। লতা মংগেশকাৰ আৰু আশা ভোঁচলেৰ আগমনৰ লগেলগে ৰাজকুমাৰী পিছুৱাই যাবলৈ বাধ্য হ’ল আৰু কোৰাচ গাবলৈ আৰম্ভ কৰিলে। বহু বছৰ পিছত নৌচাদে তেওঁক কামাল আমৰোহীয়ে পৰিচালনা কৰা 'পাকিজা'ত (১৯৭২)'নজৰিয়া কি মাৰী' শীৰ্ষক গীতটোত কণ্ঠদান কৰাৰ সুযোগ দিলে।[4]

২০০০ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ জীৱন কালত গোৱা শেষ গীতটো আছিল 'কিতাব' (১৯৭৭) ছবিৰ 'হৰ দিন যো বিতা'।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Rajkumari – Profile". Cineplot.com website. 10 October 2010. Archived from the original on 10 October 2010. https://web.archive.org/web/20101010082541/http://cineplot.com/music/rajkumari-profile/। আহৰণ কৰা হৈছে: 18 February 2020. 
  2. "Zohrabai, Amirbai and Rajkumari profiles". Women On Record website. http://www.womenonrecord.com/music-makers/artists/zohrabai-amirbai-rajkumari। আহৰণ কৰা হৈছে: 18 February 2020. 
  3. Anantharaman 2008, পৃষ্ঠা. 7.
  4. 4.0 4.1 4.2 4.3 "Rajkumari Biography". www.cinestaan.com. https://www.cinestaan.com/people/rajkumari-80598/about। আহৰণ কৰা হৈছে: 6 March 2021. [সংযোগবিহীন উৎস]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]