ৰোচন আৰা বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৰোচন আৰা বেগম
জন্ম ৱাহিদ-উন-নিচা
১৯১৭
কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ৬ ডিচেম্বৰ ১৯৮২
পাকিস্তান
পেচা শাস্ত্ৰীয় গায়িকা, কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩৮-১৯৮২
শৈলী থুমৰি, খয়াল, গজল
দূৰদৰ্শন PTV (পাকিস্তান টেলিভিছন)
শিৰোনামা মালিক-ই-মৌশিকী (সঙ্গীতৰ ৰাণী)
দাম্পত্যসঙ্গী চৌধাৰী আহমেদ খান
আত্মীয়-স্বজন আব্দুল কৰিম খান

ৰোচন আৰা বেগম (ইংৰাজী: Roshan Ara Begum ; ১৯১৭- ৫ ডিচেম্বৰ ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী আছিল। আব্দুল হক খানৰ জীয়ৰী হিচাপে তেওঁৰ সম্পৰ্কীয় ভাতৃ আব্দুল কৰিম খানৰ যোগেদি পৰা শাস্ত্ৰীয় সঙ্গীতৰ কিৰানা ঘৰানাৰ সৈতে সংযোগ আছিল।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯১৭ত কলকাতাত জন্মগ্ৰহণ কৰা ৰোচন আৰা বেগমে কিশোৰী কালতে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত লাহোৰৰ চুন পীৰৰ চহকী লোক কিছুমানে আয়োজন কৰা সঙ্গীত সন্ধিয়াত অংশগ্ৰহণ কৰিবলৈ লাহোৰ ভ্ৰমণ কৰিছিল। মাজেমাজে কৰি থকা ভ্ৰমণৰ কালচোৱাত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ লাহোৰ কেন্দ্ৰত গীত সম্প্ৰচাৰ কৰিছিল। উক্ত ৰেডিঅ’ সম্প্ৰচাৰত তেওঁৰ নাম ‘বম্বেৱালী’ ৰোচন আৰা বেগম বুলি উল্লেখ কৰা হৈছিল। ১৯৩০ৰ দশকৰ শেহৰ পিনে আব্দুল কৰিম খানৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীত শিকিবলৈ তেতিয়া বোম্বে নামেৰে জনাজাত বৰ্তমানৰ মুম্বাইলৈ যাত্ৰা কৰিছিল, যাৰবাবে তেওঁ ‘বোম্বেৱালী’ জনপ্ৰিয় অভিধা লাভ কৰিছিল।[3][2]

এজন জেষ্ঠ্য আৰক্ষী বিষয়া তথা সঙ্গীতপ্ৰেমী চৌধাৰী আহমেদ খানে ১৯৪৪ চনত তেওঁক বিবাহৰ প্ৰস্থাৱ দিয়ে। তেওঁ এই বিষয়ে গুৰু ওস্তাদ আব্দুল কৰিম খানৰ সৈতে আলোচনা কৰিলে আৰু অৱশেষত বিবাহৰ পিছত সঙ্গীত চৰ্চা ত্যাগ নকৰাৰ চৰ্তত তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰিলে। তেওঁৰ স্বামীয়ে এই চৰ্ত ৰক্ষা কৰি চলিছিল আৰু বেগমে পিছলৈও সঙ্গীত চৰ্চা চলাই গৈছিল।[3] বোম্বেত তেওঁ স্বামী চৌধাৰী আহমেদ খানৰ সৈতে এক বিশাল বাংলোত বাস কৰিছিল।[3]

১৯৮২ চনৰ ৬ ডিচেম্বৰত ৬৫ বছৰমান বয়সত পাকিস্তানত তেওঁৰ মৃত্যু হয়।[3]

সঙ্গীত জীৱন[সম্পাদনা কৰক]

ভাৰত বিভাজনৰ পিছত ১৯৪৮ চনত ৰোচন আৰা বেগমে স্বামীৰ সৈতে ভাৰত ত্যাগ কৰি পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ এখন সৰু চহৰ লালামুচাত বাস কৰিবলৈ লৈছিল। এই চহৰখন পাকিস্তানৰ সাংস্কৃতিক ৰাজধানী লাহোৰৰ পৰা দূৰৈত যদিও সঙ্গীতৰ কাৰ্যসূচী, ৰেডিঅ’ আৰু দূৰদৰ্শনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাযোৱা কৰিছিল।[3]

বহুলভাবে সন্মানিত পাকিস্তানৰ এজন শাস্ত্ৰীয় সঙ্গীতৰ পৃষ্ঠপোষক হায়াত আহমেদ খানে ১৯৫৯ত তেওঁক ‘অল পাকিস্তান মিউজিক কনফাৰেঞ্চ’ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য হ’বলৈ আহ্বান জনায়। শাস্ত্ৰীয় সঙ্গীতৰ প্ৰসাৰৰ বাবে এই সংগঠনটোৱে পাকিস্তানৰ বিভিন্ন চহৰত বাৰ্ষিক সঙ্গীত সন্মিলনৰ আয়োজন কৰিছিল, যি এতিয়াও চলি আছে।[2][4]

যদিও তেওঁক পাকিস্তানত ‘মালিকা-ই-মৌশকি’ অৰ্থাৎ সঙ্গীতৰ ৰাণী বুলি সম্বোধন কৰা হৈছিল, দৰাচলতে তেওঁ নম্ৰ, সৎ আৰু লক্ষণীয় ভাবে সৰল ব্যক্তি আছিল।[3] তেওঁ দোকমোকালিতে উঠিছিল আৰু পুৱাৰ প্ৰাৰ্থনাৰ পিছতে ৰেৱাজ আৰম্ভ কৰিছিল। তেওঁলোকৰ কোনো সন্তান নথকা বাবে ল’ৰা বা ছোৱালী শিশু এটা তুলি লোৱাৰ মনস্থ কৰিছিল।[3][2]

তেওঁ কেইখনমান চলচ্চিত্ৰৰ বাবেও, বিশেষকৈ সঙ্গীত পৰিচালক অনিল বিশ্বাস, ফিৰোজ নিজামী, তচদ্দুক হুছেইনৰ তত্ত্বাৱধানত পেহলি নজৰ (১৯৪৫), জুগনু (১৯৪৭), কিচমত (১৯৫৬), ৰূপমতী বাজবাহাদুৰ (১৯৬০), নীলা পৰ্বত (১৯৬৯) আদি ছবিত গীত গাইছিল।[1]

পাকিস্তানৰ কেইগৰাকীমান শীৰ্ষস্থানীয় শাস্ত্ৰীয় সঙ্গীত শিল্পী, যেনে পাতিয়ালা ঘৰানাৰ বড়ে ফটেহ আলী খান, আমানত আলী খান আৰু শাম চৌৰাচিয়া ঘৰানাৰ ওস্তাদ চালামত আলী খানে নিজৰ আনন্দৰ বাবে ৰোচন আৰা বেগমৰ ৰেকৰ্ডিংসমূহ শুনিছিল।[3]

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

১৯৬০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে ৰোচন আৰা বেগমক ‘সিতাৰা-ই-ইমটিয়াজ’ বঁটা আৰু ‘প্ৰাইড অফ পাৰফৰমেঞ্চ’ বঁটা প্ৰদান কৰে। ‘সিতাৰা-ই-ইমটিয়াজ’ লাভ কৰা তেৱেঁ আছিল প্ৰথম মহিলা কণ্ঠশিল্পী।[3]

গ্ৰন্থসূচী[সম্পাদনা কৰক]

  • কিৰানা, ৰোচন আৰা বেগম। প্ৰকাশক গ্ৰামোফোন কোম্পানী অফ ইণ্ডিয়া, ১৯৯৪।

তথ্যসূত্ৰ[সম্পাদনা কৰক]