নাট্য শাস্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নাট্য শাস্ত্ৰ
Shiva as the Lord of Dance LACMA edit.jpg
নৃত্যৰ দেৱতা ৰূপে শিৱ
তথ্য
ধৰ্ম হিন্দুধৰ্ম
ৰচয়িতা ভৰত মুনি
ভাষা সংস্কৃত

নাট্য শাস্ত্ৰ (হিন্দী: नाट्य शास्त्र) পৰিৱেশ্য কলাৰ বিষয়ে সংস্কৃত ভাষাত ৰচিত এক নিৱন্ধ পুথি।[1][2] ভৰত মুনিক এই পুথিৰ ৰচনাৰ কৃতিত্ব দিয়া হয়। পুথিখনৰ প্ৰথমটো সম্পূৰ্ণ সংকলন আনুমানিক খ্ৰীষ্টপূৰ্ব ২০০-ৰ পৰা ২০০ চনৰ ভিতৰত কৰা হৈছিল। [3][4] অৱশ্যে কিছুসংখ্যক পণ্ডিতৰ মতে ইয়াৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৫০০-ৰ পৰা ৫০০ চনৰ ভিতৰত। [5]

এই গ্ৰন্থখনত মুঠ পৰিৱেশ্য কলাৰ বিষয়ে ৬,০০০টা কাব্যিক শ্লোকৰ লগতে সৰ্বমুঠ ৩৬টা অধ্যায় আছে। গ্ৰন্থখনে নাটকীয় ৰচনা, নাটকৰ সজ্জা, নাটকৰ আয়োজনৰ বাবে মঞ্চৰ নিৰ্মাণ, অভিনয়ৰ ভাগ, অংগ সঞ্চালন, ৰূপ-সজ্জা আৰু বেশ-ভূষা, কলা নিৰ্দেশকৰ ভূমিকা আৰু দায়িত্ব, সাংগীতিক মাত্ৰা, বাদ্যযন্ত্ৰ আৰু কলা প্ৰদৰ্শনৰ সৈতে সংগীতৰ ঐকতানৰ বিষয়ক সামৰি লৈছে। [6][7]

Natya Shastra.png

নাট্য শাস্ত্ৰ মূলতঃ এক পৌৰাণিক বিশ্বকোষীয় নিৱন্ধমালা হিচাপে উল্লেখনীয়।[2][8] এই গ্ৰন্থখনে ভাৰতৰ নৃত্য, সংগীত আৰু সাহিত্যৰ পৰম্পৰাক প্ৰভাৱিত কৰিছে। [9] সৌন্দৰ্যবোধ বিষয়ক ৰাসৰ ধাৰণাৰ বাবেও নাট্য শাস্ত্ৰ উল্লেখনীয়। এই ধাৰণাৰ মতে বিনোদন কলা প্ৰদৰ্শনৰ এক অন্যতম উদ্দেশ্য যদিও ই প্ৰধান উদ্দেশ্য নহয়। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে দৰ্শকক আধ্যাত্মিক আৰু নৈতিক প্ৰশ্নৰে ভৰা আত্মোপলব্ধিৰ এক সমান্তৰাল বিশ্বলৈ লৈ যোৱাটোহে।[8][10] এই গ্ৰন্থৰ দ্বাৰা পৰৱৰ্তী সময়ত দশম শতিকাত অভিনৱগুপ্তই ৰচনা কৰা অভিনৱভাৰতী আদি গ্ৰন্থ অনুপ্ৰাণিত হয়। [11]

ব্যুৎপত্তি[সম্পাদনা কৰক]

এই পুথিৰ শিৰোনাম "নাট্য" আৰু "শাস্ত্ৰ" এই দুই শব্দৰ সন্ধিত গঠিত হৈছে। নাট্য শব্দৰ সংস্কৃত মূল নটৰ অৰ্থ হৈছে অভিনয় বা উপস্থাপন।[12] শাস্ত্ৰৰ অৰ্থ হৈছে নীতি-নিয়ম বা নিৰ্দেশনা আৰু ভাৰতীয় সাহিত্যসমূহত ই পশ্চাদ অংশৰূপে যোগ হয়।[13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Katherine Young; Arvind Sharma (2004). Her Voice, Her Faith: Women Speak on World Religions. Westview Press. পৃষ্ঠা. 20–21. ISBN 978-0-8133-4666-3. https://books.google.com/books?id=xUoEw0IQvPEC. 
  2. 2.0 2.1 Guy L. Beck (2012). Sonic Liturgy: Ritual and Music in Hindu Tradition. University of South Carolina Press. পৃষ্ঠা. 138–139. ISBN 978-1-61117-108-2. https://books.google.com/books?id=UzUMCAAAQBAJ. "Quote: "A summation of the signal importance of the Natyasastra for Hindu religion and culture has been provided by Susan Schwartz, "In short, the Natyasastra is an exhaustive encyclopedic dissertation of the arts, with an emphasis on performing arts as its central feature. It is also full of invocations to deities, acknowledging the divine origins of the arts and the central role of performance arts in achieving divine goals (...)"." 
  3. Natalia Lidova 2014.
  4. Tarla Mehta 1995, পৃষ্ঠা. xxiv, 19–20.
  5. Wallace Dace 1963, পৃষ্ঠা. 249.
  6. Sreenath Nair 2015.
  7. Emmie Te Nijenhuis 1974, পৃষ্ঠা. 3–4, 7–25.
  8. 8.0 8.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Schwartz2004p12 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Sunil Kothari & Avinash Pasricha 2001, পৃষ্ঠা. 117, 163.
  10. Daniel Meyer-Dinkgräfe (2005). Approaches to Acting: Past and Present. Bloomsbury Academic. পৃষ্ঠা. 102–104, 155–156. ISBN 978-1-4411-0381-9. https://books.google.com/books?id=-KiJn_o4R5MC. 
  11. Ananda Lal 2004, পৃষ্ঠা. 308.
  12. Chandra Rajan (1999). Loom Of Time, Kalidasa. Penguin Books. পৃষ্ঠা. 29. ISBN 978-0-14-400078-4. https://books.google.com/books?id=sj9hZYZrcFEC. 
  13. James Lochtefeld (2002), "Shastra" in The Illustrated Encyclopedia of Hinduism, Vol. 2: N-Z, Rosen Publishing, আই.এচ.বি.এন. 0-8239-2287-1, page 626; See also for help शास्त्र in Monier William's Sanskrit-English Dictionary, 2nd Edition, Oxford University Press, Archived by Koeln University, Germany