থাবল চোংবা
থাবল চোংবা ꯊꯥꯕꯜ ꯆꯣꯡꯕ | |
---|---|
২০১৯ চনৰ এপ্ৰিল মাহত ইম্ফলত অনুষ্ঠিত থাবাল চোংগবা | |
অন্তৰ | বাৰ্ষিক |
ঠাই | মণিপুৰ |
প্ৰকাৰ | নৃত্য |
থাবল চোংবা (ইংৰাজী: Thabal chongba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ পাৰম্পৰিক নৃত্য। থাবাল চোংগবাৰ আক্ষৰিক অৰ্থ হৈছে 'জোন পোহৰৰ তলত নৃত্য'।[1] পুৰুষ আৰু মহিলাসকলৰ লগত এক বৃত্তত ৰৈ, হাত ধৰা-ধৰিকৈ এই নৃত্য কৰা হয়। থাবাল চোংগবা বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ লোকউৎসৱ য়াওচাংৰ লগত জড়িত।[2] মেইতেই কেলেণ্ডাৰৰ ‘লমটা’[3] মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰপৰা আৰম্ভ হোৱা যাওচাং উৎসৱৰ সমান্তৰালকৈ থাবাল চোংগবা অনুষ্ঠিত হয়।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]মেইতেই ভাষাত 'থাবাল' মানে 'জোনৰ পোহৰ' আৰু 'চোংগবা' মানে 'নৃত্য'। অৰ্থাৎ থাবাল চোংগবা মানে 'জোনৰ পোহৰত কৰা নৃত্য'। সাধাৰণতে মেইতেই দিনপঞ্জীৰ 'লমটা' মাহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ হোৱা য়াওচাং উৎসৱত এই নৃত্য কৰা হয়। এই সময়ত আকাশ ফৰকাল থাকে আৰু জোনৰ পোহৰত ওৰে নিশা নৃত্য কৰাৰ পৰম্পৰাৰ পৰা এই নৃত্যৰ নাম থাবাল চোংগবা হৈছে বুলি গণ্য কৰা হয়।
য়াওশং
[সম্পাদনা কৰক]মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়। ফাঁকুৱাৰ দৰে মণিপুৰৰ হিন্দু লোকসকলৰ বাবে ই এক ৰঙৰ উৎসৱ। বসন্ত ঋতুত পাঁচদিন এই উৎসৱ পালন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰ লগতে এই উৎসৱত ভোজভাত তথা গীত-মাতৰ উপৰিও খেল ধেমালীৰ যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। এই উৎসৱৰ মুখ্য আকৰ্ষণ হৈছে থাবাল চোংগবা নৃত্য। স্থানীয় পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়লৈকে অনুষ্ঠিত থাবাল মাজ নিশালৈকে অনুষ্ঠিত হয়।[4]
বৰ্ণনা
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে ৰক্ষণশীল কাংলিচা বা মেইতেই অভিভাৱকে তেওঁলোকৰ ছোৱালীসকলক তেওঁলোকৰ সন্মতি অবিহনে বাহিৰলৈ যাবলৈ আৰু যুৱকসকলক লগ কৰিবলৈ অনুমতি দিয়া নহৈছিল। থাবল চোংগবায়ে ছোৱালীসকলক ল'ৰাৰ সৈতে লগ পোৱা আৰু কথা পাতিবলৈ একমাত্ৰ সুযোগ প্ৰদান কৰিছিল। আগৰ সময়ত এই নৃত্যটো লোকগীতৰ সৈতে জোনৰ পোহৰত প্ৰদৰ্শন কৰা হৈছিল। সংগীতৰ সৈতে অন্যান্য বাদ্যযন্ত্ৰৰ সৈতে ছন্দবদ্ধভাবে পাৰম্পৰিক মণিপুৰী ঢোল বজোৱা হয়। এই নৃত্য য়াওচাং উৎসৱৰ গোটেই পাঁচ দিনত প্ৰতিটো স্থানত কৰা হয়। পাহাৰৰ ফাঁকেৰে চন্দ্ৰ উদয় হোৱাৰ লগে লগে বাঁহী, ঢোল আৰু তাল বজাবলৈ আৰম্ভ কৰা হয়। বৃত্তত থকা ল'ৰা আৰু ছোৱালীসকলে ইজনে সিজনৰ হাতত সংগীতৰ ছন্দ ধীৰ আৰু দ্ৰুত, উচ্চ আৰু নিম্ন, ওপৰ আৰু তললৈ পদ চালনা কৰি নৃত্য কৰে। যদি অংশগ্ৰহণকাৰী সকলৰ সংখ্যা অতি বেছি হয় তেন্তে তেওঁলোকে দুই বা তিনিটা শাৰী গঠন কৰিব পাৰে যাতে সকলোৱে আৰু যিকোনো লোকে নৃত্যত অংশগ্ৰহণ কৰিব পাৰে।[5]
সাজ-পাৰ
[সম্পাদনা কৰক]থাবাল চোংগবাত নাৰী-পুৰুষ উভয়ে পাৰম্পৰিক মণিপুৰী সাজ-পাৰ পিন্ধে। অৱশ্যে বৰ্তমান আধুনিক সাজ-পাৰ পৰিধান কৰাও দেখা যায়।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Dipanjan Roy Chaudhury (2008). Northeast: Diverse Complexity. Har-Anand Publications Pvt. Limited. পৃষ্ঠা. 106–. ISBN 978-81-241-1437-7. https://books.google.com/books?id=-SO7stGa7jQC&pg=PA106.
- ↑ # The religion of Manipur: beliefs, rituals, and historical development by Saroj Nalini Parratt, author's thesis, Australian National University (1974)
- ↑ "Manipuri Calendar". www.e-pao.net. http://www.e-paolive.net/download/calendar/Manipuri_Calendar_2021.pdf। আহৰণ কৰা হৈছে: 21 December 2020.
- ↑ "five-day-yaoshang-festival-begins-in-manipur". easternmirrornagaland.com. https://easternmirrornagaland.com/five-day-yaoshang-festival-begins-in-manipur-2/। আহৰণ কৰা হৈছে: 2020-08-29.
- ↑ Parratt, Saroj Nalini (April 1974). "The Public Festivals". The Religion of Manipur: Beliefs, Rituals and Historical Development (Thesis). Australian National University. p. 43. https://digitalcollections.anu.edu.au/bitstream/1885/11206/1/Parratt_S.N._1974.pdf। আহৰণ কৰা হৈছে: 18 June 2015. ""The third, and most important, of the Krishnaite festivals is Dol Jatra, or, to give it its Meitei name, Yaosang. This is the greatest of the Meitei festivals and is celebrated on the full moon of Lamda (FebruaryMarch), lasting for six days.""