ডোমকচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ডোমকচ
শৈলী লোকনৃত্য
উৎপত্তিমূল বিহাৰ, ঝাৰখণ্ড

ডোমকচ (ইংৰাজী: Domkach) বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত পৰম্পৰাগত লোক নৃত্য। বিহাৰৰ মিথিলা আৰু ভোজপুৰ অঞ্চলত ডোমকচ নৃত্য কৰা হয়।[1] ঝাৰখণ্ডত ইয়াক নাগপুৰী লোকনৃত্য বুলি কোৱা হয়।[2] উত্তৰ প্ৰদেশৰ লোকসকলে ডোমকচ নৃত্যেৰে তেওঁলোকৰ বিভিন্ন উৎসৱ উদযাপন কৰে। ৰাজ্যখনৰ যিকোনো বিবাহ অনুষ্ঠানত নিশ্চিতভাৱে এই বিখ্যাত নৃত্যৰ আভাস পোৱা যায়।

পটভূমি[সম্পাদনা কৰক]

ডোমকাচ নৃত্যৰ পটভূমিত এক পৰম্পৰাগত বিশ্বাস আছে। সেয়া হৈছে মহিলাসকল শাৰীৰিকভাৱে দুৰ্বল কিন্তু তেওঁলোক দলৰ অভ্যন্তৰীণত তেওঁলোক শক্তিশালি। এই নৃত্যৰ মুখ্য ধাৰণা হৈছে দলীয় শক্তিৰ মহত্ত্ব। এই নৃত্য সাধাৰণতে নিশা মহিলাসকলৰ দলৰ দ্বাৰা কৰা হয়। এগৰাকী মহিলাৰ প্ৰদৰ্শন সাধাৰণতে দুৰ্বল বুলি গণ্য কৰা হয়। অৱশ্যে যেতিয়া মহিলাসকলে একগোট হৈ দল গঠন কৰে, তেওঁলোক চোৰ আৰু অন্যান্য অপৰাধীৰ সৈতে যুঁজিবলৈ যথেষ্ট শক্তিশালী হয়। এয়া ডোমকাচ নৃত্যত প্ৰদৰ্শন কৰা মূল বাৰ্তা।[3]

বৰ্ণনা[সম্পাদনা কৰক]

সকলো ডাঙৰ বিয়াৰ অনুষ্ঠানত দৰা আৰু কইনাৰ পৰিয়ালৰ পুৰুষ আৰু মহিলাসকলে ডোমকচ নৃত্য প্ৰদৰ্শন কৰে। ইজনে সিজনৰ হাত ধৰি এই বিশেষ নৃত্য প্ৰদৰ্শন কৰিবলৈ এটা অৰ্ধ বৃত্ত সৃষ্টি কৰা হয় আৰু গীতবোৰ ব্যঙ্গাত্মক আৰু আনন্দৰে ভৰা। নাগপুৰী ডোমকচ আৰু এচাৰিয়া ডোমকচ, দোহাৰী ডোমকচ আৰু ঝুমটাৰ দৰে অংশত বিভক্ত কৰা হৈছে।[4] ই উত্তৰ প্ৰদেশৰ অন্যতম জনপ্ৰিয় উৎসৱ।[5]

দৰাৰ পৰিয়াল আৰু আত্মীয়সকলে কইনাৰ ঘৰলৈ যাওঁতে দৰাঘৰৰ মহিলাসকলে পিছফালে থাকে আৰু গোটেই ৰাতি ডোমকাচ নৃত্য কৰা হয়। ইয়াৰ জৰিয়তে ঘৰখন দুৰ্বৃত্তৰ পৰা সুৰক্ষিত কৰা হয়। ইয়াৰ প্ৰদৰ্শন কেন্দ্ৰীয় চোতালত কৰা হয় আৰু আৰু এটা ই নাট্য কৰ্মৰ দৰে অনুষ্ঠান। মহিলাসকলে বিবাহ অনুষ্ঠানৰ সৈতে সম্পৰ্কিত একাধিক লোকগীত গায়। তেওঁলোকে ঢোলাক আৰু ঘুগুৰা দৰে সৰল বাদ্যযন্ত্ৰ বজায়। কিছুমানে ঝংকাৰ তুলিবলৈ চামুচ আৰু ধাতুৰ কাঁহী ব্যৱহাৰ কৰে। গোটেই অনুষ্ঠানটো হাঁহি আৰু আনন্দৰে ভৰি থাকে। নৃত্যৰ সৈতে বিভিন্ন ৰীতি-নীতি আৰু পিউল নামৰ এক কাল্পনিক খেলো যোগ কৰা হয়।[3]

সাজ-পাৰ[সম্পাদনা কৰক]

ডোমকচ নৃত্য মনোৰঞ্জনৰ এক আমোদজনক উদযাপন। ডোমকচ নাচিবলৈ কোনো পৰম্পৰাগত সাজ পোছাক পিন্ধাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ মানুহে এই নৃত্যৰ লগত মিলা পোছাক, গহনা আৰু অন্যান্য সাজ-সজ্জা আদি যথেষ্ট নতুন পৰম্পৰা জড়িত কৰিছে। ইয়াৰ ফলত উপস্থাপন আৰু বেছি জীৱন্ত আৰু আকৰ্ষণীয় হৈ পৰিছে। সকলো সংশোধন স্বত্বেও নৃত্য আৰু ৰীতি-নীতিৰ প্ৰকৃত লোকগীত সমূহ এতিয়াও মানুহে বৰ্তাই ৰাখিছে। সেইবাবেই এই নৃত্য অধিক জনপ্ৰিয় হৈ পৰিছে।[3]

তথ্য উৎস[সম্পাদনা কৰক]