ঘুগুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এযোৰ ঘুগুৰা
কথক নৃত্যশিল্পী নামৰ্তা ৰায়ে ঘুগুৰা পিন্ধি নৃত্য প্ৰদৰ্শন কৰিছে

ঘুগুৰা (ইংৰাজী: Ghungroo) জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাতৱীয় ঘণ্টাৰে ঘুগুৰা প্ৰস্তুত কৰা হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নৃত্যশিল্পীসকলে ভৰিত ঘুগুৰা বান্ধি নৃত্য প্ৰদৰ্শন কৰে।[1] ঘুগুৰাৰ দ্বাৰা উৎপাদিত শব্দ সিহঁতৰ ধাতৱ গঠন আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট পৃথক হয়। ই নৃত্যৰ বদ্ধ দিশবোৰ বৃদ্ধি কৰিবলৈ আৰু জটিল পদচালনা দৰ্শকৰ দ্বাৰা শুনিবলৈ সহায় কৰে। ঘুগুৰা ভৰিৰ পতা আৰু বাকী অংশৰ মাজৰ জোৰা অংশৰ ঠিক ওপৰত পিন্ধা হয়। ঘুগুৰা সমূহ এডাল ৰছী বা সৰু কাপোৰত একেলগে গাঁঠি থকা ৫০ৰ পৰা ২০০টা বা ততোধিক সৰু ঘণ্টা থাকে। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত ভাৰতনাট্যম, কথক, কুচিপুড়ি, মোহিনীঅট্টম, ওডিছী আৰু অন্যান্য নৃত্য যেনে লাৱনীত ঘুগুৰা পিন্ধা হয়।

নাম[সম্পাদনা কৰক]

অসমীয়াত ঘুগুৰাক টোৰড়, ঘৰ্ঘৰিকা, ঘাঘৰ, কিঙ্কিশী, ঘাগৰ আদি নামেৰে জনা যায়। উত্তৰ ভাৰত ইযাক ঘুংগুৰু বুলি কোৱা হয়। সেইদৰে তামিল ভাষা চিলানগাই আৰু মালায়ালম ভাষাত চিলানকা বোলে। নেপালৰ লোক-নৃত্যশিল্পীসকলেও ব্যৱহাৰ কৰা ঘুগুৰাক চেপ বোলে।[2][3] ইয়াক ৯ৰ পৰা ২৭টা সৰু ব্ৰঞ্জৰ ঘণ্টা থাকে আৰু এইবোৰ প্ৰায় ২৩ চেমি দীঘল ৭.৫ চেমি বহল কাপোৰত চিলাই কৰা হয়। ইয়াক গোৰোহাৰ চাৰিওফালে অলংকাৰ হিচাপে বান্ধি ৰখা হয়।[3][2] নেপালীসকলে গীত অনুসৰি বিভিন্ন চেপ বাছনি কৰিব পাৰে। ঘণ্টাৰ সৰু বা ডাঙৰ ব্যৱস্থাৰ সৈতে বাছনি কৰিব পাৰে।[3] ঘণ্টাবোৰক ঘুনগুৰু (ঘুংগুৰু) বুলি কোৱা হয়।[2]

ইতিহাস আৰু বৈশিষ্ট্যসমূহ[সম্পাদনা কৰক]

ঘনবাদ্যৰ অধীনত থকা ঘুগুৰা হৈছে পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যৰ এক অত্যাৱশ্যকীয় উপাদান। ইয়াক মুখ্যতঃ লয়বদ্ধ আৰু বিশেষ টিউনিংৰ প্ৰয়োজন নহয়।[4]

ই ধ্ৰুপদী নৃত্যশিল্পীসকলৰ মুখ্য অলংকাৰ হোৱাৰ উপৰিও তেওঁলোকে নৃত্য কৰোঁতে পিন্ধা সভ্যতাৰ সৈতেও জড়িত আছিল। সেয়েহে সামাজিক সীমাবদ্ধতাৰ বাবে সাধাৰণ মহিলাৰ দ্বাৰা ঘুগুৰা ব্যৱহাৰ বাধাগ্ৰস্ত হৈছিল। সময়ৰ লগে লগে ঘুগুৰা নৃত্যশিল্পীসকলে ব্যৱহাৰ কৰা অলংকাৰ হিচাপে চিত্ৰিত কবিতা, সাহিত্য আৰু চিনেমাৰ জৰিয়তে ইয়াৰ অস্তিত্ব অৰ্জন কৰিছে।[5]

ঘুংগুৰু বাদন[সম্পাদনা কৰক]

ঘুংগুৰু বাদন হৈছে এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় কথক নৃত্য প্ৰদৰ্শক ভি অনুৰাধা সিঙৰ দ্বাৰা বিকশিত এক সংগীত শৈলী। তেওঁ এটা মুখ্য বাদ্যযন্ত্ৰ হিচাপে ইয়াক বিকশিত কৰিছিল আৰু বহুতো বিশুদ্ধ সংগীত উৎসৱত প্ৰদৰ্শন কৰিছিল। ঘুংগুৰু বাদনে কেৱল আনন্ধ কলা হিচাপে ভৰিৰ চলাচলৰ ওপৰত গুৰুত্ব দিয়ে।

তথ্য উৎস[সম্পাদনা কৰক]