বিশ্ব বন্যপ্ৰাণী দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব বন্যপ্ৰাণী দিৱস
World Wildlife Day
বিশ্ব বন্যপ্ৰাণী দিৱস World Wildlife Day
বিশ্ব বন্যপ্ৰাণী দিৱসৰ ল'গ'
অন্য নাম বন্যপ্ৰাণী দিৱস / WWD
পালন কৰে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ৩ মাৰ্চ
উদযাপন বিশ্বৰ বন্যপ্ৰাণী সম্পৰ্কে সজাগতা সৃষ্টি কৰা
অৱধি এদিন
সংঘটন বাৰ্ষিক

বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে পালন কৰা হয়। ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰা হয়।[1] বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল লক্ষ্য।

বিৱৰণ[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উত্থাপিত বিধেয়ক[2] খনত বন্যপ্ৰাণী আৰু ইয়াৰ বিভিন্ন অৱদানৰ ওপৰিও পৰিস্থিতিতান্ত্ৰিক, বংশগতিক, সামাজিক, অৰ্থনৈতিক, বৈজ্ঞানিক, শৈক্ষিক, সাংস্কৃতিক, নৱীকৰণযোগ্য আৰু নান্দনিক বিষয়ৰ জৰিয়তে বহনক্ষম উন্নয়ন ঘটাই সুনাগৰিক গঢ়াত গুৰুত্ব আৰোপ কৰা হৈছে।

২০১৩ চনৰ ৩ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ থাইলেণ্ডবেংককত অনুষ্ঠিত আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য (CITES) অভিবৰ্তনৰ বাবে ৩ মাৰ্চক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰে।[3] [4]

প্ৰতিপাদ্য বিষয় বা থীম[সম্পাদনা কৰক]

২০২০: ২০২০ চনৰ থীম হল: "পৃথিৱীৰ সকলো জীৱক বহন কৰা (Sustaining all life on earth)"[5]

২০১৯: ২০১৯ চনৰ থীম হল: “পানীৰ তলৰ জীৱন: মানুহ আৰু পৃথিৱীৰ বাবে (Life below water: for people and planet)"[6]

২০১৮: ২০১৮ চনৰ থীম হল: "মেকুৰীজাতীয় জীৱ: বিপদাপন্ন ভক্ষক (Big cats - predators under threat)" [7]

২০১৭: ২০১৭ চনৰ থীম হ'ল: "অনুজ সকলৰ মাত শুনা (Listen to the young voices)".[8]

২০১৬: ২০১৬ চনৰ থীম হ'ল: "বন্যপ্ৰাণীৰ ভৱিষ্যৎ আমাৰ হাতত (The future of wildlife is in our hand)", লগতে উপ থীম "হাতীৰ ভৱিষ্যৎ আমাৰ হাতত (The future of elephants is in our hands)".

২০১৫: ২০১৫ চনৰ থীম হ'ল: "এতিয়া বন্যপ্ৰাণীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে সজাগ হোৱা উচিত (It’s time to get serious about wildlife crime)".

তথ্য উৎস[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]