ডিমৌ নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিমৌ নদী
দেশ  ভাৰত
প্ৰদেশ অসম
উৎস ঘগৰাজান
কাৱৈমাৰি জান
 - অৱস্থান লেঙেৰী অঞ্চল, ডিব্ৰুগড় জিলা, অসম, ভাৰত
মোহনা দিচাং নদী
 - অৱস্থান ডিখৌমুখ, ডিব্ৰুগড় জিলা, অসম

ডিমৌ নদী হৈছে দিচাঙ নদীৰ উপনদী। এই নদীখনৰ দৈৰ্ঘ্য ৫৮ কি:মি: আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কি:মি:।

উৎপত্তি[সম্পাদনা কৰক]

ডিব্ৰুগড় জিলাত লেঙেৰী অঞ্চলৰ ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি ডিমৌ নদীৰ উৎপত্তি হয়।

গতিপথ[সম্পাদনা কৰক]

ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি পশ্চিমমুৱাহৈ নামদাং বনাঞ্চলৰ মাজেদি বৈ আহে। তাৰ পৰা খোৱাংৰ পৰা ৬কি:মি: পূবত কলৌলোৱা জানৰ সৈতে লগ লাগে। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ খোৱাং চহৰৰ কাষেৰে গৈ তিলৈ নদী লগ লাগিছে। তাৰ পাচত দক্ষিণ-পশ্চিমমুৱা হৈ ডিমৌ ওচৰৰ দিখাৰি বাগানলৈকে বৈ আহি পশ্চিমমুৱা হয়। ইয়াৰ পৰা পানীদিহিং বনাঞ্চল মাজেদি বৈ গৈ ধাইআলি পাৰ হৈ আখৈফুটীয়াৰ পশ্চিমৰ ডিখৌমুখত ডিমৌ নদী দিচাঙ নদীৰ সৈতে লগ লাগিছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]