দৰিকা নদী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দৰিকা নদী | |
দেশ | ভাৰত |
---|---|
প্ৰদেশ | অসম |
উৎস | নগা পাহাৰৰ নামনি অংশ |
দৰিকা নদী হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য নদী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।
উৎপত্তি
[সম্পাদনা কৰক]দৰিকা নদীখন শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা উৎপত্তি হৈছে।
গতিপথ
[সম্পাদনা কৰক]ইয়াৰ পৰা ওলাই চন্টক বাগিছাৰ পূবেদি বৈ গৈ শিমলুগুৰিৰ পৰা ৩ কিঃমিঃ পূবত ধোদৰ আলিৰ পুৰণি শিলৰ সাঁকোৰ তলেদি পাৰ হৈ, চৰাইদেউৰ পাহাৰ ওলাই দিজৈখনাৰ লগ হৈ, দৰিকা নদী খনে উত্তৰমুৱাহৈ দৰিকা গাঁও পায় । ইয়াৰ পৰা উত্তৰ-পশ্চিমমুৱা হৈ নিমাইজানৰ লগ হৈ শিৱসাগৰৰ নগৰৰ পৰা ডেৰ কিঃমিঃ পূবত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয় । তাৰ পৰা ৮ কিঃমিঃ বৈ গৈ মৰি দিলিহি নদী লগ হয়। আকৌ তাৰ পৰা ৫ কিঃমিঃ আহি দেউঘৰীয়াত দিখৌ নদী পৰা ঠাইতে একেলগে ব্ৰহ্মপুত্ৰত পৰিছেহি।
দৰিকাৰ প্ৰধান উপনদী
[সম্পাদনা কৰক]টিমুক নদী
[সম্পাদনা কৰক]শিৱসাগৰ জিলাৰ নিমনাগড় চাহবাগিছাৰ পৰা ওলোৱা নামদাং নদী খন উত্তৰ-পশ্চিম দিশত আহি নাহৰনি চাহ বাগিছা দক্ষিণে নিমনাগড় জানৰ লগ লাগি টিমুক জান নাম লয় । ইয়াৰ পৰা পশ্চিমমুৱাহৈ ৰাজগড় আলি পাৰহৈ গৌৰিজানৰ পশ্চিমলৈ আহি দৰিকা গাঁৱৰ পূবত দৰিকা নদীত পৰে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|