অমৃতসৰৰ স্বৰ্ণমন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অমৃতসৰৰ স্বৰ্ণমন্দিৰ
ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਸਾਹਿਬ

অমৃতসৰৰ স্বৰ্ণমন্দিৰ
সাধাৰণ তথ্য
চহৰ অমৃতসৰ, পঞ্জাব
দেশ ভাৰত
স্থানাংক 31°37′12″N 74°52′37″E / 31.62°N 74.87694°E / 31.62; 74.87694স্থানাংক: 31°37′12″N 74°52′37″E / 31.62°N 74.87694°E / 31.62; 74.87694
নিৰ্মাণ আৰম্ভ December 1581[1]
সম্পূৰ্ণ 1589 (Temple), 1604 (with Adi Granth) [1]
Website
Sri Harmandir Sahib (Gurmukhi)

পঞ্জাবৰ সু্প্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণমন্দিৰ৷ স্বৰ্ণমন্দিৰ ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ৷ স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব৷ শিখসকলে গ্ৰন্থখন দেৱ জ্ঞান কৰে৷ স্বৰ্ণ মন্দিৰত পূজাৰ কোনো প্ৰথা নাই৷ গ্ৰন্থ চাহিবৰ অখণ্ড পাঠ চলে মাথোঁ৷ এই মন্দিৰৰ কাষতে আছে স্বৰ্ণ গম্বুজ বিশিষ্ট পাঁচ মহলীয়া আকাল তখত (Akal Takht),অৰ্থাৎ চিৰকালৰ দেৱতাৰ ভৱন৷ ইয়াতে ৰাতি গ্ৰন্থ চাহিব সুৰক্ষিত অৱস্থাত ৰখা হয়৷ তদুপৰি ইয়াত আছে শিখ ধৰ্মগুৰুসকলে ব্যৱহাৰ কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ৷

স্বৰ্ণমন্দিৰৰ নিৰ্মাণ কাহিনী[সম্পাদনা কৰক]

১৫৭৭ চনত চতুৰ্থ শিখ গুৰু ৰাম দাসে অমৃতসৰ নগৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়৷ মোগল সম্ৰাট আকবৰে ৰাম দাসক এটা পুখুৰীসহ এডোখৰ মাটি দান কৰিছিল৷ ৰাম দাসে এই পুখুৰীকে 'অমৃতসৰ' (অৰ্থাৎ অমৃতৰ সৰোবৰ) নাম দি তাক এটা প্ৰকাণ্ড সৰোবৰলৈ ৰূপান্তৰিত কৰে৷ এই সৰোবৰৰ নাম অনুসৰিয়েই নগৰখনৰ নামো অমৃতসৰ হয়৷ এই সৰোবৰৰ মাজতে ৰাম দাসৰ পুত্ৰ পঞ্চম শিখ গুৰু অৰ্জুনদেৱে ১৬০১ চনত হিন্দু আৰু মুছলমান স্থাপত্যৰ সমন্বয়ত এটা মন্দিৰ নিৰ্মান কৰে, নাম যাৰ হৰিমন্দিৰ৷ এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল লাহোৰৰপৰা অহা মুছলমান সন্ত হজৰত মিঞা মিৰে৷ ১৬০৪ চনত অৰ্জুনদেৱে সংকলিত কৰা শিখসকলৰ ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব হৰিমন্দিৰত স্থাপন কৰা হয়৷ এনেদৰে ক্ৰমান্বয়ে অমৃতসৰ আৰু হৰিমন্দিৰ শিখসকলৰ পবিত্ৰ তীৰ্থৰূপে গঢ়ি উঠে৷ ১৭৬১ চনত আফগান আক্ৰমনকাৰী আহম্মদ শ্বাহ দুৰানি ৰ আক্ৰমণত এই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয়৷ ১৭৬৪ চনত মন্দিৰটো পুনৰ নিৰ্মাণ হয়৷ ১৮৩০ চনত মহাৰাজ ৰণজিৎ সিঙেমাৰ্বলেৰে মন্দিৰটো তিনিমহলীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ লগতে ইয়াৰ তামৰ গম্বুজ আৰু চালখন ৪০০ কিল'গ্ৰাম সোনৰ পাটেৰে মেৰিয়াই দিয়ে৷ তেতিয়াৰেপৰা এই মন্দিৰটো স্বৰ্ণমন্দিৰ হিচাপে জনাজাত হয়৷ দৰবাৰ চাহিব নামেৰেও মন্দিৰটো প্ৰসিদ্ধ৷

মন্দিৰৰ নিৰ্মাণ শৈলী[সম্পাদনা কৰক]

অমৃতসৰসৰোবৰটোৰপৰা মন্দিৰলৈ ৬০ মিটাৰ (১৯৬ ফুট ) দীঘল মাৰ্বলেৰে বন্ধোৱা পথ এটা আছে৷ ইয়াৰ প্ৰবেশ পথত খোদিত কৰা হৈছে গুৰুমুখী ভাষাত লিখা গ্ৰন্থ চাহিবৰ উদ্ধৃতি৷ মন্দিৰৰ কাচখচিত বেৰবোৰ হিন্দু আৰু মুছলমান স্থাপত্যশৈলীৰ সোণ আৰু ৰং-বিৰঙৰ ফুলেৰে অলংকৃত৷ স্বৰ্ণ মন্দিৰৰ চাৰিওফালে চাৰিখন দুৱাৰ৷ ইয়াৰ অৰ্থ, এই মন্দিৰ সকলো জাতি আৰু সম্প্ৰদায়ৰ বাবে মুকলি৷ মন্দিৰটোৰ সমীপতে থকা এখন বাগিচাত আছে ৫০ মিটাৰ ওখ আঠকোণ বিশিষ্ট মন্দিৰ অটল চাহিব গুৰুদ্বাৰ৷ ১৯৮৪ চনৰ ৬ জানুৱাৰিত শিখ উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাই চলোৱা "অপাৰেশ্যন ব্লু ষ্টাৰ" অভিযানত মন্দিৰটোৰ যথেষ্ট ক্ষতি হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Arvind-Pal Singh Mandair 2013, পৃষ্ঠা. 41-42.
  2. জ্ঞানাঞ্জন প্ৰান্তিক খণ্ড ২০১২ ( ১৬ - ৩১ অক্টোবৰ ) ৩১শ বছৰ ( ২২শ সংখ্যা ) ৩৮