বমডিলা
বমডিলা | |||
— নগৰ — | |||
স্থানাঙ্ক | 27°15′N 92°24′E / 27.25°N 92.4°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||
জিলা | পশ্চিম কামেং | ||
জনসংখ্যা | 8,370[1] (2011[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 2,415 m (7,923 ft) | ||
ক'ড
|
বমডিলা (Bomdila) উত্তৰ-পূব ভাৰতৰ পশ্চিম কামেং জিলাৰ সদৰ ঠাই৷ অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ভিতৰত বমডিলা অন্যতম৷ এই নগৰখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটনৰ ক্ষেত্ৰত এক আকৰ্ষণীয় ঠাই৷
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]বমডিলা ২৭.২৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.৪ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত৷[2] এই নগৰখনৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ২৪১৫ মিটাৰ (৭৯২৩ ফুট)৷
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি বমডিলাৰ মুঠ জনসংখ্যা ৮,৩৭০ জন৷ ইয়াৰে ৫২.২% পুৰুষ আৰু ৪৭.৮% মহিলা৷[1] নগৰখনৰ সাক্ষৰতাৰ হাৰ ৬৭.৯% য’ত পুৰুষৰ হাৰ ৭৩.৩% আৰু মহিলাৰ ৬২%৷ বমডিলাৰ ১১.১% লোক ছয় বছৰৰ অনুৰ্দ্ধৰ৷[3]
বমডিলাৰ সংখ্যাগৰিষ্ঠ লোক মনপা, শ্বেৰডুকপেন (Sherdukpen), মিজি (Miji), বুগুন (Bugun) আৰু আকা (Aka) জনজাতিৰ৷
পৰ্য্যটন
[সম্পাদনা কৰক]বমডিলাৰ কাষতে ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৱস্থিত৷ অন্যান্য আকৰ্ষণৰ ভিতৰত বমডিলাৰ পাছৰ পৰা দেখা পোৱা অৰুণাচলৰ সৰ্বোচ্চ শৃংগ কাংট’ (Kangto) আৰু গ’ৰিচেন (Gorichen Peak)-ৰ দৃশ্য, তিব্বতীয় মনেষ্টেৰী আৰু আপেলৰ ফাৰ্ম আদি উল্লেখযোগ্য৷ এই নগৰৰ অনুন্নত ঘাইপথ আৰু যাতায়ত ব্যৱস্থাৰ বাবে পৰ্য্যটনৰ এতিয়াও সম্পূৰ্ণ বিকাশ হোৱা নাই৷
প্ৰচাৰ মাধ্যম
[সম্পাদনা কৰক]বমডিলাৰ অল ইণ্ডিয়া ৰেডিঅ’ ৰ এটা শাখা ’আকাশবাণী বমডিলা’ অৱস্থিত৷ এই ৰেডিঅ’ই বিভিন্ন এফ এম ফ্ৰিকুৱন্সিত প্ৰচাৰ কৰে৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Census of India Search details". censusindia.gov.in. http://www.censusindia.gov.in/pca/SearchDetails.aspx?Id=295949। আহৰণ কৰা হৈছে: 25 December 2018.
- ↑ Falling Rain Genomics, Inc - Bomdila
- ↑ "Bomdila Population Census 2011 - 2020". Census 2011. https://www.census2011.co.in/data/town/801426-bomdila-arunachal-pradesh.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বমডিলা ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
|