উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries (Proposed))
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান অসম, ভাৰত
কৰ্তৃপক্ষ Department of Environment & Forests, Assam


উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: North Karbi Anglong Wildlife Sanctuaries ) অসমকাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।

ইতিহাস[সম্পাদনা কৰক]

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় ৯৬ বৰ্গ কিলোমিটাৰ (৯৬০০ হেক্টৰ) অঞ্চল আগুৰি আছে। ২০০০ চনৰ ২১ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনা অনুযায়ী এই অৰণ্য অঞ্চলক অভয়াৰণ্যৰূপে ঘোষণা কৰে। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই ভেদে ৮০ৰপৰা ৫০০ মিটাৰ।

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

ই যোৰহাট আৰু ডিফুৰ পৰা ক্ৰমান্বয়ে ৮৮ আৰু ২০৫ কিমি দুৰত্বত অৱস্থিত।[1]

জলবায়ু[সম্পাদনা কৰক]

অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪° চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমাত্ৰা ৬ চেণ্টিগ্ৰেড।

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:[সম্পাদনা কৰক]

অভয়াৰণ্যখনত ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু ঠায়ে ঠায়ে ক্ৰান্তীয় সেমেকা পৰ্ণপাতী অৰণ্যই আগুৰি আছে। তদুপৰি অভয়াৰণ্যখনৰ এক বৃহৎ অঞ্চল বাঁহগছেৰে আগুৰি আছে। হলখ, খকন, ভেলেউ, শিলিখা, ঔ-টেঙা, পমা, বাঁহ আদি প্ৰধান উদ্ভিদ।

প্ৰাণী:[সম্পাদনা কৰক]

ঢেঁকীয়াপতিয়া বাঘ,শৰপহু, হাতী, বনৰীয়া মেকুৰী,লাজুকী বান্দৰ, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।[2]

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে এই অভয়াৰণ্যখন লাগি থকা বাবে বানপানীৰ সময়ত কাজিৰঙাৰ গড়, ভালুক, বনৰীয়া ম'হ, খটীয়া পহু, শৰপহু আদিয়ে ইয়াত আশ্ৰয় লয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

১। উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য Archived 2020-10-18 at the Wayback Machine (North Karbi Anglong Wildlife Sanctuary)।