সুগৰী পহু
সুগৰী পহু (Hog Deer) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | Cervinae |
গণ: | Hyelaphus |
প্ৰজাতি: | H. porcinus |
বৈজ্ঞানিক নাম | |
Hyelaphus porcinus Zimmermann, 1780 | |
Subspecies | |
H. p. annamiticus |
সুগৰী পহু (ইংৰাজী: Hog Deer) পাকিস্তান, উত্তৰ ভাৰত তথা দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশ সমূহ জুৰি বিস্তৃত হৈ থকা এবিধ তুলনামূলক ভাৱে সৰু হৰিণাৰ প্ৰজাতি।
শ্ৰেণীবিভাজন[সম্পাদনা কৰক]
সুগৰী পহুৰ দুটা উপ-প্ৰজাতি পোৱা যায়-
- Hyelaphus porcinus porcinus –ই প্ৰধানত: পাকিস্তান, উত্তৰ ভাৰত, নেপাল, বাংলাদেশ, চীনৰ কিছু অংশ আৰু সমগ্ৰ থাইলেণ্ড জুৰি বিস্তৃত হৈ আছে।
- Hyelaphus porcinus annamiticus-এই উপ-প্ৰজাতিটো থাইলেণ্ড আৰু ইণ্ডোনেছিয়া ত পোৱা যায়।
দৈহিক গঠন[সম্পাদনা কৰক]
পূৰ্ণবয়স্ক সুগৰী পহুৰ দেহৰ উচ্চতা ৬১-৭১ ছেঃমিঃ আৰু ওজন প্ৰায় ৩৬-৫০ কিঃগ্ৰাঃ হয়৷ ইয়াৰ দেহ দীঘলীয়া আৰু ঠেং তুলনামূলক ভাৱে চুটি। কাণ ঘুৰণীয়া।
সুগৰী পহুৰ ছাল ডাঠ আৰু দেহৰ বৰণ শীত কালত মটীয়া হৈ পৰে৷ গ্ৰীষ্মকালত দেহৰ বৰণ ৰঙা-মটীয়া হয়৷ ঠাই বিশেষেও ইয়াৰ দেহৰ বৰণৰ ভিন্নতা দেখা যায়৷ বহুতৰ দেহত মূৰৰ পৰা ডিঙি পাৰ হৈ যোৱাকৈ দীঘলীয়া আঁক থাকে৷ ইয়াৰ নেজডাল চুটি, বৰণ মটীয়া আৰু আগটো বগা।
মতা সুগৰী পহুৰ শিঙত তিনিটা শাখা থাকে৷
আচৰণ[সম্পাদনা কৰক]
সুগৰী পহু সাধাৰণতে অকলশৰে থাকে। ই গছৰ পাত, ঘাঁহ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। মতা প্ৰাণীবোৰ আক্ৰমণাত্মক হয়৷ হুগৰী পহুৰ আয়ুস সাধাৰণতে ২০ বছৰ৷ চেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰজনন কৰে। গৰ্ভধাৰণৰ সময় প্ৰায় ১৮০ দিন। ই এবাৰত এটাকৈ পোৱালি দিয়ে।
তথ্যসুতূৰ[সম্পাদনা কৰক]
- ↑ Timmins, R.J., Duckworth, J.W., Samba Kumar, N., Anwarul Islam, Md., Sagar Baral, H., Long, B. & Maxwell, A. (2008). Axis porcinus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 8 April 2009. Database entry includes a brief justification of why this species is of endangered.
বহি:সংযোগ[সম্পাদনা কৰক]
- A Field Guide to Mammals of India- Vivek Menon
![]() |
ৱিকিমিডিয়া কমন্সত সুগৰী পহু সম্পৰ্কীয় মিডিয়া ফাইল আছে। |