সমললৈ যাওক

হলৌ বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হলৌ বান্দৰ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Hylobatidae
গণ: Hoolock
Mootnick & Groves, 2005
Species

Hoolock hoolock
Hoolock leuconedys

হলৌ বান্দৰ (ইংৰাজী: Hoolock Gibbon) গিবন পৰিয়ালৰ অন্তৰ্গত এবিধ বান্দৰৰ প্ৰজাতি ৷ হলৌ বান্দৰ ভাৰতৰ বনাঞ্চলত পোৱা একমাত্ৰ বনমানুহ। এইবিধ বান্দৰৰ নামেৰে নামকৰণ কৰা অসমৰ একমাত্ৰ অভয়াৰণ্যখন যোৰহাট জিলাত অৱস্থিত। হলৌ বান্দৰৰ বাবে বিখ্যাত সেই অভয়াৰণ্যখনৰ নাম হ'ল হোলোঙাপাৰ গিবন অভয়াৰণ্য

দৈহিক গঠন

[সম্পাদনা কৰক]

গিবন পৰিয়ালৰ দ্বিতীয় বৃহৎ প্ৰজাতি হ’ল হলৌ বান্দৰ ৷ দেহৰ দৈৰ্ঘ্য ৯০ ছে. মি. পৰ্যন্ত আৰু ওজন ৬-৮ কি.গ্ৰা. ৷ মতা-মাইকীৰ আকাৰ প্ৰায় একে হয় কিন্তু গাৰ বৰণৰ পাৰ্থক্য দেখা যায়৷ মতা প্ৰাণীবোৰ ক’লা বৰণৰ, মাইকীৰ গাৰ নোম মটীয়া বৰণৰ , বুকু আৰু ডিঙিৰ ৰং ডাঠ ৷ চকু আৰু মুখৰ চাৰিওকাষে থকা বগা আঙঠিৰ বাবে ইয়াক মুখাৰ দৰেও দেখায় ৷

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

বান্দৰৰ শেহতীয়া শ্ৰেণীবিভাজনত ইয়াক Hylobates গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ এই গোত্ৰক আকৌ চাৰিটা উপগোত্ৰত ভাগ কৰা হৈছে৷ হলৌ বান্দৰৰ দুটা প্ৰজাতি -[1]

  • পশ্চিম-দেশীয় হলৌ বান্দৰ, Hoolock hoolock
  • পূব-দেশীয় হলৌ বান্দৰ, Hoolock leuconedys

উত্তৰ-পূব ভাৰতৰ পৰা ম্যানমাৰলৈকে হলৌ বান্দৰৰ আবাসভূমি বিস্তৃত হৈ আছে ৷ উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিবাং নদীৰ পূব পাৰে ইয়াৰ বসতিস্থান [2] তাৰোপৰি অন্যান্য সাতোখন ৰাজ্যজুৰি ই বাস কৰে বুলি জনা যায় [3][4].

অন্যান্য গিবন সমূহৰ দৰেই হলৌ বান্দৰেও গছত বাস কৰে আৰু দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে ৷ সচৰাচৰ একগামী যোৰ হিচাপে থাকে ৷ হলৌৰ গৃহ অঞ্চল( Home range) ৩০০ৰ পৰা ৪০০ হেক্টৰ৷ দিনৰ ভাগত কোনো এটা অঞ্চলক কেন্দ্ৰ কৰি হলৌৱে ৬০০ মিটাৰলৈকে ফুৰা-চকা কৰে৷ হলৌৱে তাৰ সুতীব্ৰ চিঞৰৰ মাধ্যমেৰে পৰিয়ালৰ সদস্য সমূহৰ লগত যোগাযোগ কৰে , লগতে বেলেগ গোটৰ বান্দৰক নিজৰ স্থানৰ সীমাত থকা কৰ্তৃত্ব সম্পৰ্কে সোঁৱৰাই দিয়ে ৷ হলৌৰ মতা-মাইকী উভয়ে চিঞৰিব পাৰে৷ বৈজ্ঞানিক তথ্যই সদৰি কৰিছে যে প্ৰত্যেকটো হলৌ বান্দৰৰে মাত বা চিঞৰ ভিন্ন হয়৷

হলৌ বান্দৰ সাধাৰণতে ফলাহাৰী প্ৰজাতি৷ ই মূলত: ফল-মূল, পোক-পৰুৱা আৰু গছৰ পাত খাই জীয়াই থাকে ৷ হলৌৰ খাদ্যৰ ৬৫% ফল, ১৩% পাত, ১২% গছৰ কোমল ঠাৰি নতুবা গছৰ আগ, ৫% ফুল আৰু ৫% পোক-পতংগ, চৰাইৰ কণী ইত্যাদি[5]

হলৌৰ আয়ুসকাল প্ৰায় ৪০ বছৰ৷ প্ৰায় চাৰিবছৰ বয়সত প্ৰজননক্ষম হৈ উঠে৷ হলৌ বান্দৰৰ প্ৰজননৰ ঋতু বাৰিষা৷ ই তিনি বছৰৰ মূৰে মূৰে এটাকৈ পোৱালিৰ জন্ম দিয়ে৷ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত পোৱালিৰ জন্ম হয়৷ সাত মাহ গৰ্ভত থকাৰ পিছত পোৱালিৰ জন্ম হয় ৷ প্ৰথমে গাৰ নোমবোৰ গাখীৰৰ দৰে বগা হয় , ছমাহৰ পিছৰ পৰা গাৰ ৰং ডাঠ হৈ ক’লা হ’বলৈ আৰম্ভ কৰে ৷ আঠ-ন বছৰৰ ভিতৰত সিহঁত পূৰ্ণবয়স্ক হৈ উঠে ৷ সাধাৰণতে আয়ুস ২৫ বছৰমান হয় ৷

স্থিতি তথা সংৰক্ষণ

[সম্পাদনা কৰক]

হলৌ এক লুপ্তপ্ৰায় বন্যপ্ৰাণী৷ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি হলৌ বান্দৰ ১ নং তালিকাভুক্ত প্ৰাণী৷ এই প্ৰাণীবিধক ধৰা, মৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ধ কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mootnick, A.; Groves, C. P. (2005). "A new generic name for the hoolock gibbon (Hylobatidae)". International Journal of Primatology খণ্ড 26 (26): 971–976. doi:10.1007/s10764-005-5332-4. 
  2. Choudhury, A.U. (1987) Notes on the distribution and conservation of Phayre’s leaf monkey and Hoolock gibbon in India. Tigerpaper 14(2): 2-6
  3. Choudhury, A.U. (1991) Ecology of the Hoolock gibbon, a lesser ape in the tropical forests of North-eastern India. J. Tropical Ecology 7: 147-153. Cambridge.
  4. Choudhury, A.U. (2006) The distribution and status of hoolock gibbon, Hoolock hoolock, in Manipur, Meghalaya, Mizoram, and Nagaland in Northeast India. Primate Conservation 20: 79-87
  5. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন

বহি:সংযোগ

[সম্পাদনা কৰক]