কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ
ধৰন
ধৰন স্বায়ত্বশাসিত জিলা পৰিষদ
নেতা
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভাৰতীয় জনতা পাৰ্টি
গঠন
সদস্য ২৬
নিৰ্বাচন পদ্ধতি প্লুৰেলিটি ভোটিং
সভাৰ স্থান
ডিফু
ৱেবছাইট
karbianglong.co.in

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় ডিফুত অৱস্থিত। পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ২৬ গৰাকী। ইয়াৰ বৰ্তমান কাৰ্যবাহী সদস্য হৈছে তুলিৰাম ৰংহাং।[1]

ইতিহাস[সম্পাদনা কৰক]

১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পিছলৈ ১৯৫২ চনৰ ২৩ জুন তাৰিখে ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল। বৰ্তমান এই দিনটোক পৰিষদৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়।[2] ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড পিপলছ ডেম'ক্ৰেটিক চলিদাৰিটিৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি পৰিষদৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত ক্ষেত্ৰীয় পৰিষদ কৰা হৈছে।[3]

প্ৰশাসন[সম্পাদনা কৰক]

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী হৈছে মুখ্য কাৰ্যবাহী সদস্য। পৰিষদৰ সদস্য সকলক কাৰ্যবাহী সদস্য বোলে। এক বা একাধিক বিভাগ মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য সকলৰ অধীনত থাকে।

মুখ্য কাৰ্যবাহী সদস্যসকল[সম্পাদনা কৰক]

  • খৰচিং তেৰাং, ২৩/০৬/১৯৫২ ৰ পৰা ২৮/১১/১৯৫৫
  • ড° জয়ন্ত ৰংপি, ২৫/০১/১৯৮৯ ৰ পৰা ২০/০৬/১৯৯৬
  • চুম ৰংহাং, ৩/০৬/২০০৬ ৰ পৰা ২১/১২/২০০৬
  • তুলিৰাম ৰংহাং, ১৭/১০/২০১৩ চনৰ পৰা বৰ্তমানলৈকে[4]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]