মলুৱা বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মলুৱা বান্দৰ (Rhesus macaque)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. mulatta
বৈজ্ঞানিক নাম
Macaca mulatta
(Zimmermann, 1780)
মলুৱা বান্দৰৰ বিতৰণ

মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷ ই যথেষ্ট বুদ্ধিমান বান্দৰ হিচাপে খ্যাত৷

দৈহিক গঠন[সম্পাদনা কৰক]

মলুৱা বান্দৰ আকাৰত অসমীয়া বান্দৰতকৈ অলপ সৰু৷ ইয়াৰ দেহটো মূগা বা মটীয়া ৰঙৰ আৰু মুখখন গুলপীয়া৷ পেটৰ বৰণ দেহৰ অন্যান্য অংশতকৈ অলপ পাতল৷ ইয়াৰ মূৰৰ নোমবোৰ দেহৰ নোমতকৈ তুলনামূলকভাৱে চুটি৷ উৰুৰ বৰণ অলপ মামৰে ধৰা ৰঙা বৰণৰ [3] মতাতকৈ মাইকী প্ৰাণীবোৰৰ আকাৰ কিছু সৰু৷

দেহৰ দৈৰ্ঘ্য ৪৭-৬৩ ছে: মি: আৰু ওজন প্ৰায় ৫-১১ কি: গ্ৰা:৷

বসতিস্থল তথা বিস্তৃতি[সম্পাদনা কৰক]

মলুৱা বান্দৰ উত্তৰ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, বাৰ্মা, থাইলেণ্ড, আফগানিস্তান, ভিয়েটনাম, দক্ষিণ চীন আদি দেশৰ নিগাজী বাসিন্দা (native)৷ এছিয়া মহাদেশৰ নানা প্ৰকাৰৰ অঞ্চল যেনে, ঘাঁহনি, শুস্ক অৰণ্য, আনকি পাহাৰীয়া অঞ্চল সমূহটো মলুৱা বান্দৰে নিজকে খাপ খুৱাই লৈ বসতি স্থাপন কৰিছে ৷ অন্যান্য প্ৰজাতি সমূহতকৈ অধিক খৰতকীয়া ভাৱে এই জন্তু বিধে মানৱ সমাজৰ নগৰীয়া সভ্যতাৰ লগত নিজকে খাপ খুৱাব পাৰিছে আৰু অধিক নিৰ্ভৰশীল হৈ পৰিছে ৷[4] মলুৱা বান্দৰৰ বাবে পানী অতি প্ৰয়োজনীয়, য'ত মলুৱা বান্দৰ থাকে তাত সাধাৰণতে পানীৰ উৎসৰ প্ৰাকৃতিক ভঁৰাল থাকে[5]

আচৰণ[সম্পাদনা কৰক]

মলুৱা বান্দৰে সাধাৰণতে জাক পাতি বা দল-বান্ধি বাস কৰে৷ ইহঁতে নিজৰ দলৰ বিচৰণ ভূমি (Home range) তে ফুৰা-চকা কৰে৷ এনে বিচৰণ ভূমিৰ পৰিধি ১ হেক্টৰৰ পৰা ৪০০ হেক্টৰলৈকে হ'ব পাৰে [6]৷ একোটা জাকত এটা কৈ দমনকাৰী মতা (alpha male) প্ৰাণীয়ে অন্য মতা প্ৰাণীবোৰক দমন কৰি ৰাখে৷ দমনকাৰী মতা প্ৰাণীয়ে নানা ধৰণৰ ভাবুকি প্ৰদৰ্শনেৰে যেনে গছৰ ডাল জোকৰা ইত্যাদি কামেৰে দলত নিজৰ স্থান অটুট ৰাখিবলৈ চেষ্টা কৰে ৷ এই প্ৰজাতিটো সাঁতোৰাটো পাৰ্গত৷ মলুৱা বান্দৰে স্থল তথা গছতো বাস কৰে৷ ই মূলত : তৃণভোজী , ফল-মূল, গছৰ গুটী, শিপা, বাকলি আদি খাই জীয়াই থাকে৷ ই ৯২ বিধ প্ৰজাতিৰ ভিন ভিন গছৰ পাত খোৱা দেখা যায়৷ অৱশ্যে বৈজ্ঞানিক অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি মলুৱা বান্দৰে মাজে মাজে উইহাঁফলু, ফৰিং, পৰুৱা আদিও খাদ্য হিচাপে গ্ৰহণ কৰে৷ মলুৱা বান্দৰক মানুহে কৰা খেতি আৰু বাগিচাৰ ফচল খোৱাও দেখা যায়৷ মন্দিৰ বা জনবহুল অঞ্চলত বাস কৰা কিছুমান মলুৱা বান্দৰৰ জাকে মানুহে ৰন্ধা খাদ্যও খায়৷ শকান বতৰত ই দিনে ৩-৪ বাৰকৈ পানী খায়৷

বিভিন্ন ধৰণৰ মুখ-ভংগীমা, দেহৰ ভংগীমা আৰু মাতেৰে মলুৱা বান্দৰে পৰস্পৰে পৰস্পৰৰ লগত মত-বিনিময় কৰে বুলি জনা যায় [7]

প্ৰজনন[সম্পাদনা কৰক]

মাইকী মলুৱা বান্দৰে চাৰি বছৰমান বয়সৰ পৰা পোৱালী দিবলৈ আৰম্ভ কৰে আৰু ২৫ বছৰ বয়সলৈকে প্ৰজননক্ষম হৈ থাকে৷ ইয়াৰ আয়ুস সাধাৰণতে ২৯ বছৰ[8]

সংৰক্ষণ[সম্পাদনা কৰক]

ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে মলুৱা বান্দৰক দুই নং তালিকাৰ অন্তৰ্ভুক্ত কৰিছে৷ মলুৱা বান্দৰ হত্যা বা ধৰা বা কিনা-বেচা কৰা আইনমতে দণ্ডনীয়৷ বৰ্তমান মলুৱা বান্দৰ আৰু মানুহৰ মাজত ঠায়ে ঠায়ে সমস্যাৰ সৃষ্টি হৈছে৷ ফলত মলুৱা বান্দৰৰ স্থিতি সংকটাপন্ন হৈ উঠিছে[9]

চিত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 163. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100551. 
  2. Timmins, R. J., Richardson, M., Chhangani, A., Yongcheng, L. (2008). "Macaca mulatta". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/12554. 
  3. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  4. Ciani, A. C. (1986). Intertroop Agonistic Behavior of a Feral Rhesus Macaque Troop in Ranging in Town and Forest Areas in India. Aggressive Behavior 12: 433−439. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304040936/http://www.esploratore.com/files/resourcesmodule/@random44be4ac49f856/1153323855_Intertroop_Agonistic_Behavior_of_a_Feral_rhesus_Macaque_Troop_Ranging_in_Town_and_Areas_in_India.pdf। আহৰণ কৰা হৈছে: 2012-02-22. 
  5. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  6. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  7. Maestripieri D. (1999) "Primate social organization, gestural repertoire size, and communication dynamics: a comparative study of macaque s". In: King BJ, editor. The origins of language: what nonhuman primates can tell us. Santa Fe (NM): School American Research Pr. p 55-77.
  8. Walker ML, Herndon JG (2008). "Menopause in nonhuman primates?". Biology of Reproduction খণ্ড 79 (3): 398–406. doi:10.1095/biolreprod.108.068536. PMID 18495681. 
  9. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন

বহিঃসংযোগ[সম্পাদনা কৰক]