নামেৰি ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Nameri National Park
IUCN category II (national park)
Nameri National Park
Nameri National Park
মানচিত্ৰত Nameri National Parkৰ অৱস্থিতি
অৱস্থান শোণিতপুৰ অসম ভাৰত
নিকটতম চহৰ তেজপুৰ
স্থানাংক 27°0′36″N 92°47′24″E / 27.01°N 92.79°E / 27.01; 92.79স্থানাংক: 27°0′36″N 92°47′24″E / 27.01°N 92.79°E / 27.01; 92.79
ক্ষেত্ৰফল ২০০ কিমি (২.১৫×১০ ফুট)
প্ৰতিস্থা 1978
গভাৰ্নিং বডী Ministry of Environment and Forests, ভাৰত চৰকাৰ

নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমশোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে।[1] কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত ই এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান।

ইতিহাস[সম্পাদনা কৰক]

  • ১৭-১০-১৮৭৮ : নামেৰিক সংৰক্ষিত বনাঞ্চল (Reserved Forest) ঘোষণা
  • ১৮-০৯-১৯৮৫ : অভয়াৰণ্য (Sanctuary) ৰূপে স্বীকৃতি প্ৰদান (১৩৭ বৰ্গ কি:মি:)
  • ২৭-০২-১৯৯৭  : নামেৰি(২১২ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ প্ৰাৰম্ভিক অনুজ্ঞা প্ৰদান
  • ০৯-০৯-১৯৯৮  : নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান[2]

নামৰ উৎস (etymology)[সম্পাদনা কৰক]


ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পূবে অৰুণাচল প্ৰদেশৰ পাকে সংৰক্ষিত বনাঞ্চল (Pakhui Wildlife Sanctuary)। এই অঞ্চলৰ মাজেদি ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী জীয়াভৰলী বৈ গৈছে৷ তাৰোপৰি জীয়াভৰলীৰ উপনৈ দিজি (Diji), দিনাই (Dinai),দইগুৰুং (Doigurung), নামেৰি (Nameri), দিকৰাই (Dikorai) ইত্যাদিও এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি বৈ হৈ গৈছে। তেজপুৰৰ শালনি বিমানবন্দৰৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব ৩৪ কিঃমিঃ। তেজপুৰ চহৰ, গুৱাহাটী, যোৰহাট তথা নগাওঁৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্বয়ে ৪০, ২২০, ২১৫ আৰু ১১০ কিলোমিটাৰ।

জলবায়ু[সম্পাদনা কৰক]


বনাঞ্চলৰ প্ৰকাৰ[সম্পাদনা কৰক]

নামেৰিৰ বনাঞ্চল মূলত: ক্ৰান্তীয় চিৰসেউজীয়া আৰু সেমেকা পৰ্ণপাতী বনাঞ্চল। তাৰোপৰি উদ্যানখনৰ প্ৰায় ১% ঘাঁহনিৰে পৰিপূৰ্ণ।[3] অন্যান্য বনাঞ্চলৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হৈছে-

  • Assam Valley Tropical Evergreen Forests – IR/C 2b Mesua Sub type.
  • Assam Alluvial Plains semi Evergreen Forests- 2B/C I. A.
  • Sub Himalayan light Alluvial Semi- Evergreen Forests 2B/I.S.IMekahi Sub Type.
  • Eastern Alluvial Secondary Semi Evergreen Forests- 2B/2.S.
  • Cane Brakes- 2B/E.I.
  • Wet Bamboo Brakes 2B/K.2.
  • Northern Secondary Moist Mixed, Deciduous Forests – 3C/ 2.S.I.
  • Low Alluvial savanna Wood Land- 3/ I.S.I.
  • Eastern Hollock Forests –3/I.S.2b.

4.D/SSI

  • Eastern Seasonal Swamp Forests.
  • Eastern Dillenia Swamp Forests- 4D / SS Dillenia Altingia Association.
  • Eastern wet Alluvial Grass land- 4.D / 2.5.2

প্ৰাণীকুল[সম্পাদনা কৰক]

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়৷ ইয়াত দেখা পোৱা বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীসমূহ তলত উল্লেখ কৰা হৈছে-

  1. ঢেঁকীয়াপতীয়া বাঘ (tiger)
  2. নাহৰফুটুকী বাঘ (Leopard)
  3. শৰপহু (Sambar)
  4. বনৰীয়া কুকুৰ (Asatic wild dog)
  5. পিগমী হগ(Pygmy Hog)
  6. ছাগলী পহু (ইংৰাজী: Indian Muntjac or Barking Deer)
  7. গ'ৰ (Gaur)
  8. বনৰীয়া গাহৰি (Wild Boar)
  9. ভালুক (Sloth Bear)
  10. ক'লা ভালুক (?) (Himalayan Black Bear)
  11. টুপীমূৰীয়া বান্দৰ (Capped Langur)
  12. কেৰ্কেটুৱা Indian Giant Squirrel)
  1. গোধাফুটুকী বাঘ (Clouded Leopard)
  2. বনৰীয়া মেকুৰী (Indian jungle cat)
  3. হাতী (Elephant)
  4. কৃশাঙ্গী বান্দৰ (Gray Slender Loris)
  5. গাহৰি-নেজীয়া বান্দৰ (Pig-tailed macaque)
  6. দল-হৰিণা (Barasingha or Swamp deer)
  7. বন-ৰৌ(Pangolin)
  8. মলুৱা বান্দৰ ( Rhesus Macaque)
  9. লাজুকী বান্দৰ (Bengal slow loris)
  10. শিয়াল (Golden Jackal)
  11. সুগৰী পহু (Hog Deer))
  12. সেন্দুৰী বান্দৰ (Stump-tailed Macaque)

তাৰোপৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি দেখিবলৈ পোৱা যায়৷[4] ইয়াৰে উল্লেখযোগ্য চৰাইৰ প্ৰজাতিসমূহ হ'ল-

  1. গংগা চিলনী (River Tern)
  2. বৰ হাইঠা (Thick-blled Green Pigeon)
  3. শেত কপৌ (Eurasian Collared Dove)
  4. হাৰুৱা কপৌ (Red Collared Dove)
  5. কৈলাঙী (Indian Cormorant)
  6. মণিয়ৰী (Darter)
  7. বৰবগ (Great Egret)
  8. মাজু বগ (Intermediate Egret)
  9. কণুৱা (Woolly-necked Stork)
  10. বৰ শৰালি (Fulvous Whistling Duck)
  11. শেন চৰাই (Pied Falconet)
  12. ফেঁচা (Owl)
  13. কণুৱা (Woolly-necked Stork)
  14. কেতেকী(Indian Cuckoo)
  15. লক্ষী ফেঁচা (Barn Owl)
  16. শামুকভঙা (Asian Openbill Stork)
  1. ঘৰ বতাহী (House Swift)
  2. মাছৰোকা (Kingfisher)
  3. মৌখাতী (Green Bee-eater)
  4. নীলা পাখি খোৱা (Blue Bearded Bee-eater)
  5. গোবৰ খোচৰা (Hoopoe)
  6. ধনেশ (Hornbill)
  7. কাঠৰোকা (Woodpecker)
  8. ভৰত পক্ষী (Lark)
  9. কেশৰাজ (Spangled Drongo)
  10. কাঠশালিকা (Chestnut-tailed Starling)
  11. ৰূপহী (Rosy Minivet)
  12. ৰাজকোঁৱৰ (Black-Taped Monarch)
  13. কণুৱা (Woolly-necked Stork)
  14. মণিয়ৰি (Darter)
  15. তেলীয়া সাৰেং (Black-necked Stork)
  16. ডাউক (White-breasted Waterhen)
  1. ঢাপলিকা (Babbler)
  2. নল খাগৰি ভাটৌ (Black Breasted Parrotbill)
  3. দলমৰা Pheasant-Tailed Jacana
  4. ইটা গুড়িয়া নাচনী (Ferruginous Flycatcher)
  5. নাচনী চৰাই (White Throated Fantail)
  6. টিক টিক চৰাই (Bright Headed Cisticola)
  7. ধোঁৱাবৰণীয়া নলচুপি (Ashy Prinia)
  8. ৰূপহী চমকা (Jerdon's Bushchat)
  9. ফুলটোকা (Scarlet Backed Flowerpecker)
  10. বনচিৰিকা (Eurasian Tree Sparrow)
  11. ভাটৌ (Parrot)
  12. দেওঁহাঁহ (White-winged Wood Duck)
  13. কণুৱা (Woolly-necked Stork)
  14. চাকৈ-চকোৱা (Ruddy shelduck)
  15. হয়কলি (Swamp Francolin)
  16. কণামুছৰি (Indian Pond Heron)

তাৰোপৰি এই ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰজাতিৰ সৰীসৃপ যেনে, King cobra, cobra, Pit Viper, Russels Viper, Banded Krait, Python, Rat Snake, Assam Roof Turtle, Malayan Box Turtle, Keeled Box turtle, Asian Leaf Turtle, Narrow Headed soft Shelled Turtle, Indian soft Shelled Turtle আদি প্ৰাণীও দেখিবলৈ পোৱা যায়৷

উদ্ভিদকুল[সম্পাদনা কৰক]

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়৷ ইয়াৰে উল্লেখযোগ্য প্ৰজাতিসমূহ হ'ল- Gmelina arborea, Michelia champaca, Amari, Chukrasia tabularis, Ajar, Urium poma, Bhelou, Agaru, Rudraksha, Bonjolokia, Hatipolia akhakan, Terminalia myriocarpa, Mesua ferrca আদি৷ তাৰোপৰি ইয়াত বিভিন্ন ৰং-বিৰঙী অৰ্কিড যেনে Dendrobium, Cymbidium, Cypripedium reginae আদি পোৱা যায়৷[5]

Nameri National Park-Kangkan Hazarika

প্ৰশাসন[সম্পাদনা কৰক]

সংৰক্ষণ ব্যৱস্থা[সম্পাদনা কৰক]

পৰ্যটকৰ বাবে কৰ্ম[সম্পাদনা কৰক]

এংলিঙ

জীয়াভৰলী তথা ইয়াৰ উপনৈ সমূহেৰে পূৰ্ণ বাবে এই ৰাষ্ট্ৰীয় উদ্যানত এংলিঙ খু্বেই জনপ্ৰিয়। ইয়াত পোৱা Golden Masheer নামৰ ৩-৯ ফুট দৈৰ্ঘ্যৰ মাছৰ প্ৰজাতিয়েও এংলিঙৰ বাবে বহুতো পৰ্য্যটকক আকৰ্ষিত কৰে।

ৰাফটিং

ৰাফটিং নামেৰিৰ অন্য এক আকৰ্ষণ৷ জীয়াভৰলীৰ দক্ষিণ-পূব অংশত উত্তাল ঢৌ ফালি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সোন্দৰ্য্য উপভোগ কৰাৰ অভিজ্ঞতাৰ বাবেও পৰ্য্যটকৰ দল গোট খায়৷ এই ৰাফটিং প্ৰায় ১৩ কি:মি পৰ্যন্ত কৰিব পৰা যায়।

ট্ৰেকিং

এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ট্ৰেকিং কৰাৰ অভিজ্ঞতাও উল্লেখযোগ্য আকৰ্ষণ।

সমস্যা[সম্পাদনা কৰক]

বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত জন্তু আৰু মানুহৰ সংঘাত, বেদখল আদিয়ে এই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান সমস্যা৷ [6]

তথ্য-সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]