টুপীমূৰীয়া বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টুপীমূৰীয়া বান্দৰ (Capped langur)[1]
মানস ৰাষ্ট্ৰীয় উদ্যানত এটা টুপীমূৰীয়া বান্দৰ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Trachypithecus
প্ৰজাতি: T. pileatus
বৈজ্ঞানিক নাম
Trachypithecus pileatus
(Blyth, 1843)
টুপীমূৰীয়া বান্দৰৰ বিতৰণ

টুপীমূৰীয়া বান্দৰ (ইংৰাজী: Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি[3]। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

টুপীমূৰীয়া বান্দৰৰ চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে

  • Trachypithecus pileatus pileatus
  • Trachypithecus pileatus durga
  • Trachypithecus pileatus brahma
  • Trachypithecus pileatus tenebricus

বিৱৰণ[সম্পাদনা কৰক]

টুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে[4]। ই সাধাৰণতে এটা বা তাতোধিক মতা প্ৰাণী আৰু বহুতো মাইকী প্ৰাণীৰে গঠিত সৰু দলত বাস কৰে।

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচী (Schedule I) ৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে। এই প্ৰাণীবিধ মূলত: ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে[5]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 177. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100737. 
  2. Das, J., Molur, S. & Bleisch, W. (2008). Trachypithecus pileatus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 2008-12-15.
  3. Choudhury, A. 1989. Ecology of the capped langur (Presbytis pileatus) in Assam, India. Folia Primatol. 52: 88–92.
  4. Solanki GS, Kumar A, Sharma BK (2008). "Winter food selection and diet composition of capped langur (Trachypithecus pileatus) in Arunachal Pradesh, India". Tropical Ecology 49 (2): 157–166.
  5. Srivastava, A. and M. S. Mohnot. 2001. Distribution, conservation status and priorities for primates in northeast India. Envis Bulletin: Wildlife and Protected Areas 1(1): 102–108.


বহি:সংযোগ[সম্পাদনা কৰক]

  • A Field Guide to Indian Mammals -Vivek Menon