গাহৰি-নেজীয়া বান্দৰ
গাহৰি-নেজীয়া বান্দৰ (Pig-tailed macaque)[1] | |
---|---|
গাহৰি-নেজীয়া বান্দৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Macaca |
প্ৰজাতি: | M. leonina |
বৈজ্ঞানিক নাম | |
Macaca leonina (Blyth, 1863) | |
![]() | |
গাহৰি-নেজীয়া বান্দৰৰ বিতৰণ |
গাহৰি-নেজীয়া বান্দৰ (ইংৰাজী: Pig-tailed macaque) বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনাম ত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি ৷. পূৰ্ব্বতে ইয়াক M. nemestrina ৰএবিধ উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল৷ ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পোৱা যায়৷[3][4] শেহতীয়াকৈ উপলব্ধ হোৱা আচৰণ সম্পৰ্কীয় বৈজ্ঞানিক তথ্যই প্ৰাণীবিধৰ বিষয়ে অধিক জনাৰ সুবিধা দিছে৷ [5]
শ্ৰেণীবিভাজন[সম্পাদনা কৰক]
পূৰ্বতে উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল যদিও বৰ্ত্তমান গাহৰি নেজীয়া বান্দৰৰ দুটা সম্পূৰ্ণ পৃথক প্ৰজাতি পোৱা যায় -
১) দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (ইংৰাজী: Southern pigtailed macaque) ; Macaca nemestrina- ইয়াক উত্তৰ ভাৰত, দক্ষিণ চীন, ইণ্ডোনেছিয়া, পূব বাংলাদেশ তথা বাৰ্মা, থাইলেণ্ড , লাওছ, কম্বোডিয়া আৰু ভিয়েটনাম আদিত পোৱা যায়৷[6]
২) উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (ইংৰাজী: Northern pigtailed macaques); Macaca leonine – এই প্ৰজাতিটো মূলত: থাইলেণ্ড , ভাৰত, চীন আদিত বিস্তৃত ৷[7] দুয়োটা প্ৰজাতিৰ দৈহিক তথা অন্যান্য পাৰ্থক্য সম্পৰ্কে তথ্য এতিয়াও সীমিত৷
দৈহিক গঠন[সম্পাদনা কৰক]
দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰৰ সমগ্ৰ দেহটো সেউজীয়া-মটী্য়া নোমেৰে আবৃত ৷ মুৰৰ ওপৰত থকা ৰং ডাঠ৷ [8]. উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ গাৰ নোম সোণালী-মটীয়া বৰণৰ আৰু মুৰৰ ওপৰৰ অংশ মুগা৷ গাহৰি-নেজীয়া বান্দৰৰ পোৱালীবোৰ জনমতে ক’লা ৰঙৰ আৰু ডাঙৰ হোৱাৰ লগে লগে ৰং সলনি হৈ আহে৷ [9] মতা আৰু মাইকীৰ দৈহিক গঠন ভিন্ন হয় ৷ মতা প্ৰাণীৰ দেহৰ দৈৰ্ঘ্য ১.৬-১.৮ ফুট আৰু মাইকীৰ ১.৫-১.৮ ফুট হয়৷ দেহৰ ওজন মতা প্ৰাণীৰ ৬.২-১৪.৫ কি:গ্ৰা:, মাইকীৰ ৪.৭-১০.৯ কি: গ্ৰা: ৷ নেজডাল চুটি- দেখাত গাহৰিৰ নেজৰ দৰে [10]৷ গড় আয়ুস- ২৬ বছৰ [11]৷
বসতিস্থল[সম্পাদনা কৰক]
গাহৰি-নেজীয়া বান্দৰে সাধাৰণতে চিৰসেউজীয়া অৰণ্যত বাস কৰে৷[12] বসতিস্হল সাগৰৰ পৰা ২০০০ মিটাৰ উচ্চতালৈকে হ’ব পাৰে৷ [13]
আচৰণ[সম্পাদনা কৰক]
সচৰাচৰ ফল-মূল খাদ্য হিচাপে গ্ৰহণ কৰে৷ বৈজ্ঞানিক তথ্য অনুসৰি গাহৰি-নেজীয়া বান্দৰৰ খাদ্যৰ প্ৰায় ৭৪% ফল-মূল৷ অৱশ্যে তাৰ উপৰিও এই প্ৰাণীবিধে অন্যান্য খাদ্য যেনে কীট-পতংগ, গছৰ গুটি, পাত, কাণ্ড আদি খায়[14].
গাহৰি-নেজীয়া বান্দৰে সৰহভাগ সময় মাটিত কটায় ৷ দল-বান্ধি বাস কৰে ৷ একোটা দলত ৯ টাৰ পৰা ৮১ টা পৰ্য্য়ন্ত গাহৰি-নেজীয়া বান্দৰ থাকিব পাৰে৷ দলৰ মাজত স্পষ্ট অধিক্ৰম (dominance hierarchy) থাকে৷ [15]
সাধাৰণতে সমগ্ৰ বছৰ জুৰি প্ৰজনন কৰে যদিও জানুৱাৰীৰ পৰা মে মাহত অধিক হাৰত প্ৰজনন হয় [16]. মাইকী প্ৰাণী তিনি বছৰ বয়সত প্ৰজননক্ষম হয়৷ আনহাতে মতা প্ৰাণী প্ৰজননক্ষম হয় ৪-৫ বছৰ বয়সতহে৷ [17] ৷ মাকে পোৱালিৰ যত্ন লয়৷
সংৰক্ষণ[সম্পাদনা কৰক]
এই প্ৰাণীবিধক আই. ইউ. চি. এন. ৰ তালিকাত বিপথগামী (Vulnerable) বুলি ঘোষণা কৰা হৈছে৷
মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংস, চিকাৰ, পৰিৱেশ প্ৰদুষণ ইত্যাদিয়ে এই প্ৰাণীবিধ বিপদাপন্নৰ হোৱাৰ মূল কাৰণ বুলি গণ্য কৰা হয়৷ [18]
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- ↑ Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100549.
- ↑ Boonratana, R., Das, J., Yongcheng, L., Htun, S. & Timmins, R. J. (2008). Macaca leonina. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
- ↑ Choudhury, A.U. (1988) Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
- ↑ Choudhury, A.U. (2003) The pig-tailed macaque Macaca nemestrina in India - status and conservation. Primate Conservation 19:91-94.
- ↑ Choudhury, A.U. (2008) Ecology and behaviour of the pigtailed macaque Macaca nemestrina leonina in some forests of Assam in North-East India. J. Bombay nat. Hist. Soc. 105 (3): 279- 291.
- ↑ Choudhury A. 2003. The pig-tailed macaque Macaca nemestrina in India- status and conservation. Prim Cons 19: 91-8., Feeroz MM, Islam MA, Kabir MM. 1994. Food and feeding behaviour of hoolock gibbon (Hylobates hoolock), capped langur (Presbytis pileata), and pigtailed macaque (Macaca nemestrina) of Lawachara. Bangladesh J Zool 22(2): 123-32., Groves C. 2001. Primate taxonomy. Washington DC: Smithsonian Inst Pr. 350 p.
- ↑ Groves C. 2001. Primate taxonomy. Washington DC: Smithsonian Inst Pr. 350 p.
- ↑ Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p.
- ↑ Crockett CM, Wilson WL. 1980. The ecological separation of Macaca nemestrina and M. fascicularis in Sumatra. In: Lindburg DG, editor. The macaques: studies in ecology, behavior and evolution. New York: Van Nostrand Reinhold. p 148-81.
- ↑ Choudhury 2001. Primates in northeast India: an overview of their distribution and conservation status. In: Gupta AK, editor. Vol 1(1), Non-human primates of India, ENVIS bulletin: wildlife & protected areas. Dehradun (India): Wildl Inst India. p 92-9.
- ↑ Sponsel LE, Ruttanadakul N, Natadecha-Sponsel P. 2002. Monkey business? The conservation implications of macaque ethnoprimatology in southern Thailand. In: Fuentes A, Wolfe LD, editors. Primates face to face: conservation implications of human-nonhuman primate interconnections. Cambridge (UK): Cambridge Univ Pr. p 288-309.
- ↑ Crockett CM, Wilson WL. 1980. The ecological separation of Macaca nemestrina and M. fascicularis in Sumatra. In: Lindburg DG, editor. The macaques: studies in ecology, behavior and evolution. New York: Van Nostrand Reinhold. p 148-81.
- ↑ Srivastava A, Mohnot SM. 2001. Distribution, conservation status and priorities for primates in northeast India. In: Gupta AK, editor. Vol 1(1), Non-human primates of India, ENVIS bulletin: wildlife & protected areas. Dehradun (India): Wildl Inst India. p 102-8.
- ↑ Caldecott JO. 1986. An ecological and behavioural study of the pig-tailed macaque. In: Szalay FS, editor. Contributions to primatology, Vol. 21. Basel (Switzerland): Karger. 259 p.
- ↑ Dittus W. 2004. Demography: a window to social evolution. In: Thierry B, Singh M, Kaumanns W, editors. Macaque societies: a model for the study of social organization. Cambridge (UK): Cambridge Univ Pr. p 87-112.
- ↑ Oi T. 1996. Sexual behaviour and mating system of the wild pig-tailed macaque in west Sumatra. In: Fa DE, Lindburg DG, editors. Evolution and ecology of macaque societies. Cambridge (UK): Cambridge Univ Pr. p 342-68.
- ↑ Sirianni JE, Swindler DR. 1985. Growth and development of the pigtailed macaque. Boca Raton (FL): CRC Pr. 168 p
- ↑ Srivastava A, Das J, Biswas J, Buzarbarua P, Sarkar P. 2001. Primate population decline in response to habitat loss: Borajan Reserve Forest of Assam, India. Primates 42(4): 401-6.