খটীয়া পহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খটীয়া পহু
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
উপবৰ্গ: Ruminantia
পৰিয়াল: Cervidae
উপপৰিয়াল: Cervinae
গণ: Axis
প্ৰজাতি: A. porcinus
বৈজ্ঞানিক নাম
Axis porcinus
(Zimmermann, 1780)
সেউজীয়া ৰঙেৰে বৃস্তিতি দেখুওৱা হৈছে
সমাৰ্থক

Hyelaphus porcinus (Zimmermann, 1780)

খটীয়া পহু[2][3](ইংৰাজী: Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতঅসমত ইয়াৰ সংখ্যা সৰ্বাধিক। ই এটা বিপদাপন্ন প্ৰজাতি। ই সাধাৰণতে মুকলি ঠাইত বিচৰণ কৰে। কেতিয়াবা ইয়াক খেতি পথাৰত আৰু জাৰণিৰ দৰে হাবিতো দেখা যায়। ই মুৰটো তল কৰি লৈ খোজ কাঢ়ে যাতে সমুখত থকা বাধাৰ (গছৰ ডাল আদি) তলেৰে সৰকি যাব পাৰে। সাধাৰণতে হৰিণ জাতীয় প্ৰাণীয়ে বাধাৰ উপৰেৰে জঁপিয়াই পাৰ হ’বহে বিচাৰে। ইয়াৰ এনেকুৱা স্বভাৱ গাহৰিৰ লগত মিলে বাবে ইয়াক ইংৰাজীত Hog deer বুলি কয়।

বিস্তৃতি[সম্পাদনা কৰক]

খটীয়া পহু পাকিস্তান, পশ্চিম ভাৰত, হিমালয়ৰ পাদদেশৰ গংগা উপত্যকা, নেপালৰ সমতল ভূমি, বাংলাদেশ, ভূটান আৰু ম্যানমাৰত পোৱা এবিধ তুলনামূলকভাৱে সৰু হৰিণাৰ প্ৰজাতি। শ্ৰীলংকা, চীন, থাইলেণ্ড, লাওচ, আৰু ভিয়েটনামৰ পৰা ই বিলুপ্ত বুলি আশংকা কৰা হৈছে। অষ্ট্ৰেলিয়া[4][5] আৰু আমেৰিকা[1] ইয়াক সংস্থাপন কৰা হৈছে। ইয়াৰ বসতি স্থল হ্ৰাস পাই অহা বাবে সংখ্যা কমি আহিছে। কিছুমান ঠাইতহে ইয়াৰ গণনা কৰা হৈছে। যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ সংখ্যা অন্তত ১০০০০টা (১৪০০০ৰ পৰা ১৬০০০ৰ ভিতৰত হ’ব, গড়ে ৩৮.৬টা প্ৰতি কি:মি: ত), মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৫০০টা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৫০০টা জালদাপাৰাত ২৫০টা আৰু মণিপুৰৰ কেইবুল লামজাওত ১০০টা মান হব। তাৰোপৰি ৰয়েল মানস ৰাষ্ট্ৰীয় উদ‍্যানত ইয়াৰ সংখ্যা ১৫০টা মানৰো বেছি হ’ব।[6]

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

ইবাৰ্হাদ অগষ্ট উইলহেম ভন জিম্মাৰমান(Eberhard August Wilhelm von Zimmermann)দেৱে ১৭৭৭ চন আৰু ১৭৮০ চনত, আগেয়ে ভাৰতৰ পৰা ইংলেণ্ডলৈ নিয়া খটীয়া পহুৰ বৰ্ণনাৰ ভিত্তিত, খটীয়া পহুৰ বৈজ্ঞানিক নাম Cervus porcinus বুলি ব‍্যৱহাৰ কৰিছিল।[7][8]১৮৩৫ চনত উইলিয়াম জাৰডাইন(William Jardine)দেবে আৰু ১৮৪৭ চনত ব্ৰায়ান হিউতন হডচন(Brian Houghton Hodgson)দেবে ইয়াক Axis গণত অন্তৰ্ভুক্ত কৰে।[9][10]২০০৪ চনত ইয়াক Hyelaphus [11][12] গণত অন্তৰ্ভুক্ত কৰিব খোজাৰ অনুমতি বিচৰা হয়। বহুতো গবেষকে ইয়াক Axis গণত ৰাখিব বিচৰাত এই অনুমতি প্ৰদান কৰা নহয়।[13][1][14] এসময়ত A. p. annamiticus নামৰ ইয়াৰ এটা উপ-প্ৰজাতি আছে বুলি ধাৰণা কৰা হৈছিল। বৰ্তমান ইয়াক A. porcinusৰ সৈতে একেই প্ৰজাতি বুলি ধৰা হয়।[1]

দৈহিক গঠন[সম্পাদনা কৰক]

থাইলেণ্ডৰ ফু খিএও অভয়াৰণ্যত খটীয়া পহু

পূৰ্ণবয়স্ক খটীয়া পহুৰ দেহৰ উচ্চতা মতাটোৰ প্ৰায় ৭০ ছেঃমিঃ আৰু মাইকী জনীৰ প্ৰায় ৬১ ছেঃমিঃ হয়। ওজন মতাটোৰ প্ৰায় ৫০ কিঃগ্ৰাঃ আৰু মাইকী জনীৰ প্ৰায় ৩০ কিঃগ্ৰাঃ হয়। ইয়াৰ দেহ দীঘলীয়া আৰু ঠেং তুলনামূলক ভাৱে চুটি। কাণ ঘূৰণীয়া। বয়সৰ লগে লগে খটীয়া পহুৰ ডিঙি আৰু মুখৰ বৰণ পাতলীয়া হবলৈ ধৰে। খটীয়া পহুৰ দেহত যথেষ্ট নোম থাকে। দেহৰ বৰণ শীত কালত গাঢ় মটীয়া হয়। দেহৰ তল ভাগ আৰু ভৰিৰ ৰং পাতলীয়া হয়। বসন্তৰ শেষৰ ফালে গ্ৰীষ্মৰ আবৰণৰ বাবে নোমৰ বৰণ ৰঙা-মটীয়া হবলৈ আৰম্ভ কৰে। অবশ্যে এই পৰিবৰ্তন বিভিন্ন খটীয়াৰ ভিন্ন পৰিমাণে হয়। ঠাই বিশেষেও ইয়াৰ দেহৰ বৰণৰ ভিন্নতা দেখা যায়। বহুতৰ দেহত মূৰৰ পৰা ডিঙি পাৰ হৈ যোৱাকৈ দীঘলীয়া আঁক থাকে। গ্ৰীষ্ম কালত সাধাৰণতে ইয়াৰ ৰাজহাড়ৰ দুইফালে দুডাল পাতল ৰঙৰ ফুটফুটীয়া ৰেখা থাকে। ইয়াৰ নেজডাল চুটি, বৰণ মটীয়া আৰু আগটো বগা। নেজৰ তলভাগো বগা হয়। নেজৰ নোমবোৰ দাঙি আৰু মেলি ই আনৰ বাবে এটা বিশেষ সতৰ্ককাৰী প্ৰদৰ্শনিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ মুখৰ ঠিক চকুৰ তলৰ অংশত preorbital গ্ৰন্থি থাকে। পিচ ভৰিৰ ওপৰৰ ভাগৰ কাষৰ ফালে metatarsal গ্ৰন্থি থাকে। পিচ ভৰিৰ খুৰাৰ ফাটত Pedal গ্ৰন্থি থাকে।

মতা খটীয়া পহুৰ শিঙৰ গুৰিত এটা শাখা আৰু আগলৈ মূল শিংটোৰ পৰা এটা অন্তমুখী শাখা আৰু এটা বহি্মুখী শাখা ওলাই মুঠ তিনিটা শাখা হয়। কেতিয়াবা কোনোটো পহুত শাখাৰ সংখ্যাৰ ব‍্যতিক্ৰম দেখা যায়। গুৰিৰ শাখাটো সমকোনতকৈ সৰু হোৱা আৰু ওপৰৰ ভিতৰ ফালৰ শাখাটো চুটি আৰু মুল শিংটোৰ পৰা বিপৰীত শিংটোৰ ফাললৈ বাঢ়ি অহাটো আন হৰিণাৰ তুলনাত খটীয়া পহুৰ বৈশিষ্ট্য।

আচৰণ[সম্পাদনা কৰক]

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খটীয়া পহুৰ পোৱালীৰ সৈতে মাক

খটীয়া পহুয়ে জাক পাতি নাথাকে। উপযুক্ত পৰিবেশত বহুতো খটীয়া একেলগে চৰে। পিচে ইহতে এটা গোট হৈ বিচৰণ কৰাৰ পৰিবৰ্তে প্ৰতিতোৱে নিজ নিজ মতে বিচৰণ কৰে। সতৰ্ক হলে ই এক প্ৰকাৰৰ সুহুৰি দৰে শব্দ কৰে বা ভুকাৰ দৰে শব্দ কৰে। খটিয়াৰ বিচৰণ কৰা ঠাইৰ পৰিসৰ ভিন্ন হব পাৰে যদিও গড়ে প্ৰায় ০.৭ বৰ্গ কি:মি: মান হয়। মতা খটীয়াবোৰ আক্ৰমণাত্মক হয় আৰু কমকৈ খটীয়া থকা অঞ্চলত ইহতে অঞ্চল দখলিকৰণৰ প্ৰবৃত্তি প্ৰদৰ্শন কৰিব পাৰে। তেনে কৰিব বাবে ইহতে ইহতৰ বিশেষ গন্থিৰ পৰা নিগৰণ হোৱা পদাৰ্থৰে নিজৰ অঞ্চলৰ চিন দিয়ে।

চেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰজনন কৰে। খটীয়া পহুয়ে প্ৰজননৰ বতৰত আন হৰিণ প্ৰজাতিয়ে কৰাৰ দৰে কোনো বিশেষ মাত নামাতে। এই সময়ত মতাবোৰ মুকলি ঘাহনিত গোট খায়। তেতিয়া আন মতাৰ অপ্ৰত‍্যাশিত মুখা মুখি হলে খুৰাৰে মাটিত মাৰিব পাৰে। ইহতৰ কোনো হেৰেম নাথাকে। এটা সময়ত এজনী খটীয়াৰ লগতে সহবাস কৰে আৰু তাইক সুৰক্ষিত কৰে। গৰ্ভধাৰণৰ সময় প্ৰায় ১৮০ দিন। ই এবাৰত এটাকৈ পোৱালি দিয়ে।

খটীয়া পহুৰ ঘনত‍্ব নদীৰ উপত্যকা অঞ্চলত প্ৰতি বৰ্গ কি:মি:ত ০.১ পৰ্যন্ত পাতলীয়া হব পাৰে। আনহাতে বানপানীয়ে বুৰাই যোৱা ঘাহনি অঞ্চলত, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ৩৮ তাৰো অধিক হব পাৰে।[1] ই গছৰ পাত, ঘাঁহ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। খটীয়া পহুৰ আয়ুস সাধাৰণতে ২০ বছৰ।

ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ আৰু গোধাফুটুকী বাঘ [15]ইয়াৰ প্ৰধান শত্ৰু। লগতে অজগৰ আৰু ৰাংকুকুৰও ইয়াৰ শত্ৰু।[16]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Timmins, R.; Duckworth, J.W.; Samba Kumar, N.; Anwarul Islam, M.; Sagar Baral, H.; Long, B.; Maxwell, A. (2015). Axis porcinus. p. e.T41784A22157664. doi:10.2305/IUCN.UK.2015-4.RLTS.T41784A22157664.en. 
  2. বৰুৱা, হেমচন্দ্ৰ (২০০৬). হেমকোষ (১২তম সম্পাদনা). হেমকোষ প্ৰকাশন. পৃষ্ঠা. ৩০২. 
  3. চন্দ্ৰকান্ত অভিধান (৩য় সম্পাদনা). গুৱাহাটী বিশ্ববিদ্যালয়. ২০০৬. পৃষ্ঠা. ২৩৭. 
  4. Mayze, R.J.; Moore, G.I. (1990). The Hog Deer. প্ৰকাশক Warragul, Victoria: Australian Deer Research Foundation. ISBN 9780959343861. 
  5. Bentley, A. (1998). An Introduction to the Deer of Australia: With Special Reference to Victoria. প্ৰকাশক Warragul, Victoria: Australian Deer Research Foundation. ISBN 9780958573214. 
  6. https://animalia.bio/hog-deer]
  7. Zimmermann, E.A.W. (1777). "Cornibus teretibus". Specimen zoologiae geographicae, quadrupedum domicilia et migrationes sistens. প্ৰকাশক Leiden: Apud Theodorum Haak, et Socios. পৃষ্ঠা. 532–535. https://archive.org/details/specimenzoologia00zimm/page/531/mode/1up. 
  8. Zimmermann, E.A.W. (1780). "Der dickleibige Hirsch". Geographische Geschichte des Menschen, und der allgemein verbreiteten vierfüßigen Thiere. 2. প্ৰকাশক Leipzig: Weygand. পৃষ্ঠা. 131. https://publikationsserver.tu-braunschweig.de/rsc/viewer/dbbs_derivate_00004650/max/00000144.jpg. 
  9. Jardine, W. (1835). "The brown porcupine Axis Axis porcinus". The natural history of the ruminating animals. প্ৰকাশক Edinburgh: Lizars. পৃষ্ঠা. 203–204. https://archive.org/details/naturalhistoryr1jard/page/n201/mode/2up. 
  10. Hodgson, B.H. (1847). "On various genera of the ruminants". The Journal of the Asiatic Society of Bengal খণ্ড 16 (2): 685–711. https://archive.org/details/journalofasiatic162asia/page/691/mode/1up. 
  11. Meijaard, E.; Groves, C.P. (2004). "Morphometrical relationships between South-east Asian deer (Cervidae, tribe Cervini): evolutionary and biogeographic implications". Journal of Zoology খণ্ড 263 (2): 179–196. doi:10.1017/S0952836904005011. 
  12. Pitra, C.; Fickel, J.; Meijaard, E.; Groves, C.P. (2004). "Evolution and phylogeny of old world deer". Molecular Phylogenetics and Evolution খণ্ড 33 (3): 880–895. doi:10.1016/j.ympev.2004.07.013. PMID 15522810. 
  13. Groves, C.P.; Grubb, P. (2011). Ungulate taxonomy. প্ৰকাশক Baltimore, Maryland: The Johns Hopkins University Press. https://zmmu.msu.ru/grubb-groves-2011_taxonomy_ungulates.pdf. 
  14. Gupta, S. K.; Kumar, A.; Angom, S.; Singh, B.; Ghazi, M. G. U.; Tuboi, C.; Hussain, S. A. (2018). "Genetic analysis of endangered hog deer (Axis porcinus) reveals two distinct lineages from the Indian subcontinent". Scientific Reports খণ্ড 8 (1): 1–12. doi:10.1038/s41598-018-34482-9. PMID 30397218. PMC 6218551. https://www.researchgate.net/publication/328739252. 
  15. Grassman Jr., L. I.; Tewes, M. E.; Silvy, N. J.; Kreetiyutanont, K. (2005). "Ecology of three sympatric felids in a mixed evergreen forest in North-central Thailand". Journal of Mammalogy খণ্ড 86 (1): 29–38. doi:10.1644/1545-1542(2005)086<0029:EOTSFI>2.0.CO;2. 
  16. Hill, E.; Linacre, A.; Toop, S.; Murphy, N.; Strugnell, J. (2019). "Widespread hybridization in the introduced hog deer population of Victoria, Australia, and its implications for conservation". Ecology and Evolution খণ্ড 9 (18): 10828–10842. doi:10.1002/ece3.5603. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • A Field Guide to Mammals of India- Vivek Menon