সমললৈ যাওক

চৰাই নিৰীক্ষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এদল চৰাই পৰ্যবেক্ষক ছাত্ৰ- ছাত্ৰী

চৰাই নিৰীক্ষণ (ইংৰাজী: Bird Watching) হৈছে বন্যজীৱ নিৰীক্ষণৰ এক প্ৰকাৰ য'ত চৰাই-চিৰিকতি পৰ্যবেক্ষণ কৰা হয়। ই এক আজৰি সময়ৰ চখৰ লগতে বৈজ্ঞানিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ আহিলা। চৰাইৰ মাত অনুসৰণ কৰি বা ৱেবকেমৰ নিৰ্দেশনা অনুসৰি খালি চকু বা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চৰাই নিৰীক্ষণ কৰা হয়।[1][2]

প্ৰয়োজনীয়তা

[সম্পাদনা কৰক]
  • কোনো এক অঞ্চলৰ বা বনাঞ্চলৰ পক্ষীকূলৰ বিজ্ঞানসন্মতভাৱে নথিভুক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ। এনে তালিকা সেই অঞ্চলৰ বা বনাঞ্চলখনৰ জৈৱ বৈচিত্ৰ্যৰ পৰিচায়ক হ'ব পাৰে।
  • যদি আগতে এক অঞ্চলৰ পৰা নথিভুক্ত কৰা চৰাইৰ সংখ্যা বা তাৰ প্ৰজাতিৰ সংখ্যা পিছৰ পৰ্যায়ত কমি যায় বা নোহোৱা হয় অথবা বৃদ্ধি পাই, তেন্তে সেই অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ ঋণাত্মক বা যোগাত্মক পৰিৱৰ্তন অনুধাৱন কৰিব পাৰি। যিহেতু চৰাইৰ উপস্থিতিয়ে এক অঞ্চলৰ পৰিস্থিতি- তন্ত্ৰৰ স্বাস্থ্য নিৰূপণ কৰাৰ এক কাৰক হিচাপে কাম কৰে।
  • নৱ- প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰিবলৈ ই এক অন্যতম আহিলা।
  • বন্যজীৱ সম্পৰ্কীয় গৱেষণাৰ কাৰণেও চৰাইৰ নিৰীক্ষণ বা পৰ্যবেক্ষণ অতি জৰুৰী।
  • যিহেতু বীজ বিস্তাৰণৰ ক্ষেত্ৰত পক্ষীকূলে বিশেষ ভূমিকা গ্ৰহণ কৰে, গতিকে, পক্ষী পৰ্যবেক্ষণৰ জৰিয়তে জ্ঞাত হোৱা বিশেষ কিছুমান চৰাইৰ উপস্থিতিয়ে নতুন গছপুলি সৃষ্টিৰ সম্ভাৱনা বহন কৰে।

প্ৰয়োজনীয় আহিলা

[সম্পাদনা কৰক]
চৰাইৰ পৰ্যবেক্ষণত ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় কেইবিধমান সামগ্ৰী
  • বাইন'কুলাৰ বা দূৰবীক্ষণ যন্ত্ৰ
  • গাইডবুক
  • বহী বা ন'টবুক
  • কলম
  • কেমেৰা (অত্যাৱশ্যকীয় নহয়)

চৰাই পৰ্যবেক্ষণ কৰোঁতে মূলত: চৰাইৰ নাম (সচৰাচৰ প্ৰচলিত স্থানীয় ভাষাৰ বা ইংৰাজী ভাষাৰ নাম বা বৈজ্ঞানিক নাম), ইয়াৰ সংখ্যা, আচৰণ আদি লক্ষ্য কৰা হয়।

নিৰীক্ষকজনে এটা অঞ্চল বা বনাঞ্চল বাচি লৈ তাৰ কাৰণে প্ৰয়োজন হোৱা যাৱতীয় অনুমতি কৰ্তৃপক্ষৰ পৰা ল'ব লাগে। দূৰবীক্ষণ যন্ত্ৰৰে চৰাইৰ কোনো অনিষ্ট সাধন নকৰাকৈ চাব পাৰি। নিৰীক্ষকজন চৰাইটোৱে গম পাব পৰা ওচৰলৈ নগৈ এক দূৰত্ব বজাই ৰাখি নিৰীক্ষণ কৰে বা কেমেৰাত আলোকচিত্ৰ লয়। নিৰ্দিষ্ট চৰাই এবিধ লক্ষ্য কৰি সেই চৰাইবিধক মাতিবলৈ চৰাইৰ মাত ৰেক'ৰ্ডাৰ, মোবাইল বা আন যন্ত্ৰৰ সহায়েৰে বজোৱা এক আইনী অপৰাধ। যান্ত্ৰিক মাত শুনি চৰাইবিধ ওলাই আহিলে কিছুসংখ্যক ফটোগ্ৰাফাৰে ফটো তোলে। এনে ধৰণৰ কাৰ্য- কলাপে চৰাইবিধৰ আচৰণত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু চৰাইবিধৰ মানসিক স্বাস্থ্যৰো ক্ষতিসাধন কৰে। ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) অধিনিয়ম, ১৯৭২ য়ে এনেধৰণৰ কাৰ্যক Section 2(16) আৰু 9 ৰ অধীনত চিকাৰ বুলি ধাৰ্য কৰিছে।

বনাঞ্চল বা এক বিস্তীৰ্ণ এলেকাৰ বাদেও ঘৰুৱা বাৰীৰ চৌহদলৈ বিভিন্ন সময়ত আগমণ ঘটা বগলী, ভাটৌ, সখিয়তী, কলাখাটী, হেতুলুকা, শালিকা, কাঠ- শালিকা, কাউৰী, মইনা, কাকৈ- ঢোৰা, হাইঠা আদি চৰাইৰ সংখ্যা, আচৰণ আদি পৰ্যবেক্ষণ কৰি এক বিজ্ঞানসন্মত গৱেষণা ঘৰত বহিয়েই কৰিব পাৰি।[উদ্ধৃতিৰ প্ৰয়োজন]

চৰাই নিৰীক্ষণৰ বাবে অসমৰ উল্লেখযোগ্য কিছু স্থান

[সম্পাদনা কৰক]

বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল নামৰ সংস্থাই ইতিমধ্যে অসমৰ কেইবাটিও অঞ্চলক গুৰুত্বপূৰ্ণ পক্ষী এলেকা (Important Bird Area or IBA) হিচাপে স্বীকৃতি দিছে[3]। সেইকেইটা হৈছে :

  1. চিৰাং সংৰক্ষিত বনাঞ্চল
  2. মাগুৰী- মতাপুং বিল
  3. ৰিপু সংৰক্ষিত বনাঞ্চল
  4. মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প
  5. নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প
  6. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  7. বৰদলনি- চামপোৰা
  8. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
  9. লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য
  10. মাজুলী
  11. পাভ সংৰক্ষিত বনাঞ্চল
  12. পবিতৰা অভয়াৰণ্য
  13. পানী দিহিং অভয়াৰণ্য

তথ্যসূত্ৰ

[সম্পাদনা কৰক]