সমললৈ যাওক

লৰীয়তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লৰীয়তী (Marsh Sandpiper)
Winter plumage
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Charadriiformes
পৰিয়াল: Scolopacidae
গণ: Tringa
প্ৰজাতি: T. stagnatilis
বৈজ্ঞানিক নাম
Tringa stagnatilis
(Bechstein, 1803)

লৰীয়তী (ইংৰাজী: Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।

লৰীয়তীৰ ঠোঁট দীঘলীয়া আৰু ইয়াৰ ঠেং দুখনো দীঘলীয়া আৰু হালধীয়া বৰণৰ। ইয়াৱ দেহৰ দৈৰ্ঘ্য ২২-২৬ ছে: মি: আৰু ওজন প্ৰায় ৪৫-১২০ কি:গ্ৰা। হোৱা দেখা যায়। প্ৰজনন কালত ইয়াৰ দেহৰ বৰণ মুগা-মটিয়া হৈ পৰে। আনহাতে শীত কালত ই শেঁতা বৰণৰ হয়।[2]

লৰীয়তী চৰাই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি। ইয়াৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।

হায়দৰাবাদত এটা লৰীয়তী চৰাই
Tringa stagnatilis

লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
  • Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI: 10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO;2 HTML abstract

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]