সমললৈ যাওক

হাইঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাইঠা
A pair in Wilpattu National Park, Sri Lanka
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Treron
Vieillot, 1816
Species

see text

হাইঠা (ইংৰাজী: Green pigeon) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি। ই সাধাৰণতে সৰু ফল-মূল আদি খায়। ইহঁতকযোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়।

অন্য ৰঙৰ লগতে থকা সেউজীয়া পাখি ইয়াৰ বিশেষ বিশেষত্ব। সেই বাবেই ইহঁতক গ্ৰীন পিজন (Green pigeon) বুলি কোৱা হয়। আকাৰ ২৭ চেণ্টিমিটাৰৰপৰা ৩৩ চেণ্টিমিটাৰ পৰ্যন্ত।

হাইঠা সাধৰণতে বিষুৱীয় অঞ্চলত অৰ্থাৎ এছিয়াহিমালয়ৰ পৰা সমগ্ৰ আফ্ৰিকা মহাদেশতে বিস্তৃত হৈ আছে। এছিয়াৰ হিমালয়ৰ নামনি অঞ্চলৰ পৰা পূব আৰু পশ্চিম পৰ্বতমালা (Western and Eastern Ghats) আৰু শ্ৰীলংকাৰ বনাঞ্চলসমূহলৈকে দেখা পোৱা যায়।[1] তদুপৰি ইহঁতক ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আদিতো দেখা যায়।[2]

১৮৪৭ চনৰ বৰ্ণনাত হাইঠা

হাইঠা সাধাৰণতে অকলশৰে অথবা সৰু গোটত চৰে। ই খুউব খৰকৈ উৰিব পাৰে।

হাইঠাই সাধাৰণতে গছৰগুটি আৰু ফল-মূল তথা বিভিন্ন ধৰণৰ উদ্ভিদৰ অংশ খাই জীয়াই থাকে। ইহঁতক খুউব কমেইহে মাটিত দেখা যায়।

হাইঠাৰ প্ৰজনন কাল সাধাৰণতে ভাৰতত মাৰ্চৰ পৰা চেপ্টেম্বৰ মাহলৈকে হোৱা দেখা যায়। শ্ৰীলংকাত ইহঁতে ডিচেম্বৰৰ পৰা মে মাহ পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। ইয়াৰ বাহটো গছৰ ডাল-পাত আদিৰে সাজে। এবাৰত ই দুটাকৈ বগা বৰণৰ কণী পাৰে। মতা-মাইকী উভয়ে কণী উমনি দিয়ে। ১২-১৪ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালিৰ জন্ম হয়।[3]

পৃথিৱীত হাইঠাৰ কেইবা বিধ উপ-প্ৰজাতি দেখা গৈছে। তাৰে অসমত দেখা প্ৰজাতিকেইটা হ'ল-

পৃথিৱীৰ অন্যান্য অঞ্চলত দেখা হাইঠাসমূহ হ'ল:[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ferguson,HS; Bourdillon,TF (1904). "The birds of Travancore with notes on their nidification. Part III.". J. Bombay Nat. Hist. Soc. খণ্ড 16 (1): 1–18. http://www.archive.org/stream/journalofbombayn16abomb#page/1/mode/1up/. 
  2. Eates, KR (1938). "Occurrence of the Lesser Orange-breasted Green Pigeon (Dendrophasa bicincta bicincta) at Keamari, Sind". J. Bombay Nat. Hist. Soc. খণ্ড 40 (2): 330–331. 
  3. Baker, EC Stuart (1913). Indian pigeons and doves. Witherby and Co.. পৃষ্ঠা. 49–55. http://www.archive.org/stream/indianpigeonsdov00bake#page/49/mode/1up. 
  4. Gibbs, David; Barnes, Eustace; Cox, John (2001). Pigeons and Doves: A Guide to the Pigeons and Doves of the World. Yale University Press. পৃষ্ঠা. 425–456. ISBN 0-300-07886-2. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]