সমললৈ যাওক

ঘিলা হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘিলা হাঁহ(Cotton Pygmy Goose)
ঘিলা হাঁহ। সমুখৰটো মতা আৰু পিচৰতো মাইকী।(albipennis উপ প্ৰজাতিৰ)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
গণ: Nettapus
প্ৰজাতি: N. coromandelianus
বৈজ্ঞানিক নাম
Nettapus coromandelianus
Gmelin, 1789
Subspecies
  • N. c. coromandelianus
  • N. c. albipennis

ঘিলা হাঁহ[2] বা নাক খেচখেচী[2](ইংৰাজী: Cotton Pygmy Goose বা Cotton Teal[3], বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।

থাইলেণ্ডত মতা ঘিলাহাঁহ
থাইলেণ্ডত মাইকী ঘিলাহাঁহ
হোদালত দড়িয়া গঙা চিলনীৰ ফৈতে মাইকী ঘিলা হাঁহ

এই প্ৰজাতিটো হাঁহ সমূহৰ ভিতৰত আকাৰত আটাইতকৈ সৰু। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৬ ছে:মি: আৰু ওজন প্ৰায় ১৬০ গ্ৰাম হয়। দেহৰ অধিকাংশই বগা বৰণৰ। ইয়াৰ ঠোঁট চুটি। প্ৰজননৰ সময়ত মতা চৰাইৰ মূৰৰ ওপৰৰ অংশ জিলিকা সেউজীয়া-ক'লা বৰণৰ হৈ পৰে। মূৰ, ডিঙি আৰু তলৰ অংশৰ ৰং বগা আৰু ডিঙিত ক'লা কলাৰ তথা ডেউকাত বগা আঁচ থকা দেখা যায়। ইয়াৰ মুৰৰ আকৃতি ঘূৰণীয়া আৰু ঠেং চুটি হয়। উৰন্ত অৱস্থাত ঘিলাহাঁহৰ সেউজীয়া ডেউকাত থকা বগা আঁচে ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰে। মাইকী ঘিলা হাঁহৰ বৰণ শেঁতা, ডিঙিত কলাৰ নাথাকে আৰু ডেউকাৰ বগা আঁচো পাতল হয়।

ঘিলাহাঁহ প্ৰধানকৈ এবিধ স্থানীয় হাঁহ। অৱশ্যে চীনত এই প্ৰজাতিটোৱে দীঘলীয়াকৈ পৰিভ্ৰমণ কৰে বুলি জনা যায়। সকলো ধৰণৰ জলাশয় যেনে, হ্ৰদ, বৰষুণৰ পানীৰে পূৰ্ণ খেতি-পথাৰ, নৈ-বিল আদিত ঘিলাহাঁহ দেখিবলৈ পোৱা যায়। [উদ্ধৃতিৰ প্ৰয়োজন]

ঘিলাহাঁহৰ প্ৰধান খাদ্য হৈছে গছৰ গুটি আৰু শাক-পাচলি আদিৰ বিভিন্ন অংশ, পোক-পৰুৱা, কেকোঁৰা আদি।

ই সাধাৰণতে জুলাইৰ পৰা চেপ্টেম্বৰৰ সময়ছোৱাত প্ৰজনন কৰে। ই সাধাৰণতে পানী-কাষৰীয়া গছৰ খোৰঙত বাহ সাজে। এবাৰত ৮-১৫ টাকৈ কণী পাৰে। কণীৰ বৰণ ৰুপালী হয়। [উদ্ধৃতিৰ প্ৰয়োজন]

লোক সংস্কৃতিত ঘিলা হাঁহ

[সম্পাদনা কৰক]

মেদিনী চৌধুৰী দেবৰ অন‍্যন প্ৰান্তৰ [4] নামৰ কাহিনী গ্ৰন্থত ঘিলা হাঁহ সম্পৰ্কীয় এটা জনবিশ্বাসৰ উল্লেখ কৰিছে। এই বিশ্বাস অনুসৰি ঘিলা হাঁহৰ কণী এটা বাহৰ পৰা লৈ আনি তাত এটা এঙাৰৰ টুকুৰা থৈ আহিলে চৰাই জনীয়ে তাত আকৌ এটা কণী পাৰে। উল্লেখযোগ্যযে ঘিলা হাঁহে গছৰ খোৰোংত বাহ বান্ধে‌।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. BirdLife International (2004). Nettapus coromandelianus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006. Database entry includes justification for why this species is of least concern
  2. 2.0 2.1 চৌধুৰী, আনোৱাৰুদ্দিন (২০০০). The Birds of Assam. প্ৰকাশক গুৱাহাটী: Gibbon Books. পৃষ্ঠা. ১৮১. ISBN [[Special:BookSources/৮১-৯০০৮৬৬-2-6}|৮১-৯০০৮৬৬-2-6}]]. 
  3. Ali, Salim; Daniel, J. C. (1983). The book of Indian Birds (Twelfth Centenary সম্পাদনা). প্ৰকাশক New Delhi: Bombay Natural History Society/Oxford University Press. 
  4. চৌধুৰী, মেদিনী (১৯৭২). অন‍ন‍্য প্ৰান্তৰ. প্ৰকাশক হেদায়েৎপুৰ গুৱাহাটী. 
  • Madge, Steve; Burn, Hilary (1988). Waterfowl: An Identification Guide to the Ducks, Geese, and Swans of the World. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-395-46727-6. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]