সমললৈ যাওক

সাতভনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাতভনী (Jungle Babbler)
বাৰাণসীত দেখা সাতভনী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Leiothrichidae
গণ: Turdoides
প্ৰজাতি: T. striata
বৈজ্ঞানিক নাম
Turdoides striata
(Dumont, 1823)
সমাৰ্থক

Turdoides striatus
Malacocercus terricolor
Cossyphus striatus
Crateropus canorus

সাতভনী বা বাৰীলোটা (ইংৰাজী: Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম দিয়া হৈছে৷ আনহাতে মানুহৰ বাৰী, জাৰণি আদিত পোক, লেটা, ফল-মূল আদি এফালৰ পৰা খাই ফুৰে বাবে বাৰীলোটাও বোলে৷[2]

বিৱৰণ[সম্পাদনা কৰক]

গছৰ ডালত বহি থকা সাতভনী।
অন্ধ্ৰপ্ৰদেশৰ কাৱালত বয়স্ক সাতভনী।

হাবি-বান, খেতিপথাৰ, জাৰণিৰ দৰে ঠায়েই সাতভনীৰ মূল বাসস্থান৷ অন্য babbler চৰাইৰ দৰে ই অ-পৰিভ্ৰমী৷ ইয়াৰ পাখি ঘূৰণীয়া আকৃতিৰ আৰু উৰণ দুৰ্বল। মটীয়া ধোঁৱাবৰণৰ ৰং আৰু হালধীয়া ঠোঁটেৰে মতা আৰু মাইকী চৰাই দেখিবলৈ একে। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা Yellow-billed Babblerৰ লগত ইয়াৰ সাদৃশ আছে। . শৰীৰৰ ওপৰৰ অংশ সাধাৰণতে অলপ ডাঠ ৰঙৰ আৰু ডিঙি-বুকুৰ অংশত অলপ দাগ থাকে।[3] পোৱালিবোৰৰ চকুৰ মণি ক'লাবৰণীয়া। বয়স্ক চৰাইৰ চকুৰ মণি শেঁতা মাখন বৰণীয়া।[4]

টেক্স'নমি[সম্পাদনা কৰক]

ওড়িষাত খাদ্য অন্বেষণৰ দল

বংগত পোৱা এটা নমুনাক ভিত্তি কৰি প্ৰথম ১৮২৩ চনত Cossyphus striatus নামৰে প্ৰজাতিটোৰ বিৱৰণ দিয়া হৈছিল। অঞ্চলভেদে পোৱা সামান্য ভিনৰঙী উপ-প্ৰজাতিবোৰৰ নামো বেলেগ বেলেগ।[5] শ্ৰীলংকাত পোৱা rufescens ক এতিয়া সুকীয়া প্ৰজাতি বুলি গণ্য কৰা হয়। সৰ্বগ্ৰহণযোগ্য উপ-প্ৰজাতিবোৰ হ'ল:

  • striata ( Dumont de Sainte Croix, ১৮২৩) যিটো হিমালয় পাদদেশৰ দক্ষিণে উত্তৰ ভাৰতৰ প্ৰায়বোৰ ঠাই আৰু ভূটান, অসম, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আৰু উত্তৰ-পূব অন্ধ্ৰ প্ৰদেশত পোৱা যায়।[6]
  • sindiana ( Ticehurst, ১৯২০) এটা শেঁতা মৰুভূমিৰ প্ৰকাৰ যিটো পাকিস্তানৰ সিন্ধু সমতলৰ পৰা ভাৰতৰ ৰাজস্থান আৰু কচ্ছৰ ৰান পৰ্যন্ত পোৱা যায়।i
  • somervillei ( Sykes, ১৮৩২) উত্তৰ পশ্চিম ঘাটৰ পৰা দক্ষিণে গোৱা গেপ পৰ্যন্ত দেখা যায়।
  • malabarica ( Jerdon, ১৮৪৫) দক্ষিণ পশ্চিম ঘাটত দেখা যায়।
  • orientalis ( Jerdon, ১৮৪৫) দক্ষিণ ভাৰতত পশ্চিম ঘাটৰ পূব দিশে দেখা যায়।

আচৰণ[সম্পাদনা কৰক]

স্থান: পশ্চিম বংগ
সাতভনী
ঠোঁটেৰে পাখি ঘঁহা

এই চৰাইবিধ দল পাতি থকা বিধৰ আৰু বৰ সামাজিক। কেতিয়াবা সিহঁতে মিশ্ৰিত প্ৰজাতি খাদ্য-সংগ্ৰহ দলত (mixed-species foraging flock) ভাগ লয়।[7]

খাদ্য[সম্পাদনা কৰক]

সাতভনীয়ে ঘাইকৈ পোক খায়, কিন্তু গুটি, মৌ আৰু জামুও খায়।[8]

প্ৰজনন[সম্পাদনা কৰক]

ইহঁতে গোটেই বছৰ ধৰি পোৱালি জগায়; উত্তৰ ভাৰতত মাৰ্চ-এপ্ৰিল আৰু জুলাই-ছেপ্তেম্বৰ মাহৰ মাজভাগত বেছিকৈ পোৱালি জগোৱা পৰিলক্ষিতত হয়। ইহঁতে ৩বছৰ বয়সৰ পৰা প্ৰজননক্ষম হয়।[9] গছৰ মাজভাগমানত পাতেৰে ঢাক খাই থকাকৈ বাহ সাজে। সাধাৰণতে তিনিটা বা চাৰিটা (সাতটালৈকে হ'ব পাৰে) ডাঠ সেউজ নীলা ৰঙৰ কণী পাৰে। উৰণক্ষম হ'লে মাইকী চৰায়ে প্ৰায় দুবছৰৰ পাছত পৰিয়াল এৰে।<[9] গোটৰ চৰায়ে প্ৰায়েই ইটোৱে সিটোৰ পাখি ঠোঁটেৰে ঘঁহা, খেদা-খেদি আৰু ধেমালি যুঁজ কৰে।[10] চিকাৰী প্ৰাণীৰ মুখামুখি হ'লে সিহঁতে কেতিয়াবা মৰাৰ অভিনয় কৰে বুলি কোৱা হয়।[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Turdoides striata". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106007958/0। আহৰণ কৰা হৈছে: 5 July 2012. 
  2. ভুৱনেশ্বৰ শৰ্মা (২০১৩). চিনাকি চৰাই. প্ৰকাশক যোৰহাট: অসম সাহিত্য সভা. পৃষ্ঠা. ১৫৬. 
  3. Ali, S & S D Ripley (1996). Handbook of the birds of India and Pakistan. 6 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 224–230. 
  4. Andrew MI & RM Naik (1965). "Structural basis of the change of eye colour of the Jungle Babbler, Turdoides striatus (Dumont), during post-embryonic development.". Pavo খণ্ড 3: 72–74. 
  5. Ripley, S Dillon (1958). "Indian Birds. VII.". Postilla খণ্ড 35: 1–12. http://www.archive.org/stream/postilla150peab#page/n340/mode/1up/. 
  6. Ripley,S Dillon (1969). "The name of the Jungle Babbler Turdoides striatus (Aves) from Orissa.". J. Bombay Nat. Hist. Soc. খণ্ড 66 (1): 167–168. 
  7. Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide.. 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 445–446. 
  8. Narang, ML & Lamba, BS (1986). "Food habits of jungle babbler Turdoides striatus (Dumont) and its role in the ecosystem". Indian Journal of Ecology খণ্ড 13 (1): 38–45. 
  9. 9.0 9.1 Gaston, AJ (1978). "Demography of the Jungle Babbler, Turdoides striatus". Journal of Animal Ecology খণ্ড 47 (3): 845–870. doi:10.2307/3675. 
  10. Gaston, A. J. (1977). "Social behaviour within groups of jungle babblers Turdoides striatus". Animal Behaviour খণ্ড 25 (828–848): 828. doi:10.1016/0003-3472(77)90036-7. 
  11. Neelakantan,KK (1957). "Hypnotic behaviour of a White-headed Babbler (Turdoides striatus)". J. Bombay Nat. Hist. Soc. খণ্ড 54 (2): 460–461.  (Note: the reference uses the binomial of the Jungle Babbler)

লগতে চাওক[সম্পাদনা কৰক]

  • Andrews MI & RM Naik (1965) Some observations on flocks of the Jungle Babbler Turdoides striatus (Dumont) during winter. Pavo 3:47-54.
  • Naik,RM; Andrews,MI (1966) Pterylosis, age determination and moult in the jungle babbler. Pavo 4(1-2):48-57.
  • Andrews,MI; Naik,RM (1966) The body weight and the thyroid and gonadal cycles of the jungle babbler. Pavo 4(1&2):48-57.
  • Andrews,MI; Naik,RM (1972) The biology of the jungle babbler. Pavo 08(1&2):1-34.
  • Rana,BD (1972) Some observations on food of the Jungle Babbler, Turdoides striatus, and the Common Babbler, Turdoides caudatus in the Rajasthan Desert, India. Pavo 8(1&2):35-44.
  • Rana,DB (1985) Abnormality in the testis of Streptopelia decaocto and Turdoides striatus in the Rajasthan desert. Pavo 23(1&2):101-102.
  • Suresh,PK; Chaturvedi,CM (1986) Annual endocrine cycles in male babbler, Turdoides somerveillei. Pavo 24(1&2):43-54.
  • Parasharya,BM (1986) Early breeding date of Jungle Babbler in Gujarat. Pavo 24(1&2):117-118.
  • Inglis,CM (1936) The Bengal Jungle Babbler or "Seven Sisters," Turdoides terricolor terricolor (Hodgson). J. Darjeeling Nat. Hist. Soc. 10(4):117-123
  • Ali,S (1974) Jungle Babblers at Pali Hills, Bandra, Bombay 400050. Newsletter for Birdwatchers . 14(11):5-6.
  • R. Ray-Chaudhuri, T. Sharma, S. P. Ray-Chaudhuri (1969) A comparative study of the chromosomes of birds. Chromosoma 26(2):148-168 doi:10.1007/BF00326452
  • Mitra, Sarat Chandra (1926-27?) Studies in bird-myths:
    • No. {X}: On a probable aetiological myth about the jungle babbler;
    • No. {XI}: On an aetiological myth about the Indian house-crow;
    • No. {XII}: On three aetiological myths about the spots on the peacock's tail-feathers;
    • No. {XIII}: Quarterly Journal of the Mythic Society 17:63-64

বাহ্যিক সংযোগ[সম্পাদনা কৰক]