হয়কলি
হয়কলি
Swamp Francolin |
|
---|---|
![]() |
|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Galliformes |
পৰিয়াল: | Phasianidae |
উপপৰিয়াল: | Perdicinae |
গণ: | Francolinus |
প্ৰজাতি: | F. gularis |
বৈজ্ঞানিক নাম | |
Francolinus gularis (Temminck, 1815) |
হয়কলি (ইংৰাজী: Swamp Partridge বা Swamp Francolin, বৈজ্ঞানিক নাম:Francolinus gularis) লাজকুৰীয়া আৰু স্থলচৰ (terrestrial) কুকুৰা (pheasant family , Phasiandae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাই৷ ইয়াক সাধাৰণতে ভাৰতৰ কিছু অংশত, নেপাল আৰু বাংলাদেশ ত পোৱা যায়৷ ইয়াৰ যথেষ্ট দীঘল ঠেং দুখনৰ সহায়ত সহজে চিনাক্ত কৰিব পাৰি৷
বিৱৰণ[সম্পাদনা কৰক]
হয়কলি দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৭ ছে: মি৷ আৰু ওজন ৫১ গ্ৰাম হয়৷ ইয়াৰ ঠোঁট ৰঙা-মটিয়া (rufous) বৰণৰ আৰু দেহৰ তলৰ ভাগত ডাঠ বগা আঁচ আছে৷ ইয়াৰ দেহৰ পৃষ্ঠ ভাগ আৰু ডেউকা ক’লা আৰু মটিয়া (brown) বৰণৰ পাখিৰে আৱৰা৷ মতা আৰু মাইকী হয়কলি সাধাৰণতে দেখাত একে হয়৷ অৱশ্যে ঠেঙৰ গাঢ় বৰণৰ পৰা মতা হয়কলিক সহজে চিনাক্ত কৰিব পৰা যায়৷
হয়কলিৰ মাত ডাঙৰ আৰু তীক্ষ্ন (harsh) ‘chuill’ ধৰণৰ হয়৷
বিতৰণ[সম্পাদনা কৰক]
হয়কলি গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ থলুৱা চৰাই [1] ৷ ইয়াক পশ্চিম নেপালৰ তৰাই অঞ্চলৰ পৰা উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম আৰু অৰুণাচল প্ৰদেশত বহুলভাৱে বিস্তৃত৷ পূৰ্বতে ই চিত্তাগং (Chittagong) আৰু বাংলাদেশৰ সুন্দৰবনত বিস্তৃত আছিল বুলি জনা যায় যদিও বৰ্তমানে ইয়াৰ কোনো প্ৰামাণ্য শেহতীয়া তথ্য পোৱা হোৱা নাই৷ [2]
বসতিস্থল[সম্পাদনা কৰক]
হয়কলিয়ে ঋতু অনুযায়ী বিভিন্ন বসতিস্থলত বাস কৰে৷ সাধাৰণতে ইয়াক ওখ আৰু সেমেকা (wet) ঘাহঁনি অঞ্চলত দেখা পোৱা যায়৷ অৱশ্যে বাৰিষা ই শুকান ঘাঁহনি বা কাঠনি অধিক পছন্দ কৰে [3]৷ প্ৰজনন কালত ই কাঠনি আৰু সেমেকা ঘাঁহনিত বেছিকৈ থাকে৷
হয়কলি সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাত বসবাস কৰে বুলি জনা যায় যদিও বানপানী আদিৰ সময়ত ওপৰলৈ কিছূ প্ৰব্ৰজন হয় বুলি জনা যায়৷ [4],[5]
আচৰণ[সম্পাদনা কৰক]
হয়কলিয়ে যোৰ পাতি বা সৰু দলত বিভক্ত হৈ চৰে৷ [6] [7] ই সৰ্বভক্ষী , গছৰ গুটিৰ পৰা আৰম্ভ কৰি সৰু পোক-পতংগ, শামুক, সৰু কেকোঁৰা আদি সকলো খাদ্য হিচাপে গ্ৰহণ কৰে৷ [8]
হয়কলিয়ে ফেব্ৰুৱাৰীৰ পৰা মে পৰ্যন্ত প্ৰজনন কৰে৷ ই অগভীৰ পানীত জলচৰ উদ্ভিদত বাহ সাজে ৷ এবাৰত ৪-৫ টাকৈ কণী পাৰে৷ কণীবোৰ ক্ৰীম ৰঙৰ হোৱা সদেখা যায় ৷ জন্ম হোৱাৰ কেইদিনমান পিছতেই পোৱালিবোৰ সক্ৰিয় ঐ উঠে আৰু খাদ্যৰ সন্ধানত পূৰ্ণবয়স্ক হয়কলিক অনুসৰণ কৰিবলৈ লয়৷ [9], [10] [11]
স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]
জলাশয় ধ্বংস আৰু ক্ৰমবৰ্দ্বমান কৃষিকাৰ্য্যৰ প্ৰাবল্য (intensification of agricultural practice) হয়কলিৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিছে৷ বিশেষকৈ নব্বৈৰ দশকত অসমৰ বিভিন্ন জলাশয় সমূহৰ পৰা হয়কলিৰ বিপদজনকভাৱে জনসংখ্যা হ্ৰাস পালে৷ [12].[13]
এই সংকট সমূহৰ বাবে বৰ্তমান হয়কলিক বিপথগামী (Vulnerable) প্ৰজাতি ৰূপে চিনাক্ত কৰা হৈছে৷ [14]
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- ↑ BirdLife International (September, 2011) http://www.birdlife.org/datazone/speciesfactsheet.php?id=150
- ↑ Siddiqui, K. U.; Islam, M. A. 2008. Encyclopedia of flora and fauna of Bangladesh, vol. 26: birds. Asiatic Society of Bangladesh, Dhaka.
- ↑ Dahal, B.R., McGowan, P.J.K., Browne, S.J. (2009) An assessment of census techniques, habitat use and threats to Swamp Francolin Francolinus gularis in Koshi Tappu Wildlife Reserve, Nepal. Bird Conservation International, 19: 137-147
- ↑ Iqubal, P.; McGowan, P. J. K.; Carroll, J. P.; Rahmani, A. 2003. Home range size, habitat use and nesting success of Swamp Francolin Francolinus gularis on agricultural land in northern India. Bird Conservation International 13: 127-138
- ↑ Dahal, B.R., McGowan, P.J.K., Browne, S.J. (2009) An assessment of census techniques, habitat use and threats to Swamp Francolin Francolinus gularis in Koshi Tappu Wildlife Reserve, Nepal. Bird Conservation International, 19: 137-147
- ↑ BirdLife International (September, 2011) http://www.birdlife.org/datazone/speciesfactsheet.php?id=150,
- ↑ Sathyakumar, S. and Sivakumar, K. (2007) Galliformes of India. ENVIS Bulletin: Wildlife and Protected Areas,10:14.
- ↑ Coller, N.J., Andreev, A.V., Chan, S., Crosby, M.J., Subramanya, S., Tobias, J.A. (2001) Threatened Birds of Asia: the BirdLife International Red Data Book. BirdLife International, Cambridge, U.K.
- ↑ Coller, N.J., Andreev, A.V., Chan, S., Crosby, M.J., Subramanya, S., Tobias, J.A. (2001) Threatened Birds of Asia: the BirdLife International Red Data Book. BirdLife International, Cambridge, U.K.
- ↑ Iqubal, P., McGowen, P.J.K., Carroll J.P., Rahmani A.R., (2003) Home range size, habitat use and nesting success of Swamp Francolin Francolinus gularis on agricultural land in northern India.
- ↑ Bird Conservation International, 13: 127-138.Fuller, R.A., Carroll, J.P., and McGowan, P.J.K. (Eds.) (2000) Partridges, Quails, Francolins, Snowcocks, Guineafowl, and Turkeys. Status Survey and Conservation Action Plan 2000–2004. WPA/BirdLife/SSC Partridge, Quail, and FrancolinSpecialist Group. IUCN, Gland, Switzerland and Cambridge, UK, and the World Pheasant Association, Reading, UK.
- ↑ Choudhury, A. 2000. The birds of Assam. Gibbon Books and WWF-India, Guwahati, India
- ↑ Dahal, B. 2009. Swamp Francolin faces new threat from flooding. World Pheasant Association News: 6.
- ↑ BirdLife International (September, 2011) http://www.birdlife.org/datazone/speciesfactsheet.php?id=150