বনচিৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Eurasian tree sparrow (বনচিৰিকা)
জাপানত P. m. saturatus উপপ্ৰজাতিৰ পূৰ্নবয়স্ক মতা বনচিৰিকা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Passeridae
গণ: Passer
প্ৰজাতি: P. montanus
বৈজ্ঞানিক নাম
Passer montanus
(Linnaeus, 1758)
গোলকীয় বিতৰণ

      Breeding summer visitor
      Resident breeder
      Non-breeding winter visitor

সমাৰ্থক
  • Fringilla montana Linnaeus 1758
  • Loxia scandens Hermann 1783
  • Passer arboreus Foster 1817

বনচিৰিকা (ইংৰাজী: Eurasian tree sparrow, বৈজ্ঞানিক নাম: Passer montanus) ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা (cavity) আদিত বাহ সাজে৷ এবাৰত পাঁচ-ছটা কণী পাৰে৷ বনচিৰিকাৰ বহুল বিস্তৃতিৰ বাবে ইয়াক বিপদমুক্ত বুলি গণ্য কৰা হয় যদিও ঠাইবিশেষে ইয়াৰ জনসংখ্যা হ্ৰাস হোৱা বুলি তথ্য পোৱা গৈছে৷

বিৱৰণ[সম্পাদনা কৰক]

বনচিৰিকাৰ দেহৰ দৈৰ্ঘ্য ১২.৫-১৪ ছে:মি:,[2] আৰু ওজন প্ৰায় ২৪ গ্ৰাম হয়৷[3]৷ গতিকে ঘৰচিৰিকাৰ তুলনাত ই আকাৰত ১০% সৰু হয়৷[4] পূৰ্নবয়স্ক বনচিৰিকাৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ ইয়াৰ ঠেং শেঁতা মটিয়া বৰণৰ আৰু ঠোঁট গ্ৰীষ্মকালত নীলা আৰু শীতকালত ক’লা বৰণৰ হোৱা দেখা যায়৷

টেক্স’নমি[সম্পাদনা কৰক]

লিনিয়াছৰ “Systema naturae গ্ৰন্থত ঘৰচিৰিকা আৰু বনচিৰিকাৰ বিৱৰণ[5]

ঠাইবিশেষে বনচিৰিকা বাহ্যক গঠনৰ কিছু ভিন্নতা দেখা যায় আৰু তাৰ ভিত্তিতেই কমেও পোন্ধৰবিধ উপপ্ৰজাতি চিনক্ত কৰা হৈছে৷ [6][7]

  • P. m. montanus- ইউৰোপ, গ্ৰীচ, তুৰ্কী, কাজাখস্তান, মংগোলিয়া তথা কোৰিয়া৷
  • P. m. transcaucasicus Sergei Aleksandrovich Buturlin,১৯০৬ -ইৰাণ, [6]
  • P. m. dilutus, Charles Wallace Richmond , ১৮৫৬- উত্তৰ-পূব ইৰাণ, পাকিস্তান, উত্তৰ-পশ্চিম ভাৰত , চীন[6]
  • P. m. tibetanus, Stuart Baker,১৯২৫- উত্তৰ হিমালয়, নেপাল, তীব্বতৰ পৰা চীনলৈকে বিস্তৃত৷ [6]
  • P. m. saturatus, Leonhard Hess Stejneger, ১৮৮৫, জাপান, টাইৱান আৰু দক্ষিণ কোৰিয়া৷ [6]
  • P. m. malaccensis, Alphonse Dubois,১৮৮৫- ইণ্ডোনেছিয়া [6]
  • P. m. hepaticus,Sidney Dillon Ripley,১৯৪৮- অসম আৰু ম্যানমাৰ [6]

বিতৰণ[সম্পাদনা কৰক]

বনচিৰিকা প্ৰাকৃতিক ভাৱে ইউৰোপ আৰু এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত[6][8][9] ৷ তদুপৰি ইয়াক মানুহে ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিত সফলতাৰে সংযোজন (introduce) কৰিছে৷[6]


আচৰণ[সম্পাদনা কৰক]

বনচিৰিকাই জন্মৰ এবছৰৰ ভিতৰতে পূৰ্ণবয়স্ক হৈ উঠে৷ ইহঁতে গছৰ খোৰোং বা শিলৰ ফাঁকত বাহ সাজে[10][11]৷ তদুপৰি ঘৰৰ মুধচৰ ফাঁকতো হহঁতে বাহ সাজিব পাৰে৷[11][12]

মতা বনচিৰিকাৰ মাত উত্তেজিত চ্চিপ (tschip) ধৰণৰ হোৱা দেখা যায়৷ [4]

৷ মতা বনচিৰিকাই সাধাৰণতে নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ বা মাইকী বনচিৰিকাক আকৰ্ষন কৰিবলৈ মাতে৷[6]

বনচিৰিকাই ঘাইকৈ গছৰ গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে৷[6] [13]

বিভিন্ন মাংসভোজী চৰাইসমূহ যেনে- ফেঁচা, accipiter, falcon, owl, Eurasian Sparrowhawk Common Kestrel আদি ইহঁতৰ প্ৰধান ভক্ষক৷[13][14]

স্থিতি[সম্পাদনা কৰক]

বনচিৰিকা এবিধ বহুল ভাৱে বিস্তৃত তথা বৃহৎ জনসংখ্যাৰে পুষ্ট চৰাইৰ প্ৰজাতি৷ সেয়ে আই ইউ চি এনৰ ৰেড লিষ্টত ইয়াক "Least Concern" ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে৷[1]

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 BirdLife International (2012). "Passer montanus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008385। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Mullarney, Killian; Svensson, Lars; Zetterstrom, Dan; Grant, Peter (1999). Collins Bird Guide. প্ৰকাশক London: HarperCollins. ISBN 0-00-219728-6. 
  3. "Tree Sparrow Passer montanus [Linnaeus, 1758"]. Bird facts. British Trust for Ornithology. http://blx1.bto.org/birdfacts/results/bob15980.htm। আহৰণ কৰা হৈছে: 30 January 2009. 
  4. 4.0 4.1 Snow & Perrins 1998, পৃষ্ঠা 1513–1515
  5. Although Linnaeus gives the location as simply in Europa, the type specimen was from Bagnacavallo, Italy (Clancy, Philip Alexander (1948). Bulletin of the British Ornithologists' Club খণ্ড 68: 135. ) Linnaeus's text for the Tree Sparrow translates "F[inch]. With dusky wings and tail, black and grey body paired white wing bars."
  6. 6.00 6.01 6.02 6.03 6.04 6.05 6.06 6.07 6.08 6.09 6.10 Clement, Harris & Davis 1993, পৃষ্ঠা 463–465
  7. Vaurie, Charles; Koelz, W. (1949). "Notes on some Ploceidae from western Asia". American Museum Novitates খণ্ড 1406: 22–26. সাঁচ:Hdl. 
  8. Raju, K.; Krishna, S. R.; Price, Trevor D. (1973). "Tree Sparrow Passer montanus (L.) in the Eastern Ghats". Journal of the Bombay Natural History Society খণ্ড 70 (3): 557–558. 
  9. Rasmussen & Anderton 2005
  10. "An Age entry for Passer montanus". AnAge, the animal ageing and longevity database. http://genomics.senescence.info/species/entry.php?species=Passer_montanus। আহৰণ কৰা হৈছে: 30 January 2009. 
  11. 11.0 11.1 Coward 1930, পৃষ্ঠা 56–58
  12. Robinson & Chasen 1927–1939, Chapter 55 (PDF) 284–285
  13. 13.0 13.1 "Tree sparrow – Passer montanus – Family: Fringillidae/Passeridae". Natural England. Archived from the original on 20 July 2011. http://www.plantpress.com/wildlife/o52-treesparrow.php। আহৰণ কৰা হৈছে: 31 January 2009. 
  14. Costantini, David; Casagrande, Stefania; Di Lieto, Giuseppe; Fanfani, Alberto; Dell’Omo, Giacomo (2005). "Consistent differences in feeding habits between neighbouring breeding kestrels" (PDF). Behaviour খণ্ড 142 (9): 1409–1421. doi:10.1163/156853905774539409. Archived from the original on 10 July 2007. https://web.archive.org/web/20070710091202/http://www.birdcam.it/files/Behaviour2005.pdf। আহৰণ কৰা হৈছে: 20 December 2012. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]