সমললৈ যাওক

কুটুম চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুটুম চৰাই (Watercock)
গুৰহাঁও, হাৰিয়ানাৰ ওচৰৰ বাচাই জলাহ অঞ্চলত এটা মতা কুটুম চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Gruiformes
পৰিয়াল: Rallidae
গণ: Gallicrex
Blyth, 1852
প্ৰজাতি: G. cinerea
বৈজ্ঞানিক নাম
Gallicrex cinerea
(Gmelin, 1789)

কুটুম চৰাই (ইংৰাজী: Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।

পূৰ্ণবয়স্ক মতা কুটুম চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৪৩ চে:মি: আৰু ওজন প্ৰায় ৪৭৬-৬৫০ গ্ৰাম হোৱা দেখা যায়। ইয়াৰ দেহৰ বৰণ ক'লা-মটিয়া আৰু ঠেংদুখন ৰঙা, ঠোঁট ক'লাবৰণীয়া। পোৱালি কুটুম চৰাইৰ ৰং বগা-চানেকীয়া আৰু ঠোঁট হালধীয়া তথা ঠেংদুখন সেউজীয়া। মাইকী কুটুম চৰাইৰ আকাৰ মতাটোতকৈ সৰু। ইয়াৰ দেহ প্ৰায় ৩৬ চে:মি: দীঘল আৰু ২৯৮-৪৩৪ গ্ৰাম ওজনৰ হোৱা দেখা যায়।

অন্ধ্ৰপ্ৰদেশত এটা পোৱালি কুটুম চৰাই

কুটুম চৰায়ে সাধাৰণতে দক্ষিণ এছিয়াভাৰত, পাকিস্তান, শ্ৰীলংকা, চীন, জাপান,ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াত প্ৰজনন কৰে বুলি জনা যায়। ই এই অঞ্চলসমূহৰ স্থানীয় চৰাই আৰু সমগ্ৰ বছৰ তাতে অতিবাহিত কৰে।

কুটুম চৰাই সাধাৰণতে মানুহৰ সমাগমৰ পৰা আঁতৰি থাকে, ইহঁতক কাচিৎহে মুকলি অঞ্চলত দেখা পোৱা যায়। ৰাতিপুৱা আৰু গধূলি সময়ত ইহঁতে ডাঙৰকৈ মতা শুনা যায়।

কুটুম চৰায়ে পোক-পতংগ, সৰু মাছ, গুটি আদি খাই জীয়াই থাকে। ই ঠোঁটেৰে অগভীৰ পানী বা বোকাময় অঞ্চলত খাদ্য বিচাৰি ফুৰে।

ই সাধাৰণতে বিল বা কোনো জলাশয়ৰ পাৰৰ শুকান ঠাইত বাহ সাজে। এবাৰত কুটুম চৰায়ে ৩-৬টাকৈ কণী পাৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2012). "Gallicrex cinerea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002926। আহৰণ কৰা হৈছে: 16 July 2012.