কলীমূৰী হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলীমূৰী হাঁহ
(Eurasian or Common Teal)
মতা কলীমূৰী হাঁহ উৰন্ত অৱস্থাত
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
মহাবৰ্গ: Galloanserae
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Anatinae
গণ: Anas
প্ৰজাতি: A. crecca
বৈজ্ঞানিক নাম
Anas crecca
Linnaeus, 1758
Global range.
Bright green: summer only
Dark green: all year
Blue: winter only
সমাৰ্থক

Anas crecca crecca Linnaeus, 1758
Anas crecca nimia Friedmann, 1948

কলীমূৰী হাঁহ (ইংৰাজী: Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷[2] ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

মতা কলীমূৰী হাঁহৰ ডেউকাৰ বগা বহল দাগ আৰু মূখৰ স্পষ্ট বৰণ

কলীমূৰী হাঁহৰ আকাৰ তেনেই সৰু, দেহৰ দৈৰ্ঘ্য ৩৪-৪৩ ছে: মি: আৰু উজন প্ৰায় ৩৬০ গ্ৰাম হয়৷ ডেউকাৰ দৈৰ্ঘ্য ১৭.৫-২০.৪ ছে: মি:, ঠোঁট ৩.২-৪ ছে:মি: আৰু ঠেং ২.৮-৩.৪ ছে:মি: হোৱা দেখা যায়৷[3][2]

ক'লীমূৰী হাঁহৰ বৰণ ধূসৰ, মূৰ ডাঠ ৰঙৰ আৰু ইয়াৰ পিছফালে হালধীয়া আৰু বগা আঁচ থকা দেখা যায়৷ ইয়াৰ মূৰ আৰু ডিঙি ডাঠ ৰঙা (chestnut) আৰু তাতে চকুৰ পৰা ডিঙিলৈকে এটা সেউজীয়া অৰ্ধচন্দ্ৰাকৃতিৰ দাগ থাকে৷ এই দাগৰ কাষৰ অংশ হালধীয়া-বগা আঁচেৰে ঠোঁটলৈকে বিয়পি থাকে৷ ইয়াৰ বুকু অঞ্চল buff (পাতল হালধীয়া) বৰণৰ আৰু ইয়াত সৰু ঘূৰণীয়া মটীয়া দাগ থকা দেখা যায়৷ এই হাঁহৰ বুকুৰ মাজ অংশ বগা, দেহৰ বাকী অঞ্চল ছাইবৰণৰ৷[3]

প্ৰজনন নোহোৱা সময়ত ইয়াক ঘৰচীয়া হাঁহৰ দৰেই দেখা যায়৷

টেক্সন'মি[সম্পাদনা কৰক]

প্ৰজননৰ সময়ত ক'লীমূৰী হাঁহ

ক'লীমূৰী হাঁহক পোনপ্ৰথমে কেৰ'লাছ লিনিয়াছে তেওঁৰ ১৭৫৮ চনত প্ৰকাশিত চিষ্টেমা নেচুৰী গ্ৰন্থত উল্লেখ কৰিছিল৷[4] ক'নৰাড গেছনাৰ (Conrad Gessner)এ তেওঁৰ 'Historiae animalium' গ্ৰন্থত 'teal' গোটৰ ভিতৰত সৰু আকাৰৰ হাঁহৰ প্ৰজাতি বুলি বৰ্ণনা কৰিছিল৷ [5] অৱশেষত জন ৰে (John Ray) ই ইয়াক "Common Teal" বুলি নামকৰণ কৰে৷ [6] মতা ক'লীমূৰী হাঁহৰ 'ক্ৰিক (cryc) ধৰণৰ মাতৰ প্ৰতি লক্ষ্য ৰাখি লিনিয়াছে ইয়াৰ বৈজ্ঞানিক নাম Anas crecca ৰাখে য'ত Crecca ৰ অৰ্থ হৈছে 'cryc' ধৰণৰ মাত মতা হাঁহ৷

বিতৰণ আৰু বাসস্থান[সম্পাদনা কৰক]

ভাৰতপশ্চিমবংগত শীতকালত চৰা ক'লীমূৰী হাঁহ

ক'লীমূৰী হাঁহে উত্তৰ ইউৰেছিয়াত প্ৰজনন কৰে আৰু দক্ষিণৰ অঞ্চলসমূহত শীতকালটো অতিবাহিত কৰে৷ অৱশ্যে নাতিশীতোষ্ণ মণ্ডলত অৰ্থাৎ ইউৰোপ আদিত ইয়াৰ গ্ৰীষ্ম আৰু শীতকালৰ বিতৰণ ওপৰা-ওপৰি হয়৷[3] শীতকালত ভূমধ্য-সাগৰীয় (Mediterranean) অঞ্চলসমূৰ আশে পাশে উচ্চঘনত্বত দেখা পোৱা যায়৷ ই জাপান, টাইৱান, দক্ষিণ এছিয়া আদিলৈকে শীতকালত পৰিভ্ৰমণ কৰে৷ তাৰোপৰি নীল উপত্যকা, ইৰাণ, কোৰিয়া আদিতো শীতকালত অতিবাহিত কৰে বুলি জনা যায়৷ [3]

Anas crecca

আচৰণ[সম্পাদনা কৰক]

ক'লীমূৰী হাঁহে প্ৰধানকৈ জাক পাতি বাস কৰে৷ প্ৰজননৰ সময়ত ঘাইকৈ ইয়াক ওখ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখিবলৈ পোৱা যায়৷ আনহাতে শীতকালত ই সাগৰীয় পানী থকা জলাশয় সমূ্হত চৰে৷ [3]

প্ৰজনন কালত ক'লীমূৰী হাঁহে প্ৰধানকৈ জলজ অমেৰুদণ্ডী প্ৰাণী যেনে- কেঁকোৰা, পোক-পতংগ, মলাস্কা, কণী আদি খাই জীয়াই থাকে৷ এইসময়ত ই দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ শীতকালত ইহঁতে জলজ উদ্ভিদৰ গুটি, ঘাঁহ আদি খাবলৈ লয়৷ শীতকালত এই হাঁহবিধে গধূলি বা নিশাৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ ই পানীত মূৰ ডুবাই বা পানীৰ তললৈ সাঁতুৰিও খাদ্য বিচাৰে৷ [3]

ক'লীমূৰী হাঁহে পানীৰ কাষৰীয়া মাটি বা জোপোহাৰ আঁৰত বাহ সাজে৷ বাহটো সাজিবলৈ ইহঁতে শুকান গছৰ পাত আৰু গাৰ পাখি ব্যৱহাৰ কৰে৷ মাৰ্চ মাহত ইয়াৰ প্ৰজননকাল আৰম্ভ হয়৷ এবাৰত ৫-১৬ টা কণী পাৰে৷ মাকে ২১-২৩ দিনলৈকে উমনি দি পোৱালি জগায়৷ জন্মাৰ পৰা ২৫-৩০ দিনলৈকে পাখি নগজা পৰ্যন্ত মাকে পোৱালিৰ যত্ন লয়৷ প্ৰথমটো শীতকালৰ পিছত পোৱালিয়ে পূৰ্ণবয়স্কৰ ৰূপ লয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Anas crecca". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/160031027। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 Carboneras, Carles (1992): Family Anatidae (Ducks, Geese and Swans). In: del Hoyo, Josep; Elliott, Andrew & Sargatal, Jordi (eds.): Handbook of Birds of the World (Volume 1: Ostrich to Ducks): 536–629, plates 40–50. Lynx Edicions, Barcelona. ISBN 84-87334-10-5
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Madge, S. & Burn, H. (1987) Wildfowl, an Identification Guide to the Ducks, Geese and Swans of the World. Christopher Helm, London ISBN 0713636475
  4. Linnaeus, Carl (1746): 109. Anas macula alarum viridi: linea alba supra infraque oculos. In: Fauna Svecica Sistens Animalia Sveciæ Regni, etc. (1st ed.): 39–40 [in Latin]. Conrad & Georg Jacob Wishoff, Leiden ("Lugdunum Batavorum").
  5. Aldrovandi, Ulisse (Ulyssis Aldrovandus) (1637): Ornithologia (2nd ed., vol. 3: Tomus tertius ac postremus) [in Latin]. Nicolò Tebaldini, Bologna ("Bononia"). pp. 207–209
  6. Linnaeus (1758): pp. 126–127

বাহ্যিক সংযোগ[সম্পাদনা কৰক]